ETV Bharat / city

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত উত্তাল গুৱাহাটী

author img

By

Published : Aug 17, 2022, 10:32 PM IST

Updated : Aug 17, 2022, 10:44 PM IST

নেছ’ৰ আহ্বানত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সন্থাই আৰম্ভ কৰিলে 'কা' আন্দোলন (CAA movement called by NESO) । আছুৰ মুখ্য কাৰ্যালয় শ্বহীদ ন্যাসৰ প্ৰাংগণত প্ৰায় সহস্ৰাধিক ছাত্ৰ সন্থাৰ সদস্য গোট খাই গুৱাহাটী ক্লাৱৰ ৰটাৰীত সমবেত হোৱাৰ বাবে প্ৰস্তুতি চলাছিল যদিও প্ৰশাসনে অনুমতি প্ৰদান নকৰিলে । ইয়াৰ পৰিৱৰ্তে আছুৰ কাৰ্যালয়ৰ সন্মুখতেই বেৰিকেড বান্ধি দিয়ে । শান্তিপূৰ্ণ অহিংস আন্দোলনত বাধা দিয়াতো গৰিহণাযোগ্য বুলি উল্লেখ কৰে সমুজ্জল ভট্টাচাৰ্যই ।

CAA protest in Guwahati by AASU
CAA protest in Guwahati by AASU

গুৱাহাটী, ১৭ আগষ্ট: আজিৰে পৰা পুনৰ আৰম্ভ হ’ল নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন (NESO anti CAA protests in Assam begins) । নেছ’ৰ আহ্বানত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সন্থাই আৰম্ভ কৰিলে 'কা' আন্দোলন (CAA movement called by NESO) । আছুৰ মুখ্য কাৰ্যালয় শ্বহীদ ন্যাসৰ প্ৰাংগণত প্ৰায় সহস্ৰাধিক ছাত্ৰ সন্থাৰ সদস্য গোট খাই গুৱাহাটী ক্লাৱৰ ৰটাৰীত সমবেত হোৱাৰ বাবে প্ৰস্তুতি চলাছিল যদিও প্ৰশাসনে অনুমতি প্ৰদান নকৰিলে । ইয়াৰ পৰিৱৰ্তে আছুৰ কাৰ্যালয়ৰ সন্মুখতেই বেৰিকেড বান্ধি দিয়ে । ইয়াৰ পিছতে আছুৱে শ্বহীদ ন্যাসত এক প্ৰতিবাদী সভা অনুস্থিত কৰে আৰু কা বাতিলকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত বক্তব্য ৰাখে ।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যৰ (AASU chief adviser Samujjal Kumar Bhattacharya) লগতে আছুৰ সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে নেছ’ৰ সাধাৰণ সম্পাদক এই সভাত উপস্থিত থাকে । চৰকাৰৰ দমননীতিৰ বিপৰীতে যি কোনো প্ৰকাৰে আন্দোলন অব্যাহত থাকিব বুলি তেওঁলোকে ঘোষণা কৰে (AASU assured to continue CAA protest)। আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে, ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনাও কৰিব কা বিৰুদ্ধে আন্দোলনো কৰিব । শান্তিপূৰ্ণ অহিংস আন্দোলনত বাধা দিয়াতো গৰিহণাযোগ্য বুলি উল্লেখ কৰে ভট্টাচাৰ্যই ।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত উত্তাল গুৱাহাটী

তেওঁ লগতে কয়, ‘‘আমাক তেনেকুৱা দমন নীতিয়ে শান্ত কৰিব নোৱাৰে । আমাৰ দাবীত অলৰ-অচৰ-অটল হৈ আছো’’ । যদি পাকিস্তান সীমান্ত চীল কৰিব পাৰে তেনেহ'লে বাংলাদেশ সীমান্ত কিয় চীল কৰিব নোৱাৰে বুলি মন্তব্য কৰি সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে, কৰ'না মহামাৰীৰ বাবে যোৱা সময়ছোৱাত স্তব্ধ হৈ পৰিছিল ‘কা’ বিৰোধী প্ৰতিবাদ (AASU demand repeal of CAA)। উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰাৰ দাবীত উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যত বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে ।

আজি উত্তৰ-পূবৰ সাতোখন ৰাজ্যৰ ৰাজধানী চহৰত নেছ’ৰ অন্তর্গত ছাত্ৰ সংগঠনসমূহে নিজ নিজ ৰাজ্যত এই বিক্ষোভ প্ৰদৰ্শন কৰিছে (CAA protest across North East) । অসমত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটী মহানগৰীত এই বিক্ষোভ প্ৰদৰ্শন কৰা হয় । তেনেদৰে খাচী ছাত্ৰ সন্থা আৰু গাৰো ছাত্ৰ সন্থাই শ্বিলঙত, নগা ছাত্ৰ ফেডাৰেশ্যনে কহিমাত, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই ইটানগৰত, সদৌ মণিপুৰ ছাত্ৰ সন্থাই ইম্ফলত, মিজো জিলাই প’লে আইজলত, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্যনে আগৰতলাত বিক্ষোভ প্ৰদৰ্শন কৰিছে ।

সমুজ্জল ভট্টাচাৰ্যই পুনৰ কয় যে, সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব । অসমৰ ৰাইজে 'কা' মনা নাই, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলে অবৈধ বিদেশী বোজা নলয় । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত হ'বই লাগিব । উত্তৰ-পূৰ্বাঞ্চলত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব নিয়ন্ত্ৰণ থাকিব লাগিব আৰু সৰ্বকালৰ কাৰণে খিলঞ্জীয়া মানুহৰ হাতত নির্ণায়ক অধিকাৰ থাকিব লাগিব ।

উত্তৰ-পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰো নহয় আৰু ডাষ্টবিনো নহয় । নেছ'ৰ দাবী পূৰণ নোহোৱালৈকে উত্তৰ-পূৰ্বাঞ্চলজুৰি অহিংস আন্দোলন অব্যাহত থাকিব বুলিও তেওঁ চৰকাৰক সকীয়াই দিয়ে (Samujjal Bhattacharya on Banglaseshi issue)।

ইয়াৰোপৰি AFSPA আইন প্ৰত্যাহাৰ, জেহাদী সমস্যা সমাধানৰ লগতে কেইটাও দাবী জনায় প্ৰতিবাদকাৰীসকলে । ইপিনে কা আন্দোলনৰ সন্দৰ্ভত দীপাংক কুমাৰ নাথে কয়, ‘‘যথা স্থানত গুৱাহাটীত প্ৰতিবাদ কৰিবলৈ বাধা আমাক দিছে আৰক্ষীয়ে । CAA বাতিল নোহোৱা পৰ্যন্ত আমি অহিংস আন্দোলন কৰি যাম। অসম চুক্তি অনুসৰি বিদেশী সমস্য সমাধান হ'ব লাগিব’’ ।

আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে, মুখ্যমন্ত্ৰীৰ দম্ভালি মৰা কথা আজি যোগ্য প্ৰত্যুত্তৰ দিলে প্ৰতিবাদকাৰীয়ে । চৰকাৰে অমৃত মহোৎসৱ উপলক্ষে বিধানসভাৰ বিশেষ অধিবেশন পাতিছে যদিও মুখ্যমন্ত্ৰীজনৰ মনটো কিন্তু ইয়াত । কৰ’ণা মহামাৰীৰ বাবে কা আন্দোলন স্তিমিত হৈছিল যদিও পুনৰ আগুৱাই লৈ যাব লাগিব ।

লগতে পঢ়ক: বিধানসভাৰ বিশেষ অধিবেশনত বিশেষ ৰূপত বিধায়ক অখিল গগৈ

Last Updated :Aug 17, 2022, 10:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.