ETV Bharat / city

অইলৰ তৈল খাদ বিস্ফোৰণক লৈ বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jun 9, 2020, 9:26 PM IST

তিনিচুকীয়া জিলাৰ অধীনৰ বাঘজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ৫নং খাদৰ পৰা নিৰ্গত হৈ থকা গেছত বিস্ফোৰণ ঘটি অঞ্চলটোত জুই বিয়পি পৰা ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিলে অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । সমগ্ৰ ঘটনাৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ আওকণীয়া মনোভাৱকে দোষাৰোপ কৰে বিৰুধী দলপতিগৰাকীয়ে ।

debabrat saikia on tingkhang oil leakage and blast
অইলৰ খাদৰ বিস্ফোৰণক লৈ বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,৯ জুন: অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া কয় যে যোৱা ১৩ দিন ধৰি গেছ নিৰ্গত হৈ থকা স্বত্বেও কেন্দ্ৰীয় চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ মন্ত্ৰাণালয়ৰ বিভাগীয় মন্ত্ৰী অথবা জেষ্ঠ বিষয়াই অসমলৈ আহি ঘটনাস্থলী পৰিদৰ্শন কৰাৰ প্ৰয়োজন বোধ নকৰিলে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰে মাথো অসমৰ তৈলক্ষেত্ৰ,চূণৰ খনি আদি চৰকাৰৰ ঘনিষ্ঠ ব্যৱসায়ী গোষ্ঠীক অৰ্পণ কৰাতহে গুৰুত্ব দিছে। লগতে এই দুৰ্ঘটনাৰ ফলত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান,মাগুৰি মতাপুং বিলকে ধৰি বাঘজান,দীঘলটৰং,নতুন ৰঙাগড়া,বাৰেবিল আদিত মানুহৰ লগতে জীৱ-জন্তুৰ অস্তিত্ব বিপদাপন্ন হৈছে।

debabrat saikia on tingkhang oil leakage and blast
অইলৰ খাদৰ বিস্ফোৰণক লৈ বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া

আনহাতে তেওঁ কয় যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰা উচিত যাতে অখ্যাত চিংগাপুৰৰ প্ৰতিষ্ঠানৰ স্থানত প্ৰয়াত ৰেড এডায়াৰ নেতৃত্বাধীন কোম্পানীৰ লেখিয়া আমেৰিকাৰ এনে দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰিব পৰা বিশেষজ্ঞ প্ৰতিষ্ঠান অনতিপলমে বাঘজানলৈ অনাৰ ব্যৱস্থা কৰে যেন।

অইলৰ খাদৰ বিস্ফোৰণক লৈ বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া

লগতে ক্ষতিগ্ৰস্ত লোকক তাৎক্ষণিক ভাৱে পৰ্যাপ্ত ক্ষতিপূৰণ দিবলৈ দাবী জনায় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই।

লগতে পঢ়কঃ বাঘজান বিস্ফোৰণ নিয়ন্ত্ৰণলৈ আনিবলৈ বায়ুসেনাৰ সহায় বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.