ETV Bharat / city

1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jun 7, 2022, 12:58 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি

top 10
1 বজাৰ শীৰ্ষ দহটা বাতৰি

HSLC Exam results 2022 : সপ্তম স্থান লাভ কৰা শিৱসাগৰৰ প্ৰিয়ানুজৰ সপোন কি ?

শিৱসাগৰ জিলাৰ নিউ লুক একাডেমীত আনন্দমুখৰ পৰিৱেশ । বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত ৭ম স্থান লাভ কৰিবলৈ সক্ষম হৈছে এগৰাকী ছাত্ৰই । শীৰ্ষ দহটা স্থানত বিদ্যালয়ৰখনৰ প্ৰিয়ানুজ বৰদলৈয়ে স্থান লাভ কৰাৰ লগে লগে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয়খনত (Priyanuj Bordoloi secure fifth rank in HSLC Exam)।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা : উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ

ছেবাই আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মুঠ ৫৬.৪৯ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে । আনহাতে হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণৰ হাৰ হৈছে ৫৪.৭৩ শতাংশ । বিগত বৰ্ষসমূহৰ তুলনাত এইবাৰৰ মেট্ৰিকৰ ফলাফল যথেষ্ট বেয়া ।

HSLC result 2022 : শীৰ্ষ দহটা স্থান দখল 55 গৰাকী শিক্ষাৰ্থীৰ

ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল (Assam HSLC Exam Results 2022)৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান আৰু দ্বিতীয় স্থান লাভ কৰিছে ক্ৰমে লখিমপুৰৰ ৰক্তোৎপল শইকীয়া আৰু নলবাৰীৰ ভূয়সী মেধিয়ে ৷ একেদৰে তৃতীয় স্থানত আছে 3 জন, চতুৰ্থ স্থানত আছে 4 জন, পঞ্চম স্থানত আছে 4 জন, ষষ্ঠ স্থানত আছে 2 জন, সপ্তম স্থানত আছে 6 জন, অষ্টম স্থানত আছে 6 জন, নৱম স্থানত আছে 10 জন আৰু দশম স্থান লাভ কৰিছে 15 জন শিক্ষাৰ্থীয়ে ৷

HSLC Exam 2022: শীর্ষ স্থানত উজলিল লখিমপুৰৰ ৰক্তোৎপল শইকীয়া

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীর্ষ স্থান দখলৰ ধাৰাবাহিকতা অব্যাহত আছে লখিমপুৰ জিলাত ৷ পূৰ্বৰ দৰে এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হ’ল লখিমপুৰৰ ছাত্ৰই ৷ ৰাজ্যৰ ভিতৰতে শীর্ষ স্থান লাভ কৰে লখিমপুৰৰ ৬ নং ৱাৰ্ড নিবাসী দীপ শইকীয়া আৰু অৰুন্ধতী শইকীয়াৰ পুত্ৰ তথা চেইন্ট মেৰিজ স্কুলৰ ছাত্ৰ ৰক্তোৎপল শইকীয়া (Raktotpal Saikia secure 1st rank in HSLC Exam)।

হাই মাদ্ৰাছাত পৰীক্ষাত শীৰ্ষ স্থানত উজলিল তেজপুৰৰ মোছাফিৰ আল্ হাছান

ঘোষণা হ’ল হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল (AHM exam Results 2022) ৷ হাইমাদ্ৰাছা পৰীক্ষাত এইবাৰ উজলিল তেজপুৰ হাই মাদ্ৰাছা আল কাছাৰ মডেল একাডেমীৰ ছাত্ৰ মোছাফিৰ আল্ হাছান ৷ 556 নম্বৰ পাই হাইমাদ্ৰাছা পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ মোছাফিৰ আল্ হাছানে (Mosafir Al Hasan secure first rank in AHM exam) ।

HSLC Exam 2022 : দ্বিতীয় স্থানত উজলিল নলবাৰী ভূয়সী মেধি

আজি ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC Exam 2022 ) ফলাফল ৷ এই পৰীক্ষাত প্ৰথম দহটা স্থানৰ ভিতৰত দ্বিতীয় স্থান দখল কৰে নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ ভূয়সী মেধিয়ে (Bhuyashi Medhi secure 2nd rank in hslc exam 2022)।

HSLC পৰীক্ষাত পঞ্চম স্থান লাভ কৰা জুবেৰ হুছেইনৰ মনৰ কথা

আজি ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC Exam Results 2022)। ফলাফল ঘোষণা হোৱাৰ লগে লগে বৰপেটাত আনন্দমুখৰ পৰিৱেশ । কিয়নো ৫৯৩ নম্বৰ লাভ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ ৫ম স্থান লাভ কৰিবলৈ সক্ষম হৈছে পালহাজীৰ জুবেৰ হুছেইনে (Jubaer Hussain ranked top 5th in HSLC)৷ পালহাজীৰ ৰেইনব' মডেল একাডেমীৰ ছাত্ৰ জুবেৰ হুছেইন ।

HSLC Exam Results 2022 : পঞ্চম স্থানত দখলেৰে টীয়কত উজ্জলিল চেহনাজ অঞ্জুম য়াছমিন

ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC Exam Results 2022) ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পঞ্চম স্থানেৰে টীয়কৰ নাম উজলালে চেহনাজ অঞ্জুম য়াছমিনে (Shanaj Anjum Yasmin secure fifth rank in HSLC Exam)। হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থান লাভ কৰা চেহনাজ অঞ্জুম য়াছমিন টীয়ক বেন গাৰ্ডেন হাইস্কুলৰ ছাত্ৰী ।

HSLC Exam Results 2022: অষ্টম স্থানত উজলিল নগাঁও খ্ৰীষ্ট জ্যোতি হাইস্কুলৰ উদেষ্ণা বৰদলৈ

নগাঁৱৰ খ্ৰীষ্ট জ্যোতি হাইস্কুলত উৎসৱ মুখৰ পৰিৱেশ ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও খ্ৰীষ্ট জ্যোতি হাইস্কুলৰ পৰা ৫৯০ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে উদেষ্ণা বৰদলৈয়ে (Udesana Bardaloi secure eight rank in HSLC Exam) ৷

পাছিঘাটত ভয়ংকৰ ভূমিস্খলন : মাটিত পোত গ’ল শতাধিক বাহন

ডিমা হাছাওক তচনচ কৰাৰ পিছতে এইবাৰ প্ৰকৃতিয়ে নিষ্ঠুৰ ৰূপ ল’লে অৰুণাচলৰ পাছিঘাটত ৷ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে পাছিঘাটত (Massive landslide in Pasighat) ৷ সোমবাৰে পাছিঘাট আৰু পংগিং সংযোগী ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন হৈ শতাধিক বাহন পোত যায় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.