অৱশেষত স্বাক্ষৰিত হ’ল Karbi Peace Accord

author img

By

Published : Sep 4, 2021, 7:50 PM IST

Karbi Peace Accord signed

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ (KAAC) অঞ্চলৰ ভিতৰত সক্ৰিয় ছয়টা বিদ্ৰোহী গোটৰ সৈতে শনিবাৰে বিয়লি নতুন দিল্লীত স্বাক্ষৰ কৰা হ’ল কাৰ্বি শান্তি চুক্তি ৷ জানো আহক এই চুক্তিৰ সবিশেষ ৷

নিউজ ডেস্ক, 4 ছেপ্টেম্বৰ : দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি সংগঠনৰ প্ৰতিনিধিসকলৰ উপস্থিতিত চৰকাৰে শনিবাৰে ত্ৰিপাক্ষিক কাৰ্বি শান্তি চুক্তি স্বাক্ষৰ কৰে । " ঐতিহাসিক কাৰ্বি আংলং চুক্তি স্বাক্ষৰ । মোডী চৰকাৰ দশকপুৰণি সংকট সমাধান, অসমৰ আঞ্চলিক অখণ্ডতা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ," গৃহমন্ত্ৰী অমিত শ্বাহে কয় ।

উল্লেখযোগ্য যে, এই চুক্তিয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ কিয়নো কাৰ্বি সকল অসমৰ এক অন্যতম মুখ্য জনজাতি ৷ 1980 ৰ দশকৰ শেষৰ ফালৰ পৰা উগ্ৰপন্থী সংগঠনৰ দ্বাৰা হোৱা হত্যা, গোষ্ঠীগত সংঘৰ্ষ আৰু অপহৰণৰ কাৰ্বি আংলঙত এক দীঘলীয়া ইতিহাস আছে । চুক্তি স্বাক্ষৰৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, কাৰ্বি আংলং চুক্তি স্বাক্ষৰ কৰাটো অসমৰ বাবে এক ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈছে ৷ নতুন চুক্তি অনুসৰি, পাহাৰীয়া জনজাতিৰ লোকসকল ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত সংৰক্ষণৰ অধিকাৰী ৷

অৱশেষত স্বাক্ষৰিত হ’ল Karbi Peace Accord

ঐতিহাসিক এই কাৰ্বি আংলং চুক্তি স্বাক্ষৰিত হোৱাক প্ৰশংসা কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "মই মোদী চৰকাৰক ধন্যবাদ জনাব বিচাৰো যি অসমৰ আঞ্চলিক অখণ্ডতা নিশ্চিত কৰি দশক পুৰণি সংকট সমাধানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।" ইয়াৰোপৰি তেওঁ অসমৰ মুখ্যমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰে ৷

উল্লেখযোগ্য যে, কাৰ্বি পিপলছ লিবাৰেচন টাইগাৰ (KPLT) আৰু ইউনাইটেড পিপলছ লিবাৰেচন আৰ্মী (UPLA)ৰ তিনিটা গোট - কাৰ্বি লংৰি এন চি হিলছ লিবাৰেচন ফ্ৰণ্ট (KLNLF), পিপলছ ডেমক্ৰেটিক কাউন্সিল অফ কাৰ্বি লংৰি (PDCK) এই ছয়টা সংগঠনৰ প্ৰতিনিধি সকলে শুকুৰবাৰেই এই চুক্তিৰ বাবে নতুন দিল্লীত উপস্থিত হৈছিল৷ চৰকাৰী সূত্ৰ অনুসৰি, বিদ্ৰোহী গোটবোৰৰ কিছু দাবী হৈছে কেএএচিলৈ পোনপটীয়াকৈ স্থানান্তৰ, এছটি(ST) সকলৰ বাবে আসন সংৰক্ষণ, পৰিষদলৈ অধিক ক্ষমতা, অষ্টম অনুসূচীত কাৰ্বি ভাষা অন্তৰ্ভুক্ত কৰা আৰু অধিক সাংসদ/বিধায়কৰ আসন তথা 1,500 কোটিৰ বিত্তীয় পেকেজ ধাৰ্য কৰা ।

লগতে পঢ়ক : Drug mafia saga: ৰাজ্যত ড্ৰাগছ মাফিয়াৰ ৰূপত মহিলাৰ আত্মপ্ৰকাশ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.