ETV Bharat / city

কামাখ্যা জংচনত নকল সোণসহ আটক বিএছএফ জোৱান

author img

By

Published : Nov 7, 2019, 2:49 AM IST

Updated : Nov 7, 2019, 4:17 AM IST

নকল সোণসহ আটক বিএছএফ জোৱান

বুধবাৰে কামাখ্যা ৰেলৱে জংচনত আটক হয় এগৰাকী বিএছএফ জোৱান ৷ সন্দেহজনক অৱস্থাত ঘুৰি থকা জোৱানজনৰ পৰা ৰেলৱে আৰক্ষীয়ে জব্দ কৰে নকল সোণ ৷

গুৱাহাটী, 6 নৱেম্বৰঃ অপৰাধীৰ ঘাটিলৈ পৰিনত হৈছে গুৱাহাটী মহানগৰী ৷ মহানগৰীত সংঘটিত অপৰাধৰ মাত্ৰালৈ চাই এতিয়া একাংশ চৰকাৰী কৰ্মচাৰীও নামি পৰিছে অপৰাধমুলক কাৰ্যকলাপত ৷ বুধবাৰে মহানগৰীত গ্ৰেপ্তাৰ হয় এগৰাকী বিএছএফ জোৱান ৷ অপৰাধমুলক কাৰ্যকলাপত জড়িত থকাৰ বাবেই গ্ৰেপ্তাৰ হয় জোৱানজন ৷

নকল সোণসহ আটক বিএছএফ জোৱান

বুধবাৰে মহানগৰীৰ কামাখ্যা ৰেলৱে জংচনত সন্দেহজনকভাৱে ঘুৰা ফুৰা কৰি আছিল দুজন লোক ৷ পৰৱৰ্তী সময়ত ৰেলৱে আৰক্ষীৰ সন্দেহ হোৱাত লোকদুজনক সোধা-পোচা কৰিবলৈ লৈ আনে ৷ জংচনৰ 4নং প্লেটফৰ্মৰ পৰা দুয়োগৰাকী লোকক লৈ আনি ৰেলৱে আৰক্ষীয়ে সোধা-পোচা কৰে ৷ আৰক্ষীয়ে প্ৰাথমিক তদন্ত কালতে দুয়োগৰাকী লোকৰ পৰা 2 কিলোগ্ৰাম ওজনৰ নকল সোণৰ নাও এখন জব্দ কৰিবলৈ সক্ষম হয় ৷ নকল সোণসহ গ্ৰেপ্তাৰ হোৱা লোকজনৰ এগৰাকী কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ বিএছএফৰ 138 বেটালিয়নত কৰ্মৰত জোৱান বুলি জনাইছে ৰেলৱে আৰক্ষীয়ে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ধৃত জোৱানজনৰ নাম সুৰেন্দৰ সিং আৰু তেওঁৰ লগত অহা লোকজনৰ নাম সুৰজ মল ৷ ৰেলৱে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, লক্ষীমপুৰৰ পৰা নগদ দুইলাখ টকাত ক্ৰয় কৰিছিল সোণৰ নাওখন আৰু ইতিপূৰ্বেই তেওঁলোকে তাৰ নমুনা ৰাজস্থানস্থিত নিজ গৃহলৈ লৈ গৈছিল ৷ সম্প্ৰতি ৰেলৱে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে ৷

Intro:কামাখ্যা ৰে'লৱে আৰক্ষীৰ জালত বি এছ এফ জোৱান। নকল সোণ সৰবৰাহৰ অভিযোগত আটক বি এছ এফ জোৱানসহ আন এজন। বি এছ এফ জোৱান সুৰেন্দৰ সিং আৰু সুৰজ মল নাম লোকজনে মালিগাঁও কামাখ্যা ষ্টেচনৰ ৪নং প্লেটফৰ্মত সন্দেহজনকভাৱে ঘুৰি আছিল। তেনে অৱস্থাতে ৰে'ল আৰক্ষীয়ে প্ৰত্যক্ষ কৰি দুয়োকে সোধা পোছা কৰে। এই সময়তে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ২ কে জি নকল সোণ। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি নকল সোন বিক্ৰীৰ বাবে ৰাজস্থানৰ পৰা আহিছিল বি এছ এফ জোৱান সুৰেন্দৰ সিং। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া।Body:Hirul Haque Conclusion:Guwahati
Last Updated :Nov 7, 2019, 4:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.