ETV Bharat / city

আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰাই বাইক লৈ উধাও চোৰ

author img

By

Published : Jul 5, 2022, 6:01 PM IST

মঙলবাৰে দিন-দুপৰতে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা হাফিজুৰ ৰহমান নামৰ এগৰাকী শিক্ষকৰ বাইক চুৰিৰ ঘটনা সংঘটিত হোৱা কাৰ্যই নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Bike stolen from front of Nagaon SP office) । নগাঁৱত আৰক্ষীকো যেন কেৰেপ নকৰা হৈছে অপৰাধীয়ে । আন ঠাই বাদেই খোদ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে চলিছে অপৰাধীৰ দপদপনি ।

Bike stolen from front of Nagaon SP office
Bike stolen from front of Nagaon SP office

নগাঁও, 5 জুলাই : জনসাধাৰণৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীৰে যেন নাইকীয়া হৈছে নিৰাপত্তা । নগাঁৱত দ্ৰুত গতিত বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্যকলাপ (Crime rate increased in Nagaon)। দিন-দুপৰতে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰাই চুৰি হ'ল বাইক । নগাঁৱত আৰক্ষীকো যেন কেৰেপ নকৰা হৈছে অপৰাধীয়ে । আন ঠাই বাদেই খোদ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে চলিছে অপৰাধীৰ দপদপনি ।

মঙলবাৰে দিন-দুপৰতে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা হাফিজুৰ ৰহমান নামৰ এগৰাকী শিক্ষকৰ বাইক চুৰিৰ ঘটনা সংঘটিত হোৱা কাৰ্যই নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Bike stolen from front of Nagaon SP office)। জিলা কোষাগাৰলৈ বিভাগীয় কামৰ বাবে যোৱা হাফিজুৰে নিজৰ চুপাৰ স্প্লেণ্ডাৰ বাইকখন দিনৰ ১২ বজাত এছ.পি অফিচৰ সন্মুখত থৈ গৈছিল । কিন্তু আধাঘণ্টাৰ পিছত ঘূৰি আহি নিজৰ বাইকখন বিচাৰি নাপায় চিঞৰ-বাখৰ কৰে শিক্ষক গৰাকীয়ে ।

আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰাই বাইক লৈ উধাও চোৰ

আনহাতে, কাৰ্যালয়ৰ সন্মুখত নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো অপৰাধীয়ে বাইক লৈ উধাও হোৱা কাৰ্যই নগাঁও আৰক্ষীৰ প্ৰকৃত স্বৰূপটো পুনৰ উদঙাই দেখুৱালে (Bike theft in Nagaon town)।

উল্লেখযোগ্য যে, বিগত এটা মাহত ৪ জনকৈ আৰক্ষীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত শাস্তিমূলক ব্যৱস্থা ল'বলৈ বাধ্য হোৱা নগাঁও আৰক্ষীৰ পঁয়ালগা অৱস্থাই যেন উৎসাহিত কৰিছে অপৰাধীক । সেয়ে জিলাখনত দ্ৰুতগতিত আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটিছে । এসময়ত অসম আৰক্ষীৰ বাবে হিৰ’ হৈ পৰা নগাঁও আৰক্ষীৰ এই দুৰৱস্থা দূৰীকৰণৰ বাবে অসম আৰক্ষীৰ উচ্চস্তৰীয় মহল অথবা অসম চৰকাৰৰ গৃহবিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক : ধন দাবী কৰা আৰক্ষী কনিষ্টবল ৰেব লস্কৰক ৰিজাৰ্ভ ক্ল'জ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.