ETV Bharat / state

আলফা(স্বা)ৰ সমৰ্থনত মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল শিৱসাগৰৰ যুৱক

author img

By

Published : May 20, 2022, 6:59 PM IST

আলফা(স্বা)ক সমৰ্থন কৰি ৰঙাঘৰৰ আলহি হ’ল শিৱসাগৰৰ যুৱক ৷ যুৱকজনে নিষিদ্ধ সংগঠনটোৰ সমৰ্থনত সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল মন্তব্য (Facebook post on ULFA I)৷

Facebook post on ULFA I
আলফা(স্বা)ৰ সমৰ্থনত মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল শিৱসাগৰৰ যুৱক

শিৱসাগৰ, 20 মে’: আলফা(স্বা)ৰ সমৰ্থনত মন্তব্য প্ৰকাশ কৰি গ্ৰেপ্তাৰ হ’ল শিৱসাগৰৰ এজন যুৱক ৷ নিষিদ্ধ ঘোষিত সংগঠনটোৰ সমৰ্থনত সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰাৰ পাছতে গ্ৰেপ্তাৰ কৰে শিৱসাগৰৰ বেতবাৰীৰ লোকপ্ৰিয় বৰুৱা ওৰফে বিজু বৰুৱা নামৰ যুৱকজনক ৷

শিৱসাগৰ জিলা আৰক্ষীয়ে আলফাৰ সমৰ্থক হোৱাৰ সন্দেহত তথা আলফাৰ হৈ সামাজিক মাধ্যমত প্ৰচাৰ চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে বৰুৱাক (Facebook post on ULFA I)। শিৱসাগৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ চাইবাৰ ড’মে বিগত বহু দিন ধৰি পৰ্যৱেক্ষণত ৰাখিছিল বিজু বৰুৱাৰ কাৰ্যকলাপ । আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি বিজুক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে৷

গ্ৰেপ্তাৰৰ পাছতে জেৰাৰ অন্ততঃ আদালতত হাজিৰ কৰে যুৱকজনক (Sivasagar police arrests youth for supporting ULFA I)। শুকুৰবাৰে আদালতে লোকপ্ৰিয় বৰুৱা ওৰফে বিজু বৰুৱাক জেল হাজোতলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: নীল-অভি হত্যাকাণ্ড: এটা মাহত চাৰিবাৰকৈ শুনানি গ্ৰহণ কৰিব নগাঁও আদালতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.