ETV Bharat / city

তেজ দিম মাটি নিদিওঁ : চৰকাৰক শিলসাঁকোৰ উচ্ছেদিত ভূমিপুত্ৰৰ হুংকাৰ

author img

By

Published : May 20, 2022, 9:50 PM IST

শিল সাঁকোৰ উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী (Protest by evicted people of Shilsanko) ৷ শিলসাঁকোৰ উচ্ছেদিত ভূমিপুত্ৰ সকলক পুনৰ সংস্থাপন, উচ্ছেদ বন্ধ কৰা ইত্যাদি বিভিন্ন দাবী লৈ শুকুৰবাৰে সদৌ বড়ো ছাত্ৰ সন্থা,সদৌ অসম ট্ৰাইবেল সংঘৰ অৱস্থান ধৰ্মঘট।

‘তেজ দিম মাটি নিদিওঁ’ চৰকাৰলৈ শেষ সকিয়নী শিলসাঁকোৰ উচ্ছেদিত ভূমিপুত্ৰৰ
‘তেজ দিম মাটি নিদিওঁ’ চৰকাৰলৈ শেষ সকিয়নী শিলসাঁকোৰ উচ্ছেদিত ভূমিপুত্ৰৰ

গুৱাহাটী, 20 মে’: শিলসাঁকোৰ ভূমিত দীর্ঘদিন ধৰি বসবাস কৰা অসমৰ খিলঞ্জীয়া লোকৰ ওপৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনে চলোৱা উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে ভিন্ন দল-সংগঠনে । শুকুৰবাৰে শিলসাঁকোৰ উচ্ছেদিত ভূমিপুত্ৰ সকলক পুনৰ সংস্থাপন, উচ্ছেদ বন্ধ কৰা, উপযুক্ত ক্ষতিপূৰণ দিয়া আদিকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত শুকুৰবাৰে সদৌ বড়ো ছাত্ৰ সন্থা ,সদৌ অসম ট্ৰাইবেল সংঘ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদ (Shilsanko's evicted people protest against government ) ৷

‘তেজ দিম মাটি নিদিওঁ’ চৰকাৰলৈ শেষ সকিয়নী শিলসাঁকোৰ উচ্ছেদিত ভূমিপুত্ৰৰ

উচ্ছেদিতসকলক লগত লৈ চচলস্থিত শিলসাঁকোৰ উচ্ছেদিত স্থানত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংগঠন কেইটাই। দিনৰ 11.30 বজাৰ পৰা ডেৰ বজালৈ শিল সাঁকোৰ উচ্ছেদৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্লো গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি জনজাতীয় সংগঠন কেইটাৰ নেতা-কৰ্মী সকলে চৰকাৰে অসমৰ ভূমি পুত্ৰ সকলক অন্যায়ভাৱে ‘‘উচ্ছেদ কৰা বন্ধ কৰক,আমাক ন্যায় লাগে,তেজ দিম মাটি নিদিওঁ,আমাৰ মাটি আমাৰ অধিকাৰ,চৰকাৰে আমাৰ মাটি উভতাই দিয়ক’’ আদি শ্ল’গান দি অসমৰ ভূমিপুত্ৰসকলক উচ্ছেদ কৰা কাৰ্য্য সহ্য কৰা নহ’ব বুলি চৰকাৰক সকীয়াই দিয়ে ।

এই প্ৰতিবাদী কাৰ্য্যসূচীত সদৌ বড়ো ছাত্ৰ সন্থা,সদৌ অসম ট্ৰাইবেল সংঘ, টাকাম মিছিং পৰিন কেবাং চমুকৈ টি এম পি কে,মিছিং মিমাক কেবাং চমূকৈ এম এম কে আৰু সদৌ অসম ট্ৰাইবেল ইউথ লিগু চমুকৈ এ এ টি বাই এল সংগঠনৰ মহানগৰ সমিতিৰ নেতৃবৃন্দ উপস্থিত থাকে ।

লগতে পঢ়ক : আলফা(স্বা)ৰ সমৰ্থনত মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল শিৱসাগৰৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.