ETV Bharat / city

অসম, মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চলৰ পৰা বাতিল হ’ব AFSPA

author img

By

Published : Mar 31, 2022, 3:51 PM IST

Updated : Mar 31, 2022, 5:39 PM IST

AFSPA to be cancelled from parts of Assam, Manipur and Nagaland
কিছু অঞ্চলৰ পৰা বাতিল হ’ব AFSPA

AFSPA - এই আইনখনে নিৰাপত্তা বাহিনীক যিকোনো ঠাইতে অভিযান চলাবলৈ আৰু কোনো আগতীয়া ৱাৰেণ্ট অবিহনে যিকোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ ক্ষমতা প্ৰদান কৰে । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অশান্ত পৰিস্থিতিৰ বাবে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনখন প্ৰযোজ্য কৰা হৈছিল (Armed Forces maintain public order in disturbed areas) । কিন্তু সেনাবাহিনীয়ে এই আইনৰ জৰিয়তে কৰা ক্ষমতাৰ অপব্যৱহাৰৰ বাবে জনসাধাৰণৰ মনত ভয় আৰু সংশয়ৰো সৃষ্টি কৰিছে ।

নিউজ ডেস্ক, ৩১মাৰ্চ : অসম, মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চলতহে এতিয়াৰে পৰা প্ৰযোজ্য হ’ব সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন(Armed Forces Special Powers Act 1958) । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে এই বিষয়ে সদৰি কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে এই তিনিওখন ৰাজ্যত আইন শৃঙ্খলা জনিত পৰিস্থিতি উন্নত হোৱা বাবে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন কিছু অঞ্চলৰ পৰা উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Govt to partially withdraw AFSPA from Nagaland, Assam and Manipur) ।

এই আইনখনে নিৰাপত্তা বাহিনীক যিকোনো ঠাইতে অভিযান চলাবলৈ আৰু কোনো আগতীয়া ৱাৰেণ্ট অবিহনে যিকোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ ক্ষমতা প্ৰদান কৰে । অসম চৰকাৰে ১ মাৰ্চত সমগ্ৰ ৰাজ্যখনত ২৮ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ আৰু ছমাহৰ বাবে সম্প্ৰসাৰিত কৰে । ১৯৯০ চনৰ নৱেম্বৰত অসমত এই আইনখন জাৰি কৰা হৈছিল আৰু তাৰ পাছৰে পৰাই প্ৰতি ছমাহৰ মূৰত এই আইনখন সম্প্ৰসাৰণ কৰি থকা হৈছে ।

AFSPA to be cancelled from parts of Assam, Manipur and Nagaland
অসম, মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চলৰ পৰা বাতিল হ’ব AFSPA

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অশান্ত পৰিস্থিতিৰ বাবে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনখন প্ৰযোজ্য কৰা হৈছিল । কালক্ৰমত যদিও এই আইনৰ বাবেই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আইন শৃংখলা পৰিস্থিতি উন্নত হয় তথাপিও কিন্তু সেনাবাহিনীয়ে এই আইনৰ জৰিয়তে কৰা ক্ষমতাৰ অপব্যৱহাৰৰ বাবে জনসাধাৰণৰ মনত ভয় আৰু সংশয়ৰো সৃষ্টি কৰিছে ।

বিগত ডিচেম্বৰ মাহৰ ৪ তাৰিখে নাগালেণ্ডৰ মন জিলাৰ অ’টিং বস্তিত আছাম ৰাইফলচৰ দ্বাৰা সংঘটিত হোৱা নৰসংহাৰৰ পাছতেই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই এই সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বিৰোধী আন্দোলনে তীব্ৰ গণ আন্দোলনৰ ৰূপ লোৱা দেখা গৈছিল । আছাম ৰাইফলচৰ দ্বাৰা সংঘটিত হোৱা নৰসংহাৰত ১৪ জনকৈ নগা কন্যাক জনগোষ্ঠীৰ লোক নিহত হৈছিল আৰু এই ঘটনাই নাগালেণ্ড আৰু মণিপুৰৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত থকা নগা অধ্য়ুষিত অঞ্চল সমূহকো প্ৰভাৱিত কৰিছিল ।

লগতে পঢ়ক : ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত বৃহৎ ৰদবদল: অৰ্ধ শতাধিক শীৰ্ষ আমোলা-বিষয়াক বদলি

Last Updated :Mar 31, 2022, 5:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.