ETV Bharat / city

শিক্ষকৰ তথ্য দাখিলৰ সময়সীমা ১৭ ডিচেম্বৰলৈ বৃদ্ধি

author img

By

Published : Dec 10, 2021, 8:05 PM IST

শিক্ষকৰ তথ্য দাখিলৰ সময়সীমা ১৭ ডিচেম্বৰলৈ বৃদ্ধি
শিক্ষকৰ তথ্য দাখিলৰ সময়সীমা ১৭ ডিচেম্বৰলৈ বৃদ্ধি

বৃদ্ধি কৰা হৈছে অনলাইনযোগে শিক্ষকৰ তথ্য দাখিলৰ অন্তিম দিন(deadline for submission of teachers information extended) ৷ নিযুক্তি আৰু বদলি নিয়ামক আইন-২০২০ৰ ভিত্তিত শিক্ষক বদলি প্ৰক্ৰিয়া অনলাইনযোগে কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই প্ৰক্ৰিয়াৰ অন্তিম দিন 10 ডিচেম্বৰৰ পৰিৱৰ্তে কৰা হ’ল ১৭ ডিচেম্বৰ ৷

গুৱাহাটী, ১০ ডিচেম্বৰঃ ১৭ ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ, সালসলনি, পেঞ্চন, গুণোৎসৱ আদি ব্যৱস্থা অধিক সুচল কৰাৰ বাবে শিক্ষা বিভাগে শেহতীয়াকৈ প্ৰতিগৰাকী শিক্ষকক নিজ নিজ তথ্য দাখিলৰ বাবে আবেদন জনাইছিল । ২২ নৱেম্বৰত এই উদ্দেশ্যে মুকলি কৰিছিল দুটাকৈ অনলাইন পৰ্টেল(Teachers data entry portal Assam) । মুখ্যতঃ নিযুক্তি আৰু বদলি নিয়ামক আইন-২০২০ৰ ভিত্তিত শিক্ষক বদলি প্ৰক্ৰিয়া অনলাইনযোগে কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই প্ৰক্ৰিয়াৰ অন্তিম দিন 10 ডিচেম্বৰ আছিল যদিও এই সময়সীমা ১৭ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে (Last date of submission teachers information extended)। অর্থাৎ ১৭ ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষকে নিজৰ তথ্য অনলাইন পৰ্টেলত দাখিল কৰাটো বাধ্যতামূলক ।

এই সন্দৰ্ভত শিক্ষা বিভাগে জাৰি কৰিছে জাননী । নিম্ন প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকৰ চৰকাৰী আৰু প্ৰদেশীকৃত সকলো বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষকে নিজৰ তথ্য অনলাইন পৰ্টেলত দাখিল কৰিব লাগিব ।

উল্লেখ্য যে, ৰাজ্যৰ বহু শিক্ষকে বদলীকৰণৰ বাবে দীর্ঘদিনৰ পৰা অপেক্ষা কৰি আছিল । বদলীকৰণৰ এই প্ৰক্ৰিয়া অনলাইনযোগে কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই কৰা ঘোষণাৰ পাছত ২২ নৱেম্বৰত সৰ্বশিক্ষা অভিযান মিচনে বদলিৰ অনলাইন পৰ্টেল মুকলি কৰিছিল । hrmsassam.in আৰু ssa.assam.gov.in এই দুটা পৰ্টেলৰ জৰিয়তে শিক্ষকসকলক তথ্য দাখিলৰ বাবে সৰ্বশিক্ষা মিচনে আহ্বান জনাইছিল ৷ সেয়াই নহয়, সৰ্বশিক্ষা অভিযান মিচনৰ কার্যবাহী সঞ্চালকে এই পৰ্টেলত শিক্ষকসকলক অনলাইন পঞ্জীয়ন কৰাৰ বাবে ইতিমধ্যে সকলো জিলাৰ বিদ্যালয় পৰিদর্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা মিচন সমন্বয়কসকললৈ পত্ৰ প্ৰেৰণ কৰিছিল । ইতিমধ্যে চৰকাৰী, প্ৰাদেশীকৃত প্ৰায় সকলো বিদ্যালয়ৰ শিক্ষকে নিজৰ নাম তথা তথ্য পঞ্জীনয় সম্পূর্ণ কৰিছে যদিও কিন্তু ইয়াৰ পাছতো বহু শিক্ষকে অন্তিম দিনটোৰ পূৰ্বে নিজৰ তথ্য পঞ্জীয়ন কৰাৰ পৰা বিৰত আছে । যাৰবাবে পুনৰ সময়সীমা বৃদ্ধি কৰা হৈছে ।

লগতে পঢ়ক: TET Teachar appoinment : কি পৰ্যায়ত বিটিআৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.