ETV Bharat / city

ব্যক্তিগত প্ৰতিষ্ঠানত ভাৰতীয় খাদ্য নিগমৰ চাউল উদ্ধাৰ

author img

By

Published : Jun 4, 2021, 10:57 PM IST

কামৰূপ জিলাৰ ছয়গাঁও উদ্যোগিক বিকাশ কেন্দ্ৰত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ ৷ মাৰুতিৰ উদ্যোগত ভাৰতীয় খাদ্য নিগমৰ বস্তাৰ পৰা নতুনকৈ চাউল পেকেজিং কৰাৰ অভিযোগ উত্থাপন ৷

fci rice recover in private organisation in boko
ব্যক্তিগত প্ৰতিষ্ঠানত ভাৰতীয় খাদ্য নিগমৰ চাউল উদ্ধাৰ

বকো, 4 জুন : কামৰূপ জিলাৰ ছয়গাঁও উদ্যোগিক বিকাশ কেন্দ্ৰৰ এক ভয়ংকৰ দুৰ্নীতিৰ তথ্য ফাদিল হৈছে । ভাৰতীয় খাদ্য নিগম (FCI)ৰ হাজাৰ হাজাৰ চাউলৰ বেগ মাৰুতি নামৰ প্ৰতিষ্ঠানৰ গুদামত মজুত আছে বুলি জানিব পৰা গৈছে । অভিযোগ অনুসৰি, মেঘালয়ৰ ভাৰতীয় খাদ্য নিগমৰ চাউল ট্ৰাকে ট্ৰাকে আহি সোমাই মাৰুতিৰ গুদামত । মাৰুতিৰ উদ্যোগত ভাৰতীয় খাদ্য নিগমৰ বস্তাৰ পৰা নতুনকৈ চাউল পেকেজিং কৰাৰ অভিযোগ উত্থাপন হৈছে ।

ব্যক্তিগত প্ৰতিষ্ঠানত ভাৰতীয় খাদ্য নিগমৰ চাউল উদ্ধাৰ

জানিব পৰা মতে, চাউলৰ নতুন বেগসমূহ অসম ৰাইফলচ আৰু চিআৰপিএফলৈ প্ৰেৰণ কৰা হয় ৷ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি এনেধৰণৰ অসাধু ব্যৱসায় চলাই আহিছে মাৰুতি নামৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী দীপক আগৰৱালাই । ১ জুনৰ নিশা বকোৰ নধিয়াপাৰাত উদ্ধাৰ হোৱা এখন ট্ৰাকে এই ভয়াৱহ দুৰ্নীতি উন্মোচন কৰে ।

অসম ৰাইফলচৰ নামত শ্বিলঙলৈ সৰবৰাহ কৰা ট্ৰাক জব্দ হয় বকো নধিয়াপাৰাত । একাংশ লোকে সন্দেহবশতঃ পৰীক্ষা কৰিছিল ট্ৰাকখনৰ নথি পত্ৰ । নথি পত্ৰত বেমেজালি থকাত বকো আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে জব্দ কৰে NL-07- AA- 0493 ৰ ১৪ চকীয়া ট্ৰাকখন । ঘটনাটোৰ তদন্তৰ বাবে মাৰুতিৰ গুদামত উপস্থিত হয় ছয়গাঁও চক্ৰ বিষয়া ৷ প্ৰকৃত ঘটনাৰ সন্ধানত বকো আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : কামপুৰত ষাঁড়গৰুৰ আক্ৰমণত এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.