ETV Bharat / city

নাগৰিকত্ব(সংশোধনী) আইনক লৈ দোমোজাত কেন্দ্ৰীয় চৰকাৰ

author img

By

Published : Feb 16, 2022, 2:17 PM IST

Updated : Feb 16, 2022, 2:57 PM IST

নাগৰিকত্ব সংশোধনী আইনক লৈ দোমোজাত কেন্দ্ৰীয় চৰকাৰ(Central government is looking for opportunities for 'caa') ৷ ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱাৰ দুটা বছৰ পাৰ হৈ গ'ল যদিও আজিলৈকে আইনখন কার্যকৰী কৰাৰ ক্ষেত্ৰত বিধি প্ৰস্তুত কৰা নাই কেন্দ্ৰই । বিধি প্ৰস্তুতৰ বাবে পুনৰ সময় বিচাৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ।

central government is looking for opportunities for 'caa'
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়

গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী : অসমসহ উত্তৰ-পূৰ্বাঞ্চলকে ধৰি দেশজোৰা ব্যাপক প্ৰতিবাদৰ পাছতো নৰেন্দ্ৰ মোডী চৰকাৰে দুয়োখন সদনত গৃহীত কৰিছিল নাগৰিকত্ব সংশোধনী বিধেয়ক । বিৰোধীকো গুৰুত্বহীন কৰি বিধেয়কখন গৃহীত কৰিছিল মোডী চৰকাৰে । বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছত ৰাষ্ট্ৰপতিৰো অনুমোদন হৈছিল । কিন্তু বহু বিতৰ্কিত এই নাগৰিকত্ব সংশোধনী আইনখনক(কা) লৈ এতিয়া পিছ হুঁহকিছে কেন্দ্ৰীয় চৰকাৰ ।

central government is looking for opportunities for 'caa'
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়

বিশেষকৈ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ দিহা থকা নাগৰিকত্ব সংশোধনী আইনখনত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱাৰ দুটা বছৰ পাৰ হৈ গ'ল যদিও আজিলৈকে আইনখন কার্যকৰী কৰাৰ ক্ষেত্ৰত বিধি প্ৰস্তুত কৰা নাই কেন্দ্ৰই (Rules yet to be framed for CAA implementation)। বৰং শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পুনৰ বিধি প্ৰস্তুত কৰাৰ বাবে তিনি মাহৰ সময়হে বিচাৰিছে । সেই অনুসৰি ইতিমধ্যে লোকসভা আৰু ৰাজ্যসভাৰ ছাব অৰ্ডিনেট লেজিছলেশ্যন কমিটীয়ে গৃহ মন্ত্ৰণালয়ক ‘কা’ৰ বিধি প্ৰস্তুত কৰিবলৈ ৩ মাহ নতুনকৈ সময় প্ৰদান কৰা হৈছে (MHA seeks three months for framing CAA rules)।

central government is looking for opportunities for 'caa'
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়

ইফালে অনিবার্য কাৰণত আইনখনৰ বিধি প্ৰস্তুত কৰা কাম সমাপ্ত হোৱা নাই বুলি জানিবলৈ দি কেন্দ্ৰীয় গৃহ বিভাগে প্ৰকাশ কৰা মতে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে শেহতীয়াকৈ এখন বৈঠকৰো আয়োজন কৰিছিল । উক্ত বৈঠকত 'কা'ৰ বিধি প্ৰস্তুত আৰু আইনখন কার্যকৰীকৰণৰ সন্দৰ্ভত আলোচনা কৰা হৈছিল । কিন্তু এই সন্দৰ্ভত কোনো ধৰণৰ সময়সীমা নির্ধাৰণ কৰা হোৱা নাই । উল্লেখ্য যে, ২০১৯ চনতে সংসদত নাগৰিকত্ব সংশোধনী আইনখন গৃহীত হোৱাৰ পাছত ২০২০ চনৰ ১০ জানুৱাৰীৰ পৰা দেশত উক্ত আইনখন বলৱৎ হৈছিল । পিছে আইনখনক লৈ দেশৰ বহুকেইটা দল-সংগঠনে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰিছে ।

central government is looking for opportunities for 'caa'
নাগৰিকত্ব(সংশোধনী) আইনক লৈ দোমোজাত কেন্দ্ৰীয় চৰকাৰ

আনকি আইনখন কার্যকৰীকৰণৰ ক্ষেত্ৰত বিধিও প্ৰস্তুত কৰা নাই (CAA rules yet to be framed)। বাৰে বাৰে সময়সীমা বৃদ্ধিহে কৰিছে কেন্দ্ৰই । গৃহ মন্ত্ৰণালয়ৰ এটা সূত্ৰৰ মতে কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি চাইহে উক্ত আইনখনৰ বিধিসমূহ প্ৰস্তুত কৰাৰ লগতে কার্যকৰীকৰণৰ পদক্ষেপ গ্ৰহণ কৰিব । পৰিস্থিতি অনুকুল নহ'লে আইনখন কার্যকীকৰণত পলম হ'ব পাৰে । পিছে সকলোতকৈ ডাঙৰ কথা যে 'কা’ৰ জৰিয়তে নহ'লেও কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ আইনৰ জৰিয়তেই চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা ছটা ধৰ্মৰ লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰি আছে ।

central government is looking for opportunities for 'caa'
নাগৰিকত্ব(সংশোধনী) আইনক লৈ দোমোজাত কেন্দ্ৰীয় চৰকাৰ

খোদ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰকাশ কৰা তথ্য মতে, বিগত চাৰি বছৰত উক্ত তিনিখন ৰাষ্ট্ৰৰ পৰা অহা মুঠ ৮২৪৪ জন লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন দাখিল কৰিছে । ইয়াৰ ভিতৰত ৩১১৭জন লোকক ডিচেম্বৰলৈকে নাগৰিকত্ব প্ৰদান কৰা হৈছে । মন কৰিবলগীয়া কথা যে, আজিৰ তাৰিখত উক্ত তিনিখন ৰাষ্ট্ৰৰ পৰা অহা হিন্দু, শিখ, জৈন আৰু খ্ৰীষ্টান ধর্মাৱলম্বী লোকসকলক নাগৰিকত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত কিছু নথি-পত্ৰৰ প্ৰয়োজন হয় যদিও নাগৰিকত্ব সংশোধনী আইনখন কার্যকৰী হোৱাৰ লগে লগেই অতি সহজতে উক্ত তিনিখন ৰাষ্ট্ৰৰ পৰা অহা লোকসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হ'ব ।

central government is looking for opportunities for 'caa'
নাগৰিকত্ব(সংশোধনী) আইনক লৈ দোমোজাত কেন্দ্ৰীয় চৰকাৰ

ইফালে আৰ এছ এছেও পৰিস্থিতি চাইহে নাগৰিকত্ব সংশোধনী আইনখন কার্যকৰী কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক পৰামর্শ দিছে । এনে পৰিস্থিতিত আইনী জটিলতা আৰু আইনখন কার্যকৰী হোৱাৰ পাছত সৃষ্টি হ’ব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টোত পিছ হুঁহকিবলৈ বাধ্য হৈ পৰিছে । এক কথাত ক’বলৈ হ'লে 'কা'ক লৈ সুযোগৰ সন্ধানত আছে কেন্দ্ৰীয় চৰকাৰ ।

central government is looking for opportunities for 'caa'
নাগৰিকত্ব(সংশোধনী) আইনক লৈ দোমোজাত কেন্দ্ৰীয় চৰকাৰ

লগতে পঢ়ক : FIR against Himanta Biswa Sarma:অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হায়দৰাবাদত গোচৰ ৰুজু

Last Updated : Feb 16, 2022, 2:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.