ETV Bharat / city

Demand for ban PFI: পি এফ আইক বিপজ্জনক আখ্যা ডাঃ নোমল ম’মিনৰ

author img

By

Published : May 9, 2022, 9:37 PM IST

পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আইক বিপজ্জনক সংগঠন আখ্যা অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ (Assam Assembly Dy Speaker calls PFI dangerous organisation)৷ সংগঠনটোক অতি শীঘ্ৰে নিষিদ্ধ ঘোষণা কৰিবলৈও দাবী জনালে অসম বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে ৷

Demand for ban PFI
Demand for ban PFI

নিউজ ডেস্ক, 9 মে’: অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে সোমবাৰে কয় যে, পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আই হৈছে এটা বিপজ্জনক সংগঠন (Assam Assembly Dy Speaker calls PFI dangerous organisation) ৷ পি এফ আয়ে এটা উগ্ৰপন্থী সংগঠনৰ দৰে কাৰ্য কৰি থকা বুলি অভিযোগ তুলি সংগঠনটোক শীঘ্ৰে নিষিদ্ধ ঘোষণা কৰিবলৈও দাবী জনায় ডাঃ নোমল মমিনে (Numal Momin demands for ban PFI)৷

ডাঃ মমিনে কয় যে, শীঘ্ৰেই পি এফ আই নামৰ সংগঠনটোক নিষিদ্ধ ঘোষণা কৰিব লাগে (Numal Momin on PFI)৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে তেওঁলোকে ৰচনা কৰা পৰিকল্পনা সমূহ সমূলি ভাল নহয় ৷ আমাৰ জাতি আৰু দেশৰ নিৰাপত্তাৰ বাবে পি এফ আইক অতি শীঘ্ৰে নিষিদ্ধ ঘোষণা কৰি তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

কা’ বিৰোধী আন্দোলনৰ (Anti CAA protest in Assam) সময়ত অসমত এই সংগঠনৰ সৈতে জড়িত বহুকেইজন লোকক আটক কৰা বুলি উদ্ধৃতি দি বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে কয় যে, কেন্দ্ৰই পি এফ আইক উগ্ৰপন্থী সংগঠন হিচাপে গণ্য কৰা উচিত ৷

তেওঁ লগতে কয় যে, কা’ আন্দোলনৰ সময়ত গুৱাহাটী জ্বলিছিল ৷ চৰকাৰ তথা দেশখনক অস্থিৰ কৰা, উত্তৰ-পূৰ্বাঞ্চলl ধ্বংসাত্মক কাৰ্যকলাপ কৰা আদিত পি এফ আই জড়িত থকা বুলি অভিযোগ কৰে ডাঃ নোমল মমিনে ৷ কেইদিনমান পূৰ্বে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়েও পি এফ আইক বিপজ্জনক সংগঠন বুলি মন্তব্য কৰি সংগঠনটোৱে দেশখন অস্থিৰ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ তোলে ৷

লগতে পঢ়ক : ডাউদৰ সহযোগীৰ বিৰুদ্ধে মুম্বাইত NIA ৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.