ৰাজ্য চৰকাৰে ক্ৰয় কৰিব নেকি কাগজ কল দুটা !

author img

By

Published : Nov 19, 2021, 5:07 PM IST

Will Assam govt to purchase Hindustan Paper assets

কাগজ কল দুটা নিলামৰ বাবে চৰকাৰে দুবাৰকৈ বিজ্ঞাপন জাৰি কৰিছিল যদিও মৃত্যু হোৱা কাগজ কল দুটা ক্ৰয় কৰিবলৈ দেশৰ কোনো বিনিয়োগকাৰী আগুৱাই নাহিল । যাৰবাবে চৰকাৰে কাগজ কল দুটা নিজেই কিনি লোৱাৰ কথা চিন্তা চৰ্চা কৰিছে ৷

গুৱাহাটী, ১৯ নৱেম্বৰ : দুবাৰকৈ নিলাম কৰিব খুজিও কোনো কিনোতা বিচাৰি নোপোৱাৰ পিছত কাছাৰ আৰু নগাঁও কাগজ কল দুটা নিজেই কিনি লোৱাৰ কথা চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে । অৱশ্যে এই সম্পৰ্কে এতিয়াও কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত হোৱা নাই যদিও প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইয়াকে লৈ দিল্লী আৰু দিছপুৰৰ মাজত কথা বতৰাও চলিছে ।

ৰাজ্য চৰকাৰে ক্ৰয় কৰিব নেকি কাগজ কল দুটা !
ৰাজ্য চৰকাৰে ক্ৰয় কৰিব নেকি কাগজ কল দুটা !

ৰাজ্যৰ উদ্যোগ বিভাগৰে কৰ্তৃত্বশীল এক শীৰ্ষ সূত্ৰই শুকুৰবাৰে ই টিভি ভাৰতৰ আগত এই তথ্য সদৰী কৰে । বিভাগীয় সূত্ৰটোৱে লগতে স্পষ্ট কৰি দিয়ে যে, ৰাজ্য চৰকাৰে কল দুটা কিনিব খুজিলেও কল দুটা কিন্তু পুনৰ কাৰ্যক্ষম কৰি তোলা নহ’ব । তাৰপৰিবৰ্তে সেই স্থানত অন্য উদ্যোগহে স্থাপন কৰা হ’ব । ইতিমধ্যে এই সমস্ত বিষয়টো আগবঢ়াই নিবলৈ অসম ঔদ্যোগিক উন্নয়ন নিগম(AIDC)ক চৰকাৰে দায়িত্ব অৰ্পণ কৰিছে ।

Will Assam govt to purchase Hindustan Paper assets
কাছাৰ কাগজ কল

সকলো যদি ঠিকে-ঠাকে আগবাঢ়ে তেন্তে অনাগত যিকোনো এখন কেবিনেট বৈঠকত এই সিদ্ধান্তৰ আনুষ্ঠানিক ৰূপ দিয়া হ’ব । মনকৰিবলগীয়া যে, কাগজ কল দুটা নিলামৰ বাবে সৰ্বনিম্ন ১,১৩৯ কোটি টকা ধাৰ্য কৰি বিজ্ঞাপন জাৰি কৰা হৈছিল । কিন্তু সেই নিলামত কোনেও ভাগ নললে । অৰ্থাৎ মৃত্যু হোৱা কাগজ কল দুটা ক্ৰয় কৰিবলৈ দেশৰ কোনো বিনিয়োগকাৰী আগুৱাই নাহিল । ইয়াৰ পিছত সৰ্বনিম্ন মূল্য হ্ৰাস কৰা হ'ল । নতুন বিজ্ঞাপন প্ৰকাশ কৰা হ'ল যে কল দুটাৰ সৰ্বনিম্ন নিলাম মূল্য হ’ব ৯৬০ কোটি টকা । কিন্তু সেইবাৰো কোনো কিনোতা নোলাল ।

Will Assam govt to purchase Hindustan Paper assets
নগাঁও কাগজ কল

বিজ্ঞাপন বিজ্ঞাপন হৈয়েই থাকিল ।পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে কাগজ কল দুটাৰ কৰ্মচাৰীৰ দৰমহাৰ বাবে ৫৬০ কোটি টকাৰ এক পেকেজো ঘোষণা কৰে । কিন্তু এতিয়া এই দুয়োটা সম্পত্তিয়েই ৰাজ্য চৰকাৰে নিজে কিনি লৈ সেই স্থানত অন্য উদ্যোগ স্থাপনৰ বাবে চিন্তা চৰ্চা আৰম্ভ কৰিছে ।

লগতে পঢ়ক : কাগজ কলৰ কৰ্মচাৰীৰ কথা ৰাজ্য চৰকাৰে নভবা নহয়: মন্ত্ৰী পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.