ETV Bharat / city

মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁশবাৰীত নিৰ্মাণ হ’ব সেউজ হোটেল প্ৰকল্প

author img

By

Published : Sep 5, 2022, 6:17 PM IST

MoU Signing between ATDC and IHCL
মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাছবাৰীত নিৰ্মান হ’ব সেউজ হোটেল প্ৰকল্প

মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁশবাৰীত নিৰ্মাণ হ’ব সেউজ হোটেল প্ৰকল্প ৷ তাজ গ্রুপৰ ইণ্ডিয়ান হোটেল কোম্পানীয়ে বি টি আৰত নিৰ্মাণ কৰিব এই জিঞ্জাৰ ব্ৰেণ্ডৰ বিলাসী হোটেল । পৰ্যটন আৰু দক্ষতা বিকাশ দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(Tourism Minister Jayanta Malla Baruah) সদৰী কৰে এই কথা ৷

গুৱাহাটী, ৫ ছেপ্টেম্বৰ: বি টি আৰৰ বাবে আজি এক ঐতিহাসিক দিন । মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁশবাৰীত নিৰ্মাণ হ’ব সেউজ হোটেল প্ৰকল্প(Manas National Park) । ৩.২৫ একৰ ভূমিত নিৰ্মাণ হ’ব এই প্ৰকল্প । হোটেল প্ৰকল্পক লৈ সোমবাৰে অসম পৰ্যটন উন্নয়ন নিগম(Assam Tourism Development Corporation) আৰু ইণ্ডিয়ান হোটেল কোম্পানীৰ মাজত স্বাক্ষৰ হয় এক চুক্তি(MoU Signing between ATDC and IHCL) । ৰাজ্যৰ পৰ্যটন আৰু দক্ষতা বিকাশ দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সোমবাৰে সংবাদমাধ্যমৰ আগত সদৰী কৰে এই তথ্য ৷

অসম জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত সোমবাৰে অসম পর্যটন উন্নয়ন নিগম (ATDC) আৰু ইণ্ডিয়ান হোটেল কোম্পানীৰ(Indian Hotel Company Limited) মাজত স্বাক্ষৰ কৰা হয় এই বুজাবুজি চুক্তি(MoU) ৷ বুজাবুজি চুক্তি সম্পন্ন হোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, তাজ গ্রুপৰ এই কোম্পানীয়ে বি টি আৰত নিৰ্মাণ কৰিব জিঞ্জাৰ ব্ৰেণ্ডৰ বিলাসী হোটেল(Ginger by IHCL) ।

মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাছবাৰীত নিৰ্মান হ’ব সেউজ হোটেল প্ৰকল্প

৭০ ৰ পৰা ৮০ টা কোঠা থাকিব এই হোটেলখনত । তাজৰ এই বিলাসী হোটেলে মানস ৰাষ্ট্ৰীয় উদ্যানত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে । তেওঁ এই বিলাসী হোটেলে মানসক অন্য এক মাত্ৰা প্ৰদান কৰিব বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে, জুলাই মাহত অনুষ্ঠিত অসম কেবিনেটত মানাহত জিঞ্জাৰ ব্ৰেণ্ডৰ হোটেল খোলাৰ সিদ্ধান্ত লোৱা হৈছিল (Assam cabinet decisions for tourism) । অসম কেবিনেটৰ সিদ্ধান্তৰ এমাহৰ ভিতৰতে আজি তাজ গ্রুপৰ লগত এই চুক্তি সম্পাদন কৰা হয় । অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োও উপস্থিত থাকে ।

লগতে পঢ়ক: Assam cabinet decisions: তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান-গণিতৰ মাধ্যম হ’ব ইংৰাজী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.