ETV Bharat / city

ৰাণী-ৰিপুণৰ বিদায় সমাগত; কংগ্ৰেছৰ বাবে আহিব নেকি আন এক বেয়া খবৰ

author img

By

Published : Jan 5, 2022, 8:43 PM IST

ৰাজ্যসভাত অসমৰ দুই সাংসদ ক্ৰমে ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল আগন্তুক মাৰ্চ মাহত শেষ হ’ব (Rajya Sabha tenure of Rani Narah and Ripun Bora)। কিন্তু এই দুখন আসন পুনৰ কংগ্ৰেছে নিজৰ হাতত ৰাখিব পাৰিব নে নাই তাকে লৈ শংকাৰ সৃষ্টি হৈছে দলটোৰ আভ্যন্তৰত ।

Congress in confussion for upcoming Rajya sabha election
Congress in confussion for upcoming Rajya sabha election

গুৱাহাটী, ৫ জানুৱাৰী : শতিকা প্ৰাচীন কংগ্ৰেছ দলটোৰ বাবে যেন বিপদে লগ এৰা নাই ৷ ৰাজ্যসভাতো এইবাৰ বিপদ আহিছে কংগ্ৰেছৰ । ৰাজ্যসভাত অসমৰ দুই সাংসদ ক্ৰমে ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল আগন্তুক মাৰ্চ মাহত শেষ হ’ব (Rajya Sabha tenure of Rani Narah and Ripun Bora)। কিন্তু এই দুখন আসন পুনৰ কংগ্ৰেছে নিজৰ হাতত ৰাখিব পাৰিব নে নাই তাকে লৈ শংকাৰ সৃষ্টি হৈছে দলটোৰ আভ্যন্তৰত ।

কিয়নো, ৰাজ্যসভাত এখন আসন দখল কৰিবলৈ বিৰোধীক কমেও ৪২ টা ভোটৰ প্ৰয়োজন হ’ব । কিন্তু খহনীয়াৰ কবলত পৰি বিধ্বস্ত হোৱা কংগ্ৰেছৰ বিধায়কৰ সংখ্যা আজিৰ তাৰিখত হৈছেগৈ ২৭ গৰাকী (Congress MLAs swip to BJP)। ইয়াৰো একাংশই বিজেপি আৰু অগপত শীঘ্ৰে যোগ দিয়াৰ পূৰামাত্ৰাই সম্ভাৱনা আছে । ৰহাৰ বিধায়ক শশীকান্ত দাসৰ লগতে এইক্ষেত্ৰত সৰ্বাধিক চৰ্চিত হৈ থকা আন দুগৰাকী কংগ্ৰেছ বিধায়ক হ'ল ৰেকিবুদ্দিন আহমেদ আৰু নন্দিতা‌ দাস ।

ইফালে বিধানসভাত এ আই ইউ ডি এফৰ বিধায়কৰ সংখ্যা হ'ল ১৫ গৰাকী, বি পি এফৰ ৪ গৰাকী, চি পি এমৰ এগৰাকী আৰু নিৰ্দলীয় এগৰাকী । সেই হিচাপত বিৰোধীৰ বিধায়কৰ সংখ্যা ৫০ গৰাকী হ'লেও মুঠেও নিৰাপদ নহয় কংগ্ৰেছ দল ।

কিয়নো আগন্তুক দুটা মাহৰ ভিতৰত শ্বেৰমান আলী আহমেদ, নন্দিতা দাস, ৰেকিবুদ্দিন আহমেদ, ভাস্কৰ বৰুৱা, শশীকান্ত দাসকে ধৰি কেইবাজনো কংগ্ৰেছ বিধায়কৰ "ঠিকনা" নতুন হোৱাৰ সম্ভাৱনা আছে । হয়তো কংগ্ৰেছ নেতৃত্বই তেনে এক আশংকাৰ গোন্ধ পায়েই বিৰোধীক একত্ৰিত কৰিবলৈ শেহতীয়াকৈ দায়িত্ব অৰ্পণ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক ।

লগতে পঢ়ক : Paban Singh Ghatowar with CM : মুখ্যমন্ত্ৰীৰে কি আলোচনা কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.