ETV Bharat / city

ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে বিৰূপ মন্তব্য

author img

By

Published : Jul 14, 2019, 8:29 PM IST

Updated : Jul 14, 2019, 8:47 PM IST

ছ'চিয়েল মিডিয়াত ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে এটা ফেচবুক একাউণ্টৰ পৰা আহিছে দৃষ্টিকটু মন্তব্য ৷ এই সন্দৰ্ভত ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই লোকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ক্ষেত্ৰী আৰক্ষী থানত অভিযোগ দাখিল কৰিছে ।

ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে বিৰূপ মন্তব্য

ডিমৰীয়া, 14 জুলাইঃ ফেচবুকত গীত প্ৰেমাংগন শইকীয়া নামৰ এটা ফেচবুক একাউণ্টৰ পৰা মহানগৰীৰ সমীপৰ ক্ষেত্ৰীস্থিত ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত অপমানসূচক মন্তব্য অহাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ঘটনা সন্দৰ্ভত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই লোকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ক্ষেত্ৰী আৰক্ষী থানত অভিযোগ দাখিল কৰিছে । লগতে মহাবিদ্যালয় ছাত্ৰ একতা সভাই এনেধৰণৰ মন্তব্যক কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি সকীয়াই দিয়ে ৷ উল্লেখ্য যে ছচিয়েল মিডিয়াত সক্ৰিয় গীত প্ৰেমাংগন শইকীয়াৰ নাম ইতিমধ্যেই কেইবাটাও বিতৰ্কিতমূলক ফেচবুক পোষ্টৰ সৈতে জড়িত হৈ পৰিছে ৷

ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে বিৰূপ মন্তব্য
Intro:চচিয়েল মিডিয়াত ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিৰূপ মন্তব্য

Body:চচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত গীত প্ৰেমাংগন শইকীয়া নামৰ এটা ফেচবুক একাউণ্টৰ পৰা মহানগৰীৰ সমীপৰ ক্ষেত্ৰীস্থিত ডিমৰীয়া মহাবিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীক লৈ বিৰূপ মন্তব্য কৰাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই লোকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ক্ষেত্ৰী আৰক্ষী থানতঅভিযোগ দাখিল কৰিছে । ইপিনে উল্লেখিত লোকজনৰ ফেচবুক পোষ্টত আন এজন ৰাজেশ বৰা নামৰ এটা ফেচবুক একাউণ্টৰ পৰা বৈশ্য জাতিটো চুইপাৰ জাতি বুলি কৈ বিৰূপ মন্তব্য কৰিছে । ৰাজেশ বৰাৰ মন্তব্যটোকো সমৰ্থন জনাইছে গীত প্ৰেমাংগন শইকীয়া নামৰ লোকজনে । এই বিষয়কেইটাই ইতিমধ্যে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লগতে সমগ্ৰ ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বৈশ্য উপাধিৰ লোকসকল উত্তেজিত হৈ পৰিছে । লোককেইজনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বলৈ পৃথকে ডিমৰীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ডিমৰীয়া আঞ্চলিক বৈশ্য সন্মিলনৰ সাংগঠনিক সম্পাদক মৌচম বৈশ্য'ই ক্ষেত্ৰী আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে ।

ByteConclusion:Asrar Ansari
Guwahati
Last Updated : Jul 14, 2019, 8:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.