ETV Bharat / city

Rajya Sabha Election 2022: ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ নতুন মুখৰ সম্ভাৱনা !

author img

By

Published : Mar 10, 2022, 8:04 PM IST

new-face-of-bjp-in-rajya-sabha-elections
ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ নতুন মুখৰ সম্ভাৱনা !

ৰাজ্যসভাত বৰ্তমানে কংগ্ৰেছৰ হাতত থকা দুখন আসন আৰু এটা মাহৰ পিছতে খালি হ’ব ৷ যাক লৈ চলিছে গুণাগথা ৷ ইফালে শাসকীয় দল বিজেপিয়ে এইবাৰ ৰাজ্যসভালৈ নতুন মুখক প্ৰাধান্য দিব বুলি জানিব পৰা গৈছে (New face of BJP in Rajya Sabha elections) ৷

গুৱাহাটী,১০ মাৰ্চ : পৌৰ নিৰ্বাচন (Assam Municipal Election 2022 ) আৰু মাজুলী উপনিৰ্বাচন (Majuli by election) ত অভূতপূৰ্ব সফলতা অৰ্জন কৰাৰ পাছত এতিয়া ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় দল বিজেপি । অৱশ্যে এতিয়ালৈকে বিজেপিয়ে ৰাজ্যসভাৰ দুখন আসনৰ বাবে হ'বলগীয়া নিৰ্বাচনকলৈ কোনো ধৰণৰ তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হোৱা নাই । ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি, ৰাজ্যসভাৰ দুখন আসনৰ বাবে সকলো ঠিক হৈ আছে । লগতে দুখন আসনেই বিজেপিয়ে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে সদৰি প্ৰকাশ কৰে ।

উল্লেখ্য যে ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন 21 মাৰ্চ আৰু মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 24 মাৰ্চ (Rajya Sabha Election) । 31 মাৰ্চত হ’ব দুয়োখন আসনৰ ভোটদান আৰু ভোটগণনা । ইফালে 2 এপ্ৰিলত কংগ্ৰেছ সাংসদ ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল অন্ত পৰিব ৷ ৰাজ্যসভাৰ আসন দুখনৰ প্ৰাৰ্থিত্বক লৈ শাসক-বিৰোধীৰ মাজত ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক জল্পনা-কল্পনা৷ ৰাজ্যসভাৰ খালী হ’ব লগা দুখন আসনৰ ভিতৰত এখন শাসকীয় পক্ষৰ হাতত থকাটো নিশ্চিত । শাসকীয় দল বিজেপিয়ে এইবাৰ ৰাজ্যসভালৈ নতুন মুখক প্ৰাধান্য দিব বুলি গুণাগথা চলিছে (New face of BJP in Rajya Sabha elections) ।

বিজেপিৰ শীৰ্ষ সূত্ৰ মতে, ৰাজ্যসভাৰ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব বিশ্ব শৰ্মাৰ ওপৰতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই দায়িত্ব ন্যস্ত কৰিছে । প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মতামত ল’বলৈ মুখ্যমন্ত্ৰী শৰ্মাক বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই পৰামৰ্শ দিছে । মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পচন্দই প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত যে অগ্ৰাধিকাৰ পাব সেয়া প্ৰায় নিশ্চিত। এতিয়ালৈ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাত পুলক গোহাঁই, ৰমেন শৰ্মা, সুভাষ দত্ত, লক্ষ্য কোঁৱৰ , আৰ এছ এছৰ এজন সক্ৰিয় সদস্য ৰমেন শৰ্মা সহ কেইবাজনো ব্যক্তিৰ নাম সন্নিৱিষ্ট হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : UP Assembly Election 2022 : উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচনৰ ফলাফল

একেদৰে ইউ পি পি এলৰ ইউ জি ব্ৰহ্ম, বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু সম্পাদক প্ৰাক্তন ছাত্ৰ নেতা প্ৰবীন বড়োৰ নামো চৰ্চালৈ আহিছে ৰাজ্যসভাৰ অন্যতম প্ৰাৰ্থীৰূপে । বিজেপিয়ে এখন আসনত নিজে প্ৰাৰ্থিত্ব দি আনখন আসন ইউ পি পি এল বা বি পি এফক এৰি দিব পাৰে বুলি চৰ্চা হৈছে । ইফালে বিৰোধীয়ে ৰাজ্যসভাৰ আসনৰ বাবে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চেষ্টা কৰিছে । এ আই ইউ ডি এফে ৰাজ্যসভালৈ তেওঁলোকৰ প্ৰাৰ্থীক বিৰোধীয়ে প্ৰক্ষেপ কৰাৰ পোষকতা কৰিছে ।

পূৰ্বে কংগ্ৰেছক সমৰ্থন কৰি অহাৰ বিনিময়ত এইবাৰ এ আই ইউ ডি এফক সমৰ্থন জনাবলৈ আহ্বান জনাইছে দলটোৰ নেতৃত্বই । অৱশ্যে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ ক্ষেত্ৰত ৰাইজৰ দল, চিপিআই(এম) আদি দলৰো মতামত থাকিব । বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা হোৱাৰো সম্ভাৱনা আছে । অৱশ্যে সকলো নিৰ্ভৰ কৰিছে বিৰোধী দলসমূহৰ সহমতৰ ওপৰত । ইফালে দুয়োখন আসনৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰি থোৱা অংকৰ বাবে বিৰোধীৰ সমীকৰণত আউল লগাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : 'আপ'ৰ অভ্যুত্থান : ঝাডুৱে সাৰি পেলালে বহু প্ৰভাৱশালী নেতাৰ দৰ্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.