ETV Bharat / city

সমালোচনা কৰিলেও সময়ৰ সৈতে খোজ মিলাই আগুৱাই যাব লাগিব : অতুল বৰা

author img

By

Published : Dec 10, 2021, 8:03 PM IST

Minister Atul Bora
সমালোচনা কৰিলেও সময়ৰ সৈতে খোজ মিলাই আগুৱাই যাব অগপই

শুকুৰবাৰে অগপৰ গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত আৰু দিশপুৰ বিধান পৰিষদৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় শ্বহীদ দিৱস(Swahid Divas)ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰা(Minister Atul Bora)ই ৷ ভাষণ প্ৰসংগত মন্ত্ৰী বৰাই অসম আন্দোলনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মিত্ৰতাৰে চৰকাৰ গঠনলৈকে বহুখিনি বিষয়ত মন্তব্য দিয়ে ৷

গুৱাহাটী, ১০ ডিচেম্বৰঃ ৰাজ্যখনৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰেই অগপৰ জন্ম হৈছিল আৰু সেই লক্ষ্যৰ পৰা আমি অলপো আঁতৰি যোৱা নাই । এই মন্তব্য অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা(President of Asom Gana Parishad)ৰ । শুকুৰবাৰে অগপৰ গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত আৰু দিশপুৰ বিধান পৰিষদৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় শ্বহীদ দিৱস(Swahid Divas observes)ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী বৰাই এইদৰে কয় ।

ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে জাতীয় শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত প্ৰতিবছৰৰ দৰে এইবেলিও অসম গণ পৰিষদ দলে ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰে (AGP Observes Swahid Divas Across the State) । অগপই শ্বহীদ দিৱসৰ অনুষ্ঠানটো কেন্দ্ৰীয়ভাৱে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰে । অনুষ্ঠানৰ আৰম্ভনিতে স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থত প্ৰাণাহুতি দিয়া ঐতিহাসিক অসম আন্দোলনৰ বীৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰা হয় ।

সমালোচনা কৰিলেও সময়ৰ সৈতে খোজ মিলাই আগুৱাই যাব অগপই

আজিৰ অনুষ্ঠানতেই শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জ্যেষ্ঠ ভাতৃ প্ৰিয়ৱৎ তালুকদাৰ আৰু শ্বহীদ নৰেন শৰ্মাৰ কন্যা জিন্তিমণি দেৱী শৰ্মাক সম্বৰ্ধনা জনোৱা হয় । কেন্দ্ৰীয় অনুষ্ঠানত পতাকা উত্তোলন কৰে সভাপতি তথা মন্ত্ৰী অতুল বৰাই । শ্বহীদ তৰ্পন কাৰ্যসূচী মুকলি কৰে কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই । সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে স্মৃতিচাৰণ তথা মুকলি সভাত সভাপতিত্ব কৰে সভাপতি অতুল বৰাই ।

ভাষণ প্ৰসংগত সভাপতি বৰাই কয় যে, পৰিস্থিতি সাপেক্ষে বিজেপিৰে মিত্ৰতা(AGP BJP alliance) কৰি চৰকাৰত থাকিলেও অগপই আন্তৰিকতাৰে অসমৰ স্বাৰ্থত কাম কৰি আহিছে । ঐতিহাসিক অসম আন্দোলনৰ প্ৰসংগ উল্লেখ কৰি তেওঁ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । তেওঁ কয় যে, অসম আন্দোলনৰ সময়তো একাংশ লোকে সমালোচনাৰে মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰয়াস কৰিছিল । সেই প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে । একাংশ লোকে দলটোক ক্ষতি কৰিব বিচাৰে । কিন্তু আমি আমাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি আগুৱাই যাব লাগিব বুলি তেওঁ ভাষনত উল্লেখ কৰে ।

আমি জানি শুনি ভুল নকৰো বুলি উল্লেখ কৰি তেওঁ কয় যে, অতীতৰ ভুলে আমাক শিকাইছে । মিত্ৰজোঁটৰ চৰকাৰখনক প্ৰশংসা কৰি তেওঁ চৰকাৰখনে লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে । ভাষণত তেওঁ অসম চুক্তি আৰু এন আৰ চিৰ প্ৰসংগও উল্লেখ কৰে । কোনোবাই সমালোচনা কৰিলেও আমি সময়ৰ সৈতে খোজ মিলাই আগুৱাই যাব লাগিব বুলি তেওঁ কয় । সভাপতি বৰাই জাতীয় শ্বহীদসকলৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰি অগপ দলে জাতীয় দায়বদ্ধতা পালন কৰি যাব বুলি দৃঢ়তাৰে মতপোষণ কৰে । খিলঞ্জীয়াৰ স্বাভিমান আৰু অস্তিত্ব ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে চৰকাৰে অসম চুক্তি ৰূপায়ণ(Assam accord)ৰ ক্ষেত্ৰত আন্তৰিকতাৰে কাম কৰিছে । আনহাতে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই অগপৰ জন্মলগ্নৰ পটভূমিৰ পৰা আঁতৰি অহা নাই বুলি উল্লেখ কৰি শ্বহীদসকলৰ ত্যাগক দলটোৱে মনত ৰাখি কাম কৰিব বুলি কয় ।

অনুষ্ঠানত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডা: কমলাকান্ত কলিতা, নুৰুল হুছেইন, মনোজ শইকীয়া, প্ৰবীণ হাজৰিকা, হিৰণ্য কুমাৰ কোৱঁৰ, সত্যব্ৰত কলিতা, বিমলেন্দু সিংহ, বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, সুনীল ডেকাকে ধৰি দলৰ উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, দলৰ কেন্দ্ৰীয় সমিতি তথা ভাতৃ-ভগ্নী সংগঠনসমূহৰ বিষয়ববীয়াসকল, কৰ্মকৰ্তাসকল আৰু জাতীয় শ্বহীদ পৰিয়ালৰ সদস্যসকল উপস্থিত আছিল ।

লগতে পঢ়ক: শ্বহীদ প্ৰণামো তোমাক : জাতিৰক্ষাৰ যুঁজত আত্মবলিদান দিয়া শ্বহীদক ৰাজ্যজুৰি সোঁৱৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.