ETV Bharat / city

চৈয়দ আব্দুল মালিকৰ স্মৃতিচাৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী

author img

By

Published : Dec 20, 2021, 7:23 AM IST

অসমীয়া চৈয়দ কল্যাণ ন্যাসৰ প্ৰথম বর্ষপূৰ্তি উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পদ্মভূষণ চৈয়দ আব্দুল মালিকৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন ৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই “চিৰদিন মই অসমীয়া” আদৰ্শৰে সকলোকে সন্মিলিতভাৱে আগুৱাই অহাৰ আহ্বান জনায় ৷

memorial programme of Sahitya Akademi Award winner Syed Abdul Malik
চৈয়দ আব্দুল মালিকৰ স্মৃতিচাৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী

গুৱাহাটী, 20 ডিচেম্বৰ : চৈয়দ আব্দুল মালিকৰ সৃষ্টি আৰু কৰ্মই অসমীয়া জাতিক সদায়ে প্ৰেৰণা যোগাই যাব । এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । অসমীয়া চৈয়দ কল্যাণ ন্যাসৰ প্ৰথম বর্ষপূৰ্তি উপলক্ষে দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত সাহিত্যাচার্য, পদ্মভূষণ চৈয়দ আব্দুল মালিকৰ স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিলৈ সাহিত্যাচাৰ্য গৰাকীয়ে আগবঢ়োৱা অনন্য বৰঙণিৰ কথা সুঁৱৰি এই কথা ব্যক্ত কৰে ।

memorial programme of Sahitya Akademi Award winner Syed Abdul Malik
চৈয়দ আব্দুল মালিকৰ স্মৃতিচাৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীয়ে কয় যে, এইগৰাকী মনীষীয়ে অসমীয়া ভাষা-সাহিত্য তথা সংস্কৃতিলৈ অনন্য বৰঙণি যোগাই গৈছে । ন্যাসৰ দ্বাৰা চলোৱা এই প্ৰয়াসে নৱ প্ৰজন্মক এইগৰাকী মহান সাহিত্যিকৰ বিষয়ে জনাৰ সুযোগ প্ৰদান কৰাৰ উপৰিও তেখেতৰ সৃষ্টিৰাজিৰে অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণৰ দিশত বৰঙণি যোগোৱাৰ বাবে প্ৰেৰণা প্ৰদান কৰিব ৷ চৈয়দ মালিকে সাহিত্যৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এইগৰাকী নমস্য সাহিত্যিকে পদ্মভূষণ, সাহিত্য একাডেমী বঁটা, সাহিত্য একাডেমী ফেল’শ্বিপকে ধৰি বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ।

অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত অসমীয়া মুছলমান সমাজৰ যথেষ্ট বৰঙণি আছে ৷ অসমীয়া মুছলমান সমাজ আৰু হিন্দু সমাজৰ মাজত পূৰ্বৰে পৰা থকা সমন্বয়ৰ সাঁকোখন এতিয়াও শক্তিশালী হৈ আছে । জিকিৰ-জাৰিৰ জৰিয়তে আজান ফকীৰে সমন্বয় আৰু ভাতৃত্ববোধৰ বাণী প্ৰচাৰ কৰি গৈছে ৷ যিবোৰে আমাৰ সাংস্কৃতিক জীৱনধাৰাক শক্তিশালী কৰি তুলিছে। আজান পীৰৰ আদৰ্শক আমি ধৰি ৰাখিব পাৰিলে সমাজখন আৰু অধিক সুশৃংখলিত কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰে ৷

memorial programme of Sahitya Akademi Award winner Syed Abdul Malik
চৈয়দ আব্দুল মালিকৰ স্মৃতিচাৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী

তেওঁ লগতে কয় যে, অসমীয়া মুছলমানৰ আর্থ-সামাজিক অৱস্থাৰ উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে সমিতি গঠন কৰিছে । এই সমিতিৰ প্ৰতিবেদন পোৱাৰ পিছত সমিতিয়ে জনোৱা পৰামর্শ অনুসৰি যথাযথ পদক্ষেপ ল'ব । “চিৰদিন মই অসমীয়া” আদৰ্শৰে আমি সকলোৱে সন্মিলিতভাৱে আমাৰ ভৱিষ্যৎ শক্তিশালী কৰাৰ দিশত অৰিহণা যোগাব লাগিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে ।

জ্যেষ্ঠ সাংবাদিক ৱাছবিৰ হুছেইনে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, কৃষিমন্ত্ৰী অতুল বৰা, বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা, বিশিষ্ট সাহিত্যিক ড৹ গোবিন্দ প্ৰসাদ শর্মা, ন্যাসৰ সভাপতি আব্দুল বছিদ আহমেদ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল । অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে চৈয়দা চামিমা ৰেজিনক চৈয়দা ডায়েনা টাস্কি উৎকর্ষতাৰ বঁটা প্ৰদান কৰে ।

লগতে পঢ়ক : কংগ্ৰেছৰ ৭০ % মানুহ বাংলাদেশী মূলৰ : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.