ETV Bharat / city

'ৰত্নাকৰ'ৰ মাৰাথান প্ৰচাৰ

author img

By

Published : Sep 18, 2019, 7:19 PM IST

'অধিনায়ক'ৰ পাচত দ্বিতীয়খন ছবি পৰিচালনা কৰা যতীন বৰাই এই ছবিখন উন্নত কাৰিকৰী কৌশল প্ৰয়োগ কৰি দৰ্শকৰ মনোগ্ৰাহী কৰি তুলিছে বুলি মন্তব্য যতীন বৰাৰ । অসমীয়া দৰ্শকে ছবিখন চাই সন্তুষ্টি লাভ কৰিব বুলি আশাবাদী যতীন বৰাৰ লগতে আৰু টীম "ৰত্নাকৰ"

'ৰত্নাকৰ'ৰ মাৰাথান প্ৰচাৰ

গুৱাহাটী, 18 চেপ্তেম্বৰঃ ডিমৰীয়া মহাবিদ্যালয়ত উপস্থিত ছবি 'ৰত্নাকৰ'ৰ টীম ৷ 11 অক্টোবৰত মুক্তি লাভ কৰিবগীয়া নতুন অসমীয়া বোলছবি ৰত্নাকৰৰ প্ৰমোচনৰ বাবে মহাবিদ্যালয়খনত উপস্থিত হয় ছবিখনৰ কলা-কুশলী ৷ বিশ্বকৰ্মা পূজাৰ আনন্দ মাজতে বুধবাৰে দিনৰ ১২ বজাত উপস্থিত হয় সুদক্ষ অভিনেতা যতীন বৰা, অভিনেত্ৰী বৰষাৰাণী বিষয়াকে প্ৰমুখ্যে ছবিখনৰ কলা-কুশলী ৷ মহাবিদ্যালয় প্ৰেক্ষাগৃহত উপস্থিত হৈ ৰত্নাকৰ সংলাপ, গীত গাই উপস্থিত ছাত্ৰ-ছাত্ৰীক ছবিখন চাবলৈ আহ্বান জনাই ৰত্নাকৰৰ দলটোৱে ৷ আনহাতে, সুন্দৰ গীত আৰু কাহানীৰে পৰিপূৰক ছবিখন চাই দৰ্শকে এক সুকীয়া আমেজ পাব বুলি উল্লেখ কৰে অভিনেতা যতীন বৰাই ।

'ৰত্নাকৰ'ৰ মাৰাথান প্ৰচাৰ

যতীন বৰা পৰিচালিত দ্বিতীয় ছবি "ৰত্নাকৰ"ৰ মাৰাথন প্ৰচাৰ ৷ যতীন-বৰষাৰ সপোনবোৰে দিনতেই আমনি কৰিলেহি কলিয়াবৰৰ সহস্ৰাধিক নৱপ্ৰজন্মক । অসমীয়া ছবিজগতৰ সোণালী সপোন লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যতীন বৰা পৰিচালিত আৰু অভিনীত নতুন অসমীয়া বোলছবিৰ প্ৰচাৰ কৰিবলৈ বুধবাৰে উপস্থিত হ'ল কলিয়াবৰত । আগন্তুক 11 অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া ছবিখনৰ প্ৰচাৰত অভিনেতা গৰাকীৰ সংগ দিলে অভিনেত্ৰী বৰষাৰাণী বিষয়াই৷ প্ৰযোজিকা পত্নী নৱনীতা শৰ্মা বৰা, অংগৰাগ মহন্ত, উদীয়মান গায়কদ্বয় মানস-চয়নিকাৰ লগতে ছবিখৰ কলা-কুশলীক লৈ প্ৰচাৰ অভিযান ৰত্নাকৰ টীমৰ ।

'ৰত্নাকৰ'ৰ মাৰাথান প্ৰচাৰ
উল্লেখ্য যে, অধিনায়কৰ পাচত দ্বিতীয়খন ছবি পৰিচালনা কৰা যতীন বৰাই এই ছবিখন উন্নত কাৰিকৰী কৌশল প্ৰয়োগ কৰি দৰ্শকৰ মনোগ্ৰাহী কৰি তুলিছে বুলি মন্তব্য যতীন বৰাৰ । অসমীয়া দৰ্শকে ছবিখন চাই সন্তুষ্টি লাভ কৰিব বুলি আশাবাদী যতীন বৰাৰ লগতে আৰু টীম "ৰত্নাকৰ"।
Intro:ডিমৰীয়া মহাবিদ্যালয়ত ১১ অক্টোবৰত মুক্তি পাবলগীয়া নতুন অসমীয়া বোলছবি ৰত্নাকৰৰ প্ৰমোচনBody:জুবিন গাৰ্গৰ কাঞ্চনজংঘাৰ পিছতে ১১অক্টোবৰত মুক্তি পাব যতিন বৰাৰ অভিনয় আৰু পৰিচালনাৰে অসমীয়া বোলছবি ৰত্নাকৰ । বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে বুধবাৰে দিনৰ ১২ বজাত অসমীয়া বোলছবি ৰত্নাকৰৰ প্ৰমোচনৰ বাবে ডিমৰীয়া মহাবিদ্যালয়ত আহি উপস্থিত হয় সুদক্ষ অভিনেতা যতিন বৰা , অভিনেত্ৰী বৰষাৰানী বিষয়াকে প্ৰমূখ্য কৰি ৰত্নাকৰ পৰিয়ালৰ শিল্পী কলা কৌশলীৰ দল । ৰত্নাকৰৰ দলটোৱে মহাবিদ্যালয় প্ৰেক্ষাগৃহত উপস্থিত হৈয়ে ৰত্নাকৰৰ দাইলগ , গীত গাই উপস্থিত ছাত্ৰ ছাত্ৰী সকলক ছবিখন চাবৰ বাবে আহ্বান জনায়। সুন্দৰ গীত আৰু কাহানীৰে পৰিপূৰক ছবিখন চাই দৰ্শকে এক সুকীয়া আমেজ পাব বুলিও উল্লেখ কৰে অভিনেতা যতিন বৰাই । ছাত্ৰ-ছাত্ৰী সকলে যতিন বৰা বৰষা ৰাণী বিষয়া ক মাজত উৎফুল্লিত হৈ পৰে ।

Byte

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.