ETV Bharat / city

প্ৰতি বৰ্গফুটত ৬০০ টকা বৃদ্ধি পালে ফ্লেটৰ মূল্য

author img

By

Published : May 1, 2022, 10:01 PM IST

নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে নিৰ্মাণ খণ্ডত (Price rise of construction materials)। বৃদ্ধি পাইছে ফ্লেটৰ মূল্য ৷ এপ্ৰিল মাহৰ শেষৰ পৰা ফ্লেটৰ মূল্য প্ৰতি বৰ্গফুটত ৬০০ টকা বৃদ্ধি হৈছে (Price rise of Buildings)। মূল্যবৃদ্ধিৰ ফলত গুৱাহাটীৰ প্ৰধান অঞ্চলসমূহত সাধাৰণ ফ্লেটৰ প্ৰতি বৰ্গফুটৰ মূল্য ৫০০০ টকা পৰ্যন্ত হৈছেগৈ । মে’ মাহৰ পৰা গুৱাহাটীৰ প্ৰতি বৰ্গফুট ফ্লেটৰ চৰকাৰী পঞ্জীয়ন মূল্য ৩৫০০ টকা হ’বগৈ ।

Flats price increases to Rs 600 per sqft
Flats price increases to Rs 600 per sqft

গুৱাহাটী, ১ মে' : ইন্ধনকে ধৰি নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ পাছত এইবাৰ বৃদ্ধি পালে ফ্লেটৰ মূল্য (Price rise of flate in Guwahati)। ফ্লেটৰ মূল্য প্ৰতি বৰ্গফুটত ৬০০ টকাকৈ বৃদ্ধি কৰা হৈছে । অৱশ্যে বিহুৰ পাছত ফ্লেটৰ মূল্যবৃদ্ধি হ'ব বুলি ইতিমধ্যেই ঘোষণা কৰিছিল আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল'পাৰ এছ'চিয়েশ্যন চমুকৈ 'এৰিডা'ই । এপ্ৰিল মাহৰ শেষৰ পৰা ফ্লেটৰ মূল্য প্ৰতি বৰ্গফুটত ৬০০ টকা বৃদ্ধি হৈছে ।

এই সন্দৰ্ভত আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল'পাৰ এছ'চিয়েশ্যন চমুকৈ 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই কয় যে, নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে নিৰ্মাণ খণ্ডত (Price rise of construction materials)। ব্যয় বৃদ্ধিৰ ফলত ৰিয়েল ইষ্টেট খণ্ডৰ প্ৰকল্পসমূহ প্ৰায় স্থবিৰ হৈ পৰিছে । বিশেষকৈ বহনযোগ্য ঘৰ এতিয়া অসম্ভৱ হৈ পৰিছে বুলি উল্লেখ কৰি শৰ্মাই কয় যে অসমৰ বিল্ডাৰসকল বৰ্তমান উদ্বেগজনক পৰিস্থিতিৰ সন্মুখীন হৈছে ৷ যাৰ বাবে জীয়াই থাকিবলৈ কিছুমান কঠোৰ ব্যৱস্থা লোৱাৰ বাহিৰে আন কোনো বিকল্প নোহোৱা হৈ পৰিছে ।

নিৰ্মাণ প্ৰকল্পবোৰৰ পৰা আৰ্জিত ৰাজহে আনকি নিৰ্মাণৰ ব্যয়ো সামৰি ল'ব পৰা নাই । ২০২০ চনৰ পৰা নিৰ্মাণ খণ্ডৰ প্ৰকৃত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে প্ৰতি বৰ্গফুটত ৬০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে ।

নিৰ্মাণত ব্যৱহৃত ৰড আৰু চিমেণ্টৰ দৰে মুখ্য কেঁচা সামগ্ৰীৰ মূল্য বহু গুণে বৃদ্ধি পাইছে । তেওঁ লগতে কয় যে, ক'ভিড-১৯ৰ পিছত বৰ্তমানৰ মূল্যবৃদ্ধিৰ সংকটে ৰিয়েল ইষ্টেট ডেভ'লপাৰ্চসকলৰ ওপৰত দ্বৈত আঘাত দিছে । কিয়নো তেওঁলোকৰ বাবে আনুমানিক সময়সীমা আৰু ব্যয়ৰ ভিতৰত প্ৰকল্প সম্পূৰ্ণ কৰাতো অসম্ভৱ হৈ পৰিছে । বিশেষকৈ ৰডৰ বাবে পৰিস্থিতি ইমানেই বেয়া হৈছে যে যোগানকাৰীসকলে উচ্চ মূল্যতো অৰ্ডাৰ ল'বলৈ ইচ্ছুক নহয় ।

বৰ্তমান পৰিস্থিতিত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাই হওক বা চৰকাৰৰ আন আন্তঃগাঁথনি প্ৰকল্পই হওক সকলো নিৰ্মাণ কাৰ্য গুৰুতৰভাৱে প্ৰভাৱিত হৈছে । তেওঁ লগতে কয় যে, বিগত আঢ়ৈ বছৰত ৰড, চিমেণ্ট আৰু অন্যান্য নিৰ্মাণ সামগ্ৰীৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে । এইবোৰ এতিয়া এক স্তৰত আকাশচুম্বী হৈছে আৰু যিটো সকলো ডেভ'লপাৰ্চৰ সামৰ্থৰ বাহিৰত । যাৰবাবে সকলো ফ্লেটৰ মূল্য প্ৰতি বৰ্গফুটত ৬০০ টকা বৃদ্ধি কৰা হৈছে । ব্যয় বৃদ্ধিৰ এই বাস্তৱ সত্যৰ পৰা কোনেও পৰিত্ৰাণ পাব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে, মূল্যবৃদ্ধিৰ ফলত গুৱাহাটীৰ প্ৰধান অঞ্চলসমূহত সাধাৰণ ফ্লেটৰ প্ৰতি বৰ্গফুটৰ মূল্য ৫০০০ টকা পৰ্যন্ত হৈছেগৈ ।

বিগত দুবছৰত নিৰ্মাণ সামগ্ৰীৰ মূল্য বহুগুণে বৃদ্ধি পাইছে । দুবছৰত ৰডৰ মূল্য প্ৰায় ৯১ শতাংশ, ক’লা তাৰৰ ৫৩ শতাংশ, গজালৰ ৫১ শতাংশ, মিস্ত্ৰি আৰু শ্ৰমিকৰ হাজিৰা ৫০ শতাংশ, বালিৰ ৪০ শতাংশ, পাথৰৰ ২৫ শতাংশ, টাইলচৰ ৩০ শতাংশ, ৰঙৰ ৫০ শত‍াংশ মূল্য বৃদ্ধি হৈছে । প্ৰতিবিধ সামগ্ৰীৰে অভাৱনীয় মূল্যবৃদ্ধি হৈছে । সামগ্ৰীকভাৱে গড়ে নিৰ্মাণ সামগ্ৰীৰ ৪০ শতাংশ মূল্যবৃদ্ধি হৈছে । তেনেস্থলত ফ্লেটৰ মূল্যবৃদ্ধি হোৱাটো স্বাভাৱিক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.