ETV Bharat / city

পুনৰ দুদিনৰ আৰক্ষীৰ জিম্মাত শ্বেৰমান আলী

author img

By

Published : Oct 5, 2021, 5:15 PM IST

Updated : Oct 5, 2021, 5:54 PM IST

Sherman Ali
শ্বেৰমান আলী

17:09 October 05

বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদক পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে ৷ CJM আদালতে পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে বিধায়ক গৰাকীক ৷ শ্বেৰমান আলীক পাঁচ দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে ৷

গুৱাহাটী, 5 অক্টোবৰ :  পুনৰ দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ শ্বেৰমান আলীক ৷ পানবজাৰ আৰক্ষীয়ে ৫ দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও দুদিনৰ জিম্মাতহে প্ৰেৰণ কৰে CJM আদালতে । শ্বহীদৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা সন্দৰ্ভত পানবজাৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিতেই যোৱা শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল শ্বেৰমান আলী আহমেদক ।

উল্লেখ্য যে কিছুদিন পূৰ্বে অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল শ্বেৰমান আলী আহমেদে । তাৰ পিছতেই জাঙুৰ খাই উঠিছিল বিভিন্ন দল-সংগঠন । শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিয়া শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত গোচৰ ৰুজু হৈছিল । পানবজাৰ আৰক্ষী থানাত উত্থাপন হোৱা গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰা হৈছিল শ্বেৰমান আলী আহমেদক ।

গ্ৰেপ্তাৰৰ পিছতেই শ্বেৰমান আলী আহমেদক ২ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল । মঙলবাৰে পুনৰ আদালতত হাজিৰ কৰোৱাৰ পিছত ২ দিনৰ অতিৰিক্ত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে । ইতিমধ্যে কংগ্ৰেছ দলৰ পৰাও নিলম্বন কৰা হৈছে বিধায়ক শ্বেৰমান আলী আহমেদক ।

লগতে পঢ়ক : বৰ্ষাপাৰাত দিন দুপৰতে গুলী চালনা; আহত এজন

Last Updated :Oct 5, 2021, 5:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.