ETV Bharat / city

উত্তৰাখণ্ড বিতৰ্ক : অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Feb 14, 2022, 8:40 PM IST

ৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় সন্দৰ্ভত উত্তৰাখণ্ডত বিতৰ্কিত মন্তব্য কৰি দেশত সমালোচিত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সোমবাৰে এই মন্তব্যক লৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছে গুৱাহাটীৰ দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে (Assam Pradesh Youth Congress protest against Himanta Biswa's controversial stamentment ) ।

assam-pradesh-youth-congress-protest-against-himanta-biswas-controversial-stamentment
অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী, 14 ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় সন্দৰ্ভত উত্তৰাখণ্ডত কৰা অপমানসূচক মন্তব্য (Himanta Biswa's controversial stamentment in Uttarakhand ) ৰ বাবে ৰাজ্যজুৰি এতিয়াও অব্যাহত আছে প্ৰতিবাদ । এই ঘটনাৰ তীব্ৰ নিন্দা কৰি সোমবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছে গুৱাহাটীৰ দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ।

এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদী যুৱ কংগ্ৰেছৰ সদস্যসকলে হিমন্ত বিশ্ব হায় হায়, সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক, নাৰীসত্তাক অপমান কৰা বন্ধ কৰক আদি শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে (Assam Pradesh Youth Congress protest against Himanta Biswa's controversial stamentment ) । লগতে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিও দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷

উত্তৰাখণ্ড বিতৰ্ক : অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ভাষণ প্ৰসংগত যুৱ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি ৰাতুল পাটোৱাৰীয়ে কয় যে, এগৰাকী প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী তথা দেশৰ এগৰাকী সন্মানীয় মহিলা নেত্ৰী ছোনিয়া গান্ধীৰ পুত্ৰ ৰাহুল গান্ধীৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিলে (CM Himanta Biswa targetting Rahul Gandhi) সেয়া দুৰ্ভাগ্যজনক । ৰাহুল গান্ধী দেশৰ এগৰাকী প্ৰাক্তন শ্বহীদ প্ৰধানমন্ত্ৰীৰ পুত্ৰ । আজি অসমৰ মুখ্যমন্ত্ৰী বুলি তেখেতক ক’বলৈ লাজ লাগিছে বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে ।

লগতে নিজৰ মুখৰ অশ্লীল, অশোভনীয় মন্তব্যৰে হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ আগত লজ্জানত কৰিলে । যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই এই কথা উঠাই নলয় আৰু ৰাজহুৱাভাৱে ক্ষমা নোখোজে তেতিয়ালৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ এই প্ৰতিবাদ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত থাকিব আৰু ইয়াতকৈ অধিক তীব্ৰতৰ ৰূপত গণতান্ত্ৰিক আন্দোলন আৰম্ভ হ’ব বুলি যুৱ কংগ্ৰেছৰ নেতৃত্বই সদৰি কৰে । ইফালে প্ৰতিবাদী দলটোক আৰক্ষীয়ে আটক কৰি নিয়ে যদিও পিছত মুক্তি দিয়ে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Majuli by election 2022: নিৰ্বাচন বৰ্জনৰ যোৱাৰ উঠিছে সত্ৰ নগৰী মাজুলীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.