Road Accident in Guwahati : গুৱাহাটীৰ পথ দুৰ্ঘটনাত নিহত দিব্যাংগ

author img

By

Published : Mar 11, 2022, 3:37 PM IST

one-died-in-guwahati-road-accident

বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Guwahati) ৷ এই দুৰ্ঘটনাৰ ফলত এজন লোক আহত হোৱাৰ উপৰিও এজন দিব্য়াংগ লোক থিতাতে নিহত হয় ৷

গুৱাহাটী, 11 মাৰ্চ: ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত নিশা ট্ৰাক, ডাম্পাৰ আদি বাহনৰ চালকৰ অতপালি নিয়ন্ত্ৰণ কৰাত প্ৰায় ব্যৰ্থ হৈছে আৰক্ষী । নিশা প্ৰায়ে গুৱাহাটীত এনে বাহনৰ নিয়ন্ত্ৰণহীনতাৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হয় । শেহতীয়াকৈ বৃহস্পতিবাৰে নিশাও গুৱাহাটী মহানগৰীৰত সংঘটিত হয় তেনে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Guwahati) ৷

গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰৰ সমীপত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত পদপথত শুই থকা এজন ব্যক্তিৰ থিতাতে মৃত্যু হয় (One died in Guwahati road accident) ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাকে প্ৰথমতে শুক্ৰেশ্বৰ মন্দিৰৰ ওচৰত থকা এখন পানীৰ টেংকাৰত খুন্দা মাৰিছিল ৷

তাৰ পিছত নিয়ন্ত্ৰণ হেৰুৱাই পদপথত খুন্দা মৰাৰ ফলত পদপথত শুই থকা অৱস্থাতে এজন লোক আহত (One injured in Guwahati road accident) হোৱাৰ উপৰিও এজন বিশেষভাৱে সক্ষম লোকৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ মৃত ব্যক্তিজন মৰিয়নীৰ বাসিন্দা ৰবি দাস (20) বুলি চিনাক্ত কৰা হৈছে ৷

ইতিমধ্যে আহত লোকজনক চিকিৎসাসয়ত ভৰ্তি কৰোৱা হৈছে ৷ আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, দুয়োজন লোক ভিক্ষাবৃত্তিত জড়িত আছিল ৷ ইফালে দুর্ঘটনাটোৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ ইয়াৰোপৰি, দুৰ্ঘটনাৰ পিছতেই ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজন দুর্ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

লগতে পঢ়ক : Guwahati Gang rape : গুৱাহাটীৰ গাড়ীগাঁৱত পাঁচ যুৱকৰ কামনাৰ বলি কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.