ETV Bharat / city

বিধায়ক চিৰাজউদ্দীনৰ ভাষ্যক লৈ মৌনতা অৱলম্বন অসম সাহিত্য সভাৰ

author img

By

Published : Apr 2, 2022, 8:11 PM IST

no-reaction-on-sirajuddin-ajmals-insult-to-assamese-language-by-asam-sahitya-sabha
বিধায়ক চিৰাজউদ্দীনৰ ভাষ্যক লৈ মৌনতা অৱলম্বন অসম সাহিত্য সভাৰ

শেহতীয়াকৈ বিধায়ক চিৰাজউদ্দীন আজমলে অসমীয়া ভাষাকলৈ কৰা মন্তব্য়ৰ ওপৰত কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে অসম সাহিত্য সভা (Asam Sahitya Sabha) ৷ শনিবাৰে অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক যাদৱ শৰ্মাই অসম সাহিত্য সভাৰ সকলো কৰ্মকৰ্তা বিভিন্ন কামত ব্যস্ত হৈ থকা বাবে এই সন্দৰ্ভত কোনোধৰণৰ মন্তব্য নাই কৰা বুলি সাংবাদিকৰ আগত জনায় ৷

গুৱাহাটী, 2এপ্ৰিল : অসমীয়াৰ ভাষাক চূড়ান্তভাৱে অপমান কৰা যমুনামুখৰ বিধায়ক চিৰাজউদ্দীন আজমলৰ বিৰুদ্ধে মৌন হৈ আছে অসম সাহিত্য সভা (Assam Sahitya Sabha's silence over Sirajuddin Ajmal controversy) ৷ শুকুৰবাৰে অসম বিধানসভাৰ চৌহদত এআইইউডিএফৰ বিধায়ক জনে অসমীয়া ভাষাক চূড়ান্ত ভাৱে তুচ্ছ-তাচ্ছিল্য কৰাৰ 24 ঘন্টাৰ পাছতো এইপৰ্যন্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকে অসম সাহিত্য সভা ৷

বিধায়ক চিৰাজউদ্দীনৰ ভাষ্যক লৈ মৌনতা অৱলম্বন অসম সাহিত্য সভাৰ

উল্লেখ্য যে, অসম বিধানসভাৰ চৌহদত "অসমীয়া ভাষাক কোনে চিনি পায়, মই অসমীয়া ভাষা নকওঁ । অসমীয়া কেইটা আছে । আজমল ইন্টাৰনেচনেল মানুহ । এআইইউডিএফ ৰাষ্ট্ৰীয় দল । মই ইংৰাজীহে কম" এইবুলি অসমীয়া ভাষাৰ বিৰুদ্ধে তীৰ্যক মন্তব্য প্ৰকাশ কৰিছিল বিধায়ক চিৰাজউদ্দীন আজমলে (Sirajuddin Ajmals insult to Assamese language) ৷ এইদৰে অসমতে অসমীয়া ভাষাক অপমান কৰাৰ ফলত ক্ষোভিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ বিভিন্ন দল-সংগঠন ৷

ইতিমধ্যে অসমীয়া ভাষাক অপমান কৰা এআইইউডিএফৰ বিধায়কগৰাকীয়ে সামাজিক মাধ্যমযোগে অসমীয়াৰ জাতীয় স্বাভিমান অসম সাহিত্য সভাৰ আজীৱন সদস্য বুলি নিজকে স্পষ্টকৈ পৰিচয় দিছে । অসমীয়া জাতীয় সত্তাৰ আজীৱন সদস্য হৈয়ো অসমীয়া ভাষাক চূড়ান্ত অপমান কৰা আজমলৰ সন্দৰ্ভত কিয় এইপৰ্যন্ত অসম সাহিত্য সভাই কোনোধৰণৰ পদক্ষেপ হাতত লোৱা নাই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৷

এইক্ষেত্ৰত অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক যাদৱ শৰ্মাই ‘‘ আমি এই বিষয়ত আজি মন্তব্য নিদিওঁ । কোনোবাই মাতৃভাষাক অপমানসূচক মন্তব্য কৰিলে অসম সাহিত্য সভাই তাৰ বিৰুদ্ধে মাত মাতিব । অন্য কামত ব্যস্ত থকা বাবেই এই বিষয়টো আজি মন্তব্য নিদিওঁ ৷ এই কথাবোৰ চাব লাগিব মই যিহেতু নতুন । 41 হাজাৰ আজীৱন সদস্য আছে । গতিকে একেষাৰতে আজীৱন সদস্য হয় বা নহয় কব নোৱাৰিম ’’ এই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷

লগতে পঢ়ক : Insult to Assamese language: বিধায়ক চিৰাজউদ্দীনৰ ভাষ্যক লৈ কলিয়াবৰ ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.