কাগজ কলৰ কৰ্মচাৰীৰ কথা ৰাজ্য চৰকাৰে নভবা নহয়: মন্ত্ৰী পীযুষ হাজৰীকা

author img

By

Published : Sep 4, 2021, 9:36 PM IST

minister pizush hazarika confirms governments willingness to support paper mill employees
কাগজ কলৰ কৰ্মচাৰীৰ কথা ৰাজ্য চৰকাৰে নভবা নহয়: মন্ত্ৰী পীযুষ হাজৰীকা ()

কাগজ কলৰ কৰ্মচাৰীৰ কথা চিন্তা কৰিছে চৰকাৰে, এই মন্তব্য পীযুষ হাজৰিকাৰ ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিগত ১১০ দিনীয়া কাৰ্যকালত চাৰিবাৰকৈ কাগজ কলৰ কৰ্মচাৰী সন্থাৰ সৈতে আলোচনা কৰিছে । চৰকাৰে চুক্তি কৰি কৰ্মচাৰী সকলক পাবলগা ধন দিবলৈ সাজু আছে বুলিও মন্তব্য কৰে মন্ত্রী পীযুষ হাজৰিকাই ।

গুৱাহাটী, ৪ ছেপ্তেম্বৰ: ৰাজ্যৰ দুটাকৈ কাগজ কলৰ কৰ্মচাৰীসকলক ১৫ দিনৰ ভিতৰত আৱাস সমূহ খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে লিকুইডেটৰ কুলদীপ বাৰ্মাই । যাক লৈ কাগজ কল দুটাৰ কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কাগজ কল দুটাৰ এই পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্রী পীযুষ হাজৰিকাই ।

শনিবাৰে সাংবাদ মাধ্যমৰ আগত মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰিকাই কয়, কাগজ কলৰ কৰ্মচাৰীসকলৰ বিষয়ে অসম চৰকাৰে ইতিমধ্যেই চিন্তা কৰিছে ৷ ইয়াৰ লগতে নিৰ্দিষ্ট নীতি অনুসৰি দৰমহা তথা আন সাহায্য দিবলৈ সাজু আছে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিগত ১১০ দিনীয়া কাৰ্যকালত চাৰিবাৰকৈ কাগজ কলৰ কৰ্মচাৰী সন্থাৰ সৈতে আলোচনা কৰিছে ।

তেওঁ লগতে কয় যে, চৰকাৰে চুক্তি কৰি কৰ্মচাৰী সকলক পাবলগা ধন দিবলৈ সাজু আছে । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে ৫৩০ কোটি টকাৰ পৰা ৬০০ কোটি টকা পৰ্যন্ত চুক্তি অনুসৰি এসপ্তাহৰ ভিতৰতে দিবলৈ সাজু আছে । কৰ্মচাৰীসকলে চৰকাৰৰ সাহাৰ্য লাভ কৰাৰ বিপৰীতে কাগজ কলৰ মাটি চৰকাৰক গতাব লাগিব । কিন্তু এইক্ষেত্রত তেওঁলোক আগবাঢ়ি অহা নাই বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰোপৰি তেওঁ কয় যে, বয়স আৰু প্ৰয়োজনীয় অৰ্হতা থকা কাগজ কলৰ ১০০ জন লোকক ৰাজ্য চৰকাৰৰ অন্যান্য বিভাগত চাকৰি প্ৰদান কৰা হ’ব । আনহাতে, বৰ্তমান কাগজ কলত থকা প্ৰযুক্তিৰে কাগজ কল দুটাক কাৰ্যক্ষম কৰিব পৰা নাযাব বুলিও তেওঁ অৱগত কৰে । ৰাজ্য চৰকাৰৰ হাতলৈ মাটিখিনি অহাৰ পাছত চৰকাৰে কাগজ কলেই হওক বা আন উদ্যোগেই হওক সেয়া গঢ়ি তোলাৰ ব্যৱস্থা কৰিব ।

লগতে পঢ়ক : অৱশেষত স্বাক্ষৰিত হ’ল Karbi Peace Accord

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.