ETV Bharat / city

নিশা বঢ়মপুৰত নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকৰ প্ৰহাৰত আহত বিজেপি সমৰ্থক

author img

By

Published : Mar 6, 2022, 1:58 PM IST

Pre poll violence in Assam
বঢ়মপুৰত নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকৰ প্ৰহাৰত আহত বিজেপি সমৰ্থক

শনিবাৰে নিশা কামপুৰ পৌৰসভাৰ ৯ নং ৱাৰ্ডত সংঘটিত হৈ যায় প্ৰাক নিৰ্বাচনী হিংসা(Assam Municipal Election 2022) ৷ ৱাৰ্ডটোত নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰে বিজেপি সমৰ্থকক ৷ অৱশ্যে অভিযুক্ত লোকজনক আটক কৰি জিম্মাত লয় আৰক্ষীয়ে ৷

বঢ়মপুৰ, 6 মাৰ্চ : শনিবাৰে নিশা বঢ়মপুৰৰ কামপুৰ পৌৰসভা সমষ্টিত সংঘটিত হৈ যায় এক হিংসাত্মক ঘটনা(Pre poll violence in Nagaon) । কামপুৰ পৌৰসভাৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী সমৰ্থকে বিজেপি সমৰ্থকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হয় । নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় এগৰাকী বিজেপি সমৰ্থক ৷

Pre poll violence in Assam
নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থক

প্ৰাপ্ত তথ্য অনুসৰি কামপুৰ পৌৰসভাৰ অন্তৰ্গত ৯ নং ৱাৰ্ডত বিজেপি সমৰ্থক বিক্ৰম শইকীয়াক চোকা অস্ত্ৰ লৈ আক্ৰমণ কৰে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকে ৷ জানিব পৰা মতে, একে গাঁৱৰে পৰিয়ালৰ লোকৰ ঘৰত ভাত খাবলৈ যোৱাৰ সময়তে নিৰ্দলীয় প্ৰাৰ্থী ৰাম কৃষ্ণ দাসৰ সমৰ্থক দীপমণি বৰাই বিজেপি সমৰ্থকগৰাকীক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে ৷

বিজেপি সমৰ্থক

নিৰ্দলীয় প্ৰাৰ্থী ৰাম কৃষ্ণ দাসৰ সমৰ্থক দীপমণি বৰাৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বিক্ৰম । এই ঘটনা সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ আহত বিক্ৰমক চিকিৎসা বাবে প্ৰেৰণৰ লগতে অভিযুক্ত দীপমণিক আৰক্ষীয়ে আটক কৰা বুলি দানিব পৰা গৈছে ৷

লগতে পঢ়ক : Pre-poll violence in Assam : ৰঙিয়াৰ ৬ নং ৱাৰ্ডত প্ৰাক নিৰ্বাচনী হিংসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.