ETV Bharat / city

হঠাৎ আলফামুখী কিয় এচাম যুৱক-যুৱতী !

author img

By

Published : May 28, 2022, 8:25 PM IST

পৰেশ বৰুৱাৰ নতুন সদস্য ভৰ্তি অভিযানক লৈ উদ্বিগ্ন ৰাজ্যৰ সচেতন মহল । শেহতীয়‍াকৈ ৰাজ্যৰ শ-শ যুৱক-যুৱতী জংঘলমুখী হৈছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সময়ে সময়ে মাত মাতি অহা মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াই ।

হঠাৎ আলফামুখী কিয় এচাম যুৱক-যুৱতী !
হঠাৎ আলফামুখী কিয় এচাম যুৱক-যুৱতী !

গুৱাহাটী, 28 মে': ৰাজ্যৰ শ-শ যুৱক-যুৱতী আলফা (স্বাধীন)ত যোগদান কৰা ঘটনাই উদ্বিগ্ন কৰি তুলিছে ৰাজ্যবাসীক । পুনৰ অসম অশান্ত হৈ পৰাৰ আশংকা ব্যক্ত কৰা হৈছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আলফা (স্বাধীন) আৰু চৰকাৰৰ মাজত শান্তি আলোচনাৰ বাবে বিশেষ তৎপৰতা অৱলম্বন কৰাৰ সময়তে লক্ষণীয়ভাৱে আলফাত যোগদানৰ জোৱাৰ উঠিছে ।

পৰেশ বৰুৱাৰ এনে নতুন সদস্য ভৰ্তি অভিযানে দিছপুৰৰ লগতে নতুন দিল্লী তথা নৰ্থ-ব্লককো চিন্তিত আৰু উদ্বিগ্ন কৰি তুলিছে । যাৰ বাবে কিছুদিনৰ পৰা সক্ৰিয় হৈ আছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহো । ভাৰত চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰিছে ঘটনাৰ ৰহস্য ভেদ কৰাৰ উপৰি এনে আলফামুখী প্ৰৱণতাক বাধা দিবলৈ আৰু তাৰ বাবেই নামি পৰিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহ ।

হঠাৎ আলফামুখী কিয় এচাম যুৱক-যুৱতী !

লক্ষ্যনীয়ভাৱে জন্মলগ্নৰে পৰা আলফাৰ মূল আশ্ৰয়, অনুশীলন আৰু শক্তি আহৰণৰ থলী আছিল ম্যানমাৰ আৰু বাংলাদেশ । কিন্তু বাংলাদেশত ৰাজনৈতিক পট পৰিবৰ্তনৰ লগে লগে সেই দেশখনৰ পৰা আলফা উৎখাত হ’বলগীয়া হয় । গণতন্ত্ৰ প্ৰতিষ্ঠাৰ পিছত ম্যানমাৰৰ পৰিস্থিতিও আলফাৰ বাবে হৈ পৰে যথেষ্ট প্ৰতিকূল । যাৰ পৰিণতিত সংগঠনটোৰ বহুসংখ্যক নেতাকৰ্মীয়ে আত্মসমৰ্পণ কৰিব লগীয়া হয় ।

বন্ধ হৈ পৰে আলফাৰ সদস্য ভৰ্তি অভিযান । পিছে সমগ্ৰ পৰিস্থিতিৰ পৰিবৰ্তন ঘটে যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহৰ আগভাগতে ম্যানমাৰত সামৰিক অভ্যুত্থান ঘটাৰ লগে লগে । সেই দেশৰ মিলিটাৰী জুণ্টাই পূৰ্বোত্তৰৰ উগ্ৰপন্থী সংগঠনসমূহৰ বাবে আকৌ মুকলি কৰি দিয়ে নিজ দেশৰ ভূ-খণ্ড । ম্যানমাৰৰ মিলিটাৰীৰ আসৈ পোৱা ভাৰতৰ মণিপুৰী উগ্ৰপন্থীয়ে সেই দেশৰ শক্তি সঞ্চয় কৰি সক্ষম হৈ উঠে ভাৰতৰ মাটিতেই ভাৰতীয় সেনা বিষয়াক হত্যা কৰিবলৈ । অথচ এই ঘটনাত কোনো শক্তিশালী আৰু নিৰ্ণায়ক প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে মোদী চৰকাৰে ।

লগতে পঢ়ক: অসমত বাংলাদেশৰ জেহাদী দলৰ আত্মগোপনঃ 7 ৰাজ্যত সতৰ্কতা জাৰি কেন্দ্ৰৰ

মোদী চকাৰৰ এনে দুৰ্বলতা প্ৰত্যক্ষ কৰাৰ পিছতেই জুণ্টাই আলফাকে আদি কৰি পূৰ্বোত্তৰৰ অন্যান্য সংগঠনসমূহৰ বাবেও নিজ দেশৰ দুৱাৰ মুকলি কৰি দিয়ে আৰু এনে সুযোগৰ সদব্যৱহাৰ কৰি সাংগঠনিক পুনঃগঠনত ব্যস্ত হৈ উঠে আলফা (স্বাধীন) আৰু সংশ্লিষ্ট অন্য সংগঠনসমূহ । কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহ প্ৰাৰম্ভিক তথ্য অনুসৰি অসমৰ পৰা যুৱক-যুৱতীৰ শেহতীয়া আলফামুখী সোঁত পৰেশ বৰুৱাৰ এই সাংগঠনিক পুনঃগঠন প্ৰক্ৰিয়াৰে প্ৰতিফলন ।

অৱশ্যে তাৰ লগত অৱধাৰিতভাবে জড়িত হৈ আছে চীনৰ ধন । অসমীয়া মধ্যবিত্ত পৰিয়ালৰ যুবক-যুৱতীৰ বাবে আলফা এতিয়া এক ড্ৰীম ডেষ্টিনেশ্যন আৰু পৰেশ বৰুৱা সপোনৰ নায়ক । এনে স্বপ্নসন্ধানী যুবক-যুৱতীসকল প্ৰতিমুহূৰ্ততে সাজু হৈ থাকে আলফালৈ গমন কৰাৰ বাবে । প্ৰয়োজন হয় মাথোন উপযুক্ত সুযোগ আৰু সময়ৰ ।

বিগত কিছু দিনৰ ভিতৰতে ম্যানমাৰৰ পৰিবেশে তেনে সুযোগৰ সৃষ্টি কৰিছে আৰু বাকীসকলে সেই সুযোগৰ সদব্যৱহাৰ কৰিছে । ইফালে আলফা (স্বাধীন)ৰ প্ৰতি আকৰ্ষিত হৈ ৰাজ্যৰ শ-শ যুৱক-যুৱতী জংঘলমুখী হোৱাত উদ্বিগ্ন হৈ পৰিছে সচেতন মহল । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সময়ে সময়ে মাত মাতি অহা মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াই ।

লগতে পঢ়ক: মন্ত্রী সঞ্জয় কিষাণলৈ মুখ্যমন্ত্রীৰ কাৰণ দৰ্শোৱাৰ জাননী

ই টিভি ভাৰতৰে হোৱা সাক্ষাতকাৰত ড৹ শইকীয়াই কয় যে বিগত সময়চোৱাত শ-শ যুৱক-যুৱতী তথা বিবাহিত লোকে আলফাত যোগদান কৰি অসম এৰা খবৰে তেওঁক উদ্বিগ্ন কৰি তুলিছে । তেওঁ নৱপ্ৰজন্মক দেশ বিৰোধী বিছিন্নতাবাদী আলফা (স্বাধীন)ৰ দৰে সংগঠনত যোগদান কৰাৰ বিপৰীতে সৃষ্টিশীল কৰ্মৰ লগতে কৃষি আৰু ক্ষুদ্ৰ উদ্যোগ আদিত নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় ।

সন্ত্ৰাসবাদ কেতিয়াও দেশ নিৰ্মাণৰ সু-পথ হ'ব নোৱাৰে বুলি তেওঁ উল্লেখ কৰাৰ লগতে তেঁও অসম চৰকাৰকো তীক্ষ্ণ সমালোচনা কৰে । ড৹ শইকীয়াই কয় যে অসম চৰকাৰে সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে যুৱক-যুৱতীসকলক এনেধৰণৰ বিদ্ৰোহী সংগঠনত যোগদান কৰাত বাধা আৰোপ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে । আনহে নালাগে চৰকাৰে কোনো ধৰণৰ সজাগতাৰো ব্যৱস্থা কৰা নাই । সেয়ে তেওঁ চৰকাৰক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে অসমৰ যুৱ প্ৰজন্মৰ প্ৰতিজন অবিভাৱকক অধিক সতৰ্কতা অৱলম্বন কৰি নিজ নিজ সন্তানৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: চৰকাৰে চীনৰ পৰা কোনো পি পি ই কিট ক্ৰয় কৰা নাছিল: কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.