ETV Bharat / city

গুৱাহাটীত বিজেপি মিত্ৰজোঁটৰ সাংসদ-বিধায়কসকলৰ লগত আলোচনাত মিলিত দ্রৌপদী মুৰ্মু

author img

By

Published : Jul 7, 2022, 10:41 PM IST

গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত মিত্ৰজোঁটৰ বিজেপি সাংসদ আৰু বিধায়কসকলৰ লগত আলোচনাত মিলিত হয় ৰাষ্ট্ৰপতি নির্বাচনৰ বিজেপি আৰু সহযোগী দলসমূহৰ উমৈহতীয়া প্রার্থী দ্রৌপদী মুর্মু (NDA Presidential candidate Draupadi Murmu) ৷

NDA Presidential candidate Draupadi Murmu
NDA Presidential candidate Draupadi Murmu

গুৱাহাটী, 7 জুলাই: আগন্তুক ৰাষ্ট্ৰপতি নির্বাচনৰ বিজেপি আৰু সহযোগী দলসমূহৰ উমৈহতীয়া প্রার্থী দ্রৌপদী মুর্মুৱে নির্বাচনী প্রচাৰৰ বাবে বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত মিত্ৰজোঁটৰ সাংসদ আৰু বিধায়কসকলৰ লগত আলোচনাত মিলিত হয় । এনডিএৰ প্রক্ষেপিত ৰাষ্ট্ৰপতি পদৰ প্রার্থী দ্রৌপদী মুৰ্মুক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আদিয়ে গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত আদৰণি জনায় (Draupadi Murmu meets BJP coalition MPs and MLAs in Guwahati)।

এই উপলক্ষে হোটেল তাজ ভিভাণ্টাত সন্ধিয়া ৬ বজাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ এখন বৈঠক অনুষ্ঠিত কৰা হয় । এই বৈঠকত এন ডি এ সমর্থিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্রৌপদী মুৰ্মুৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে মিত্ৰজোঁটৰ সাংসদ আৰু বিধায়কসকলে আলোচনাত মিলিত হয় (NDA Presidential candidate Draupadi Murmu)।

অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে, ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্রৌপদী মুৰ্মুৱে অসমৰ ৮০ শতাংশতকৈ বেছি ভোট পাব। জনগোষ্ঠীয় মহিলাক অধীস্থ কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় কলিতাই । বৈঠকত বিৰোধীৰ কোনো বিধায়ক অহা নাই বুলি তেওঁ জনায় (Indian presidential election)।

গুৱাহাটীত বিজেপি মিত্ৰজোঁটৰ সাংসদ-বিধায়কসকলৰ লগত আলোচনাত মিলিত দ্রৌপদী মুৰ্মু

ইপিনে বৈঠকত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্রৌপদী মুৰ্মুৱে কয়, মই ৰাষ্ট্ৰপতিৰ দৰে গুৰুত্বপূৰ্ণ পদৰ বাবে অৱতীৰ্ণ হৈছো । ৰাষ্ট্ৰপতিৰ দৰে গুৰুত্বপূৰ্ণ পদৰ বাবে অৱতীৰ্ণ হোৱাতকৈ দেশৰ জনসাধাৰণক সেৱা কৰাৰ যি সুযোগ পাম, সেয়াহে মোৰ বাবে গুৰুত্বপূৰ্ণ । বিজেপিৰ কেন্দ্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই কয় যে প্ৰভাৰী, সহ প্ৰভৰী আৰু পলিং এজেন্টক দিল্লীত প্ৰশিক্ষণ দিয়া হ’ব ।

তেওঁলোকে দিল্লীৰ পৰা আহি অসমত বিধায়কসকলক ১৬ জুলাইত ৰাষ্ট্ৰপতি ভোটৰ বাবে প্ৰশিক্ষণ দিব । আকৌ সাংসদসকল ১৬ জুলাইত ৰাষ্ট্ৰপতি ভোটৰ বাবে প্ৰশিক্ষণৰ বাবে দিল্লীলৈ যাব । সৰ্বানন্দ সোণোৱালে কয় যে, ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্রৌপদী মুৰ্মুৰ বিজয় নিশ্চিত । যোৱা মঙলবাৰে গুৱাহাটীত উপস্থিত হোৱা দ্রৌপদী মুৰ্মুৱে অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰাৰ বিজেপি, মিত্ৰদল আৰু নির্দলীয় বিধায়কৰ সৈতে বৈঠকত মিলিত হৈ আগন্তুক নিৰ্বাচনত তেওঁৰ সপক্ষে ভোট দিয়াৰ বাবে আহ্বান জনায় ।

গুৱাহাটীত বিজেপি আৰু মিত্রদলৰ সাংসদ বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ পূৰ্বে বৃহস্পতিবাৰে পুৱা দ্রৌপদী মুৰ্মুৱে মিজোৰামৰ ৰাজধানী আইজলত নির্বাচনী প্ৰচাৰ চলায় ।

উল্লেখ্য যে, অসমৰ ১৪৭টা ভোটক গুৰুত্ব সহকাৰে লৈছে শাসক আৰু বিৰোধী উভয় পক্ষৰ ৰাষ্ট্ৰপতি পদৰ মনোনীত প্রার্থীয়ে । শাসকীয় এনডিএৰ প্রক্ষেপিত প্রার্থী দ্রৌপদী মুৰ্মুৱে তিনিদিনীয়া কাৰ্যসূচীৰে পূৰ্বোত্তৰ ভ্ৰমণলৈ আহিছে । তেওঁ গুৱাহাটীত এনডিএৰ সহযোগী দলসমূহৰ সাংসদ আৰু বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হ’ব ।

আনহাতে, অহা ১২ জুলাইত অসমলৈ অহাৰ সম্ভাৱনা আছে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিন্‌হা । সিন্‌হাৰ অসম ভ্ৰমণৰ কাৰ্যসূচী এতিয়াও চূড়ান্ত হোৱা নাই যদিও তেওঁ কংগ্ৰেছ দলৰ সাংসদ আৰু বিধায়কসকলৰ লগতে চিপিএম আৰু ৰাইজৰ দলৰ বিধায়কৰ সৈতেও আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যখনৰ ১২৬ জন বিধায়ক আৰু ২১জন সাংসদ, মুঠ ১৪৭ জনে ভোটদানৰ সুযোগ পাব । এই ১৪৭ টা ভোটৰ মূল্য হৈছে ২৯,৩১৬ ।

লগতে পঢ়ক : সন্ত্ৰাসবাদী নহয় এতিয়া সেনাৰ আধিপত্যত জম্মু কাশ্মীৰ: অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.