ETV Bharat / city

ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ১.২৯ শতাংশলৈ বৃদ্ধি

author img

By

Published : Jan 4, 2022, 10:52 PM IST

ক’ভিড-19এ পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে ৰাজ্যত (Covid cases increasing in Assam) ৷ যাক লৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ । মঙলবাৰৰ দিনটোত কামৰূপ মহানগৰ জিলাত ৪৭৫গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণাৰ উপস্থিতি ।

ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ১.২৯ শতাংশলৈ বৃদ্ধি
ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ১.২৯ শতাংশলৈ বৃদ্ধি

গুৱাহাটী, ৪ ডিচেম্বৰঃ অসমৰ ক'ভিড পৰিস্থিতিয়ে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Covid cases increasing in Assam) । মঙলবাৰৰ দিনটোত ক'ভিড আক্ৰান্তৰ হাৰ ১.২৯ শতাংশলৈ বৃদ্ধি পায় । অসমত কৰ'ণাৰ তৃতীয় ঢৌ আৰম্ভ হোৱাৰ সম্ভাৱনাত (Possibilities of Covid third wave in Assam) উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ । এটা দিনতে ক’ভিড আক্ৰান্তৰ হাৰ ১.২৯ শতাংশলৈ বৃদ্ধি পোৱাত সকলো আতংকিত হৈ পৰিছে ।

মঙলবাৰৰ দিনটোত অসমত ৪৭৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19 । এই সংখ্যা সোমবাৰৰ তুলনাত দুগুণ হৈছে । মঙলবাৰৰ দিনটোত ৩৬ হাজাৰ ৭৮১গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল । ইয়াৰ ভিতৰত ৪৭৫ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে ।

আনহাতে আজিৰ দিনটোত ৩ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হয় । মঙলবাৰৰ দিনটোত কামৰূপ মহানগৰ জিলাত ১৯০গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণাৰ উপস্থিতি । সমগ্ৰ ৰাজ্যতে পৰিস্থিতি ক্ৰমাৎ বেয়াৰ দিশে গতি কৰাৰ সমন্তৰালকৈ বিশেষকৈ গুৱাহাটী মহানগৰীত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ হৈছে ।

উল্লেখ যে, ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ৯ হাজাৰ বিছনা সাজু কৰি ৰাখিছে । প্ৰয়োজনত আৰু ২৫ হাজাৰ বিছনা সাজু কৰাৰ বাবে প্ৰস্তুত হৈ আছে স্বাস্থ্য বিভাগ ।

লগতে পঢ়ক: Omicron in Assam: অ’মিক্ৰণক লৈ অভয়বাণী স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.