ETV Bharat / city

Gauhati University results anomalies: পঞ্চম ষান্মাসিকৰ পৰীক্ষাৰ পুনৰ মূল্যাংকন হ'ব

author img

By

Published : Aug 4, 2022, 9:02 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ পৰীক্ষাৰ মূল্যাংকনৰ ক্ষেত্ৰত হোৱা ব্যাপক বিসংগতিৰ(Gauhati University students protest over anomalies in results) বিৰুদ্ধে মঙলবাৰ বিশ্ববিদ্যালয়ৰ চৌহদত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷ কিন্তু প্ৰতিবাদস্থলীত আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত হয় ছাত্ৰ-ছাত্ৰী ৷ এই ঘটনাৰ উত্তৰ বিচাৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছিল স্মাৰকপত্ৰ ।

Guwahati university authorities Letter to postgraduate students association
অৱশেষত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ পত্ৰৰ উত্তৰ দিলে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই

গুৱাহাটী, 4 আগষ্ট: অৱশেষত বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ পত্ৰৰ উত্তৰ দিলে । উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয় পঞ্চম ষান্মাসিকৰ পৰীক্ষাৰ মূল্যাংকনৰ ক্ষেত্ৰত হোৱা ব্যাপক বিসংগতি(Gauhati University students protest over anomalies in results) আৰু ইয়াৰ ফলশ্ৰুতিত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আচৰণৰ(Police Crackdown on Protesting Students of GU) ঘটনাৰ উত্তৰ বিচাৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দিছিল স্মাৰকপত্ৰ । গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই এই স্মাৰকপত্ৰত উল্লেখ কৰিছিল তেওঁলোকৰ 5 টাকৈ দাবী ।

অৱশেষত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ পত্ৰৰ উত্তৰ দিলে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই

গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থালৈ এখন পত্ৰ প্ৰেৰণ কৰি ছাত্ৰৰ সন্থাৰ বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ উত্তৰ দিয়ে ।মঙলবাৰ সংঘটিত ঘটনাত অসন্তুষ্ট বুলি পত্ৰত উল্লেখ কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । তেওঁলোকে লগতে স্নাতকৰ পঞ্চম ষান্মাসিকৰ পৰীক্ষাৰ ফলাফল বিসংগতিৰ ক্ষেত্ৰতো ব্যৱস্থা লোৱা হ'ব বুলি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পত্ৰত উল্লেখ কৰে । ইতিমধ্যেই ফলাফল পুনৰীক্ষণৰ বাবে সিন্ধান্ত লোৱা হৈছে বুলি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পত্ৰযোগে প্ৰকাশ কৰিছে ।

ইপিনে অনলাইন ব্যৱস্থাৰ দায়িত্বত থকা IT কোম্পানীক বহিস্কাৰৰ বাবে ব্যৱস্থা ল'ব বুলি উল্লেখ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ । অনলাইন প্ৰক্ৰিয়াৰ ন’ডেল বিষয়াৰ ক্ষেত্ৰতো ব্যৱস্থা ল'ব বুলিও পত্ৰত উল্লেখ কৰা হৈছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিকি শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতিশ্ৰুতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী জনায় । ইপিনে গুৱাহাটী বিশ্ববিদ্যালয় পঞ্চম ষান্মাসিকৰ পৰীক্ষাৰ মূল্যাংকনৰ ক্ষেত্ৰত হোৱা ব্যাপক বিসংগতি আৰু ইয়াৰ ফলশ্ৰুতিত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিত অসম ৰাজ্যিক এন এছ ইউ আইৰ সভাপতি কৃষাণু বৰুৱাই গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা কাৰ্য বন্ধ কৰিবলৈ বিশ্ববিদ্যালয় প্ৰশাসনক দাবী জনায় ৷

পৰীক্ষাৰ ফলাফল মূল্যাংকনৰ বিসংগতি আৰু আই ইউ এম এছ বাতিলৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয় এন এছ ইউ আই গোট, কামৰূপ (ম) আৰু কামৰূপ জিলা এন এছ ইউ আইয়ে বৃহস্পতিবাৰে বিশ্ববিদ্যালয়ৰ সমীপত এক প্ৰতীকি অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰে(Guwahati University student stage protest) ৷ এই কাৰ্যসূচীত ৰাজ্যিক উপ-সভাপতি বিকাশ নাথ যোগী, কামৰূপ (ম) জিলা সমিতিৰ সভাপতি জিন্স বৰা, কামৰূপ জিলা সমিতিৰ সভাপতি চাকিল আহমেদ, ৰাজ্যিক সাধাৰণ সম্পাদক মহচিন খান, ৰাজ্যিক সাধাৰণ সম্পাদক তথা গুৱাহাটী বিশ্ববিদ্যালয় এন এছ ইউ আই গোটৰ উপদেষ্টা শ্ৰেষ্ঠ কৃষ্ণন দত্ত, সম্পাদক জুনাইদ হুছেইন, গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ সহ সম্পাদক অৰবিন্দ কলিতা প্ৰমুখ্যে বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ৷ অনাগত সময়ত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত বাবে বিসংগতি মুক্ত ফলাফল ঘোষণাৰ ব্যৱস্থা কৰিবলৈ এন এছ ইউ আইয়ে দাবী জনায় ৷

লগতে পঢ়ক : ABVP protest in Nalbari: উত্তৰ বহী পুনৰ নিৰীক্ষণৰ দাবী প্ৰতিবাদকাৰীৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.