ETV Bharat / city

ৰাষ্টীয় ক্রীড়া বঁটাৰ বাবে অনলাইন আবেদনৰ অন্তিম দিন ২০ ছেপ্টেম্বৰ

author img

By

Published : Sep 10, 2022, 10:45 PM IST

২০২২ বৰ্ষৰ উক্ত বঁটাৰ বাবে যোগ্য ক্ৰীড়াবিদ, প্ৰশিক্ষক, বিশ্ববিদ্যালয়ত খেলত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলক অনলাইন পৰ্টেল dbtyas-sports.gov.in ত আবেদনৰ বাবে আহ্বান জনাইছে (National Sports Awards 2022) ৷ অনলাইন আবেদনৰ অন্তিম দিন অহা ২০ ছেপ্টেম্বৰ (Online Applications for Sports Awards) ৷

Online Applications for Sports Awards  Sets September 20 as Deadline
ৰাষ্টীয় ক্রীড়া বঁটাৰ বাবে অনলাইন আবেদনৰ অন্তিম সময় ২০ ছেপ্টেম্বৰ

গুৱাহাটী, 10 ছেপ্তম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ে প্ৰতিবছৰে ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলক ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰি আহিছে (National Sports Awards 2022) । ২০২২ বৰ্ষৰ উক্ত বঁটাৰ বাবে যোগ্য ক্ৰীড়াবিদ, প্ৰশিক্ষক, ক্ৰীড়া ক্ষেত্ৰত অস্তিত্ব থকা আৰু বিশ্ববিদ্যালয়ত খেলত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলক অনলাইন পৰ্টেল dbtyas-sports.gov.in ত আবেদনৰ বাবে আহ্বান জনাইছে (Online Applications for Sports Awards) ৷

এই অনলাইন আবেদনৰ অন্তিম দিন অহা ২০ ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰা হৈছে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ তথা ৰাজহুৱা খণ্ডৰ চাকৰিয়ালসকলে অনলাইন আবেদনৰ লগত ভিজিলেন্স চাৰ্টিফিকেট দাখিল কৰাটো বাধ্যতামূলক। আবেদনকাৰীয়ে সৱিশেষ জানিবৰ বাবে কার্যালয় খোলা দিনত ০১১-২৩৩৮৭৪৩২ নম্বৰত পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ আৰু টোল ফ্ৰী নম্বৰ ১৮০০-২০২-৫১৫৫ আৰু ১৮০০-২৫৮-৫১৫৫ নম্বৰত পুৱা ৮ বজাৰ পৰা ৰাতি ৮ বজালৈ যোগাযোগ কৰিব পাৰিব ।

উল্লেখ্য যে, এই ৰাষ্ট্ৰীয় বঁটাসমূহৰ ভিতৰত আছে মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা (Major Dhyan Chand Khel Ratna Award), অর্জুন বঁটা, দ্ৰোণাচার্য বঁটা, ধ্যান চান্দ জীৱনজোৰা বঁটা, ৰাষ্ট্ৰীয় খেল প্ৰৎসাহন পুৰস্কাৰ আৰু মৌলানা আবুল কালাম আজাদ (MAKA) ট্ৰফী (Maulana Abul Kalam Azad Trophy) ।

লগতে পঢ়ক: এটা মেছেজ আৰু এখন বিয়া, তাৰ পাছত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.