ETV Bharat / city

তথ্য আৰু জনসংযোগ সঞ্চালকায়ৰ উদ্যোগত National press day উদযাপন

author img

By

Published : Nov 16, 2021, 9:02 PM IST

information-and-public-relation-department-celebrates-national-press-day
তথ্য আৰু জনসংযোগ সঞ্চালকায়ৰ উদ্যোগত National press day উদযাপন

তথ্য আৰু জনসংযোগ সঞ্চালকায়ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন ৷ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ অধ্যাপক চন্দন কুমাৰ শৰ্মা, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা আদিয়ে অংশ লয় এই সভাত ৷

গুৱাহাটী, 16 নবেম্বৰ : তথ্য আৰু জনসংযোগ সঞ্চালকায়ৰ উদ্যোগত মঙলবাৰে দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় । প্ৰেছ দিৱস উপলক্ষে অনুষ্ঠিত সভাত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ অধ্যাপক চন্দন কুমাৰ শৰ্মাই সংবাদ মাধ্যমক ভয় নকৰে কোনে শীৰ্ষক বক্তৃতা প্ৰদান কৰে । ভাষণত তেওঁ কয় যে, সংবাদ মাধ্যমৰ সম্পদ হ'ল বিশ্বাসযোগ্যতা ।

বৰ্তমান ভাৰতত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা নোহোৱা হৈছে । সংবাদ মাধ্যমৰ হেৰুওৱা বিশ্বাসযোগ্যতা সংবাদ মাধ্যমে ঘুৰাই আনিব লাগিব । সেয়েহে আজি সংবাদ মাধ্যম আৰু সাংবাদিক সকলে আত্মবিশ্লেষণ কৰাৰ সময় আহি পৰিছে । আমেৰিকা আৰু বৃটেইনৰ দৰে দেশত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা অটুট ৰখাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

অধ্যাপক চন্দন কুমাৰ শৰ্মাই কয় যে সম্প্ৰতি তথ্য প্ৰযুক্তিৰ পৰিৱৰ্তনৰ লগে লগে সংবাদ মাধ্যমৰ ক্ষেত্ৰতো পৰিৱৰ্তন আহিছে । পুৰণি সংবাদপত্ৰবোৰ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে। তেওঁ কয় যে, সংবাদ মাধ্যম সমাজৰ প্ৰতি দায়বদ্ধ । সেয়ে সংবাদ মাধ্যমে অতদ্ৰপ্ৰহৰীৰ ভূমিকা ল'ব লাগিব । সভাত অংশ লৈ তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে ভাৰত বিশ্বৰ ভিতৰতে শক্তিশালী গণতান্ত্ৰিক দেশ ।

তেওঁ কয় যে, সংবাদ মাধ্যমৰ ভূমিকা নিৰপেক্ষ হোৱা উচিত । সমাজ ব্যৱস্থাক শৃংখলিত কৰি ৰখাৰ বাবে সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম । তথ্য আৰু জনসংযোগ সঞ্চালকায়ৰ সচিব নীৰা গগৈ সোনোৱালে আদৰণি ভাষণ দিয়া অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰেও চমু ভাষণ দিয়ে । অনুষ্ঠানত ৰাজ্যৰ 12 গৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্দ্ধনা জনোৱা হয় ।

ইফালে,বৰপেটা জিলাৰ জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত তথা কলগাছিয়া প্ৰেছ ইউনিয়ন, কলগাছিয়া মহকুমা সাংবাদিক সন্থা আৰু কলগাছিয়া প্ৰেছ ক্লাৱৰ সহযোগত "ক’ভিড প্ৰতিষেধকৰ গুৰুত্ব আৰু এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা" শীৰ্ষক এটি আলোচনা চক্ৰ অনুষ্ঠিত হয় । কলগাছিয়া প্ৰেছ ইউনিয়নৰ সম্পাদক জাহিদুল ইছলামে আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে প্ৰেছ ইউনিয়ন আৰু মহকুমা সাংবাদিক সন্থাৰ সভাপতি ক্ৰমে শ্বহিদুল ইছলাম আৰু ছাইফুল ইছলামে সম্বৰ্ধনা অনুষ্ঠানটোত আঁত ধৰে ।

information-and-public-relation-department-celebrates-national-press-day
National press day উদযাপন

একেদৰে, জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত ডিমা হাছাও জিলাৰ হাফলঙতো তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় ৷ জিলা তথ্য আৰু জন সংযোগ বিষয়া পূৰবী ফংলোই এই সভাত কয়, সংবাদ মাধ্যম হ’ল সমাজৰ অতন্দ্ৰ প্ৰহৰী সমাজৰ ইতিবাচক আৰু নেতিবাচক দিশ সমূহ আলোকপাত কৰি গণতান্ত্ৰিক ব্যৱস্থাক অধিক গতিশীল কৰি তোলাৰ ক্ষেত্ৰত সংবাদমাধ্যমৰ ভূমিকা অপৰিসীম ৷

লগতে পঢ়ক : অসম ছাত্ৰ পৰিষদ(Assam Satra Parisad)ৰ সভাত অংশগ্ৰহণ মন্ত্ৰী Atul Bora ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.