ETV Bharat / city

চন্দ্ৰপুৰত সদৌ অসম ট্ৰাইবেল সংঘৰ নৱম ত্ৰি-বাৰ্ষিক অধিৱেশনৰ সামৰণি

author img

By

Published : Nov 14, 2021, 7:29 AM IST

চন্দ্ৰপুৰস্থিত গোৱৰ্ধন গাৰোগাঁও খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম ট্ৰাইবেল সংঘ (All Assam Tribel Association)ৰ নৱম ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনৰ সামৰণি পৰে ৷ উক্ত সভাত প্ৰাগজ্যোতিষপুৰ জিলা ট্ৰেইবেল সংঘৰ সভাপতি চাঞ্চিৰাম পায়েঙৰ পৌৰহিত্যত জনগোষ্ঠীয় লোকসকলৰ ভূমি পত্তাকে ধৰি তেওঁলোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ ওপৰত আলোচনা কৰা হয় ।

9th-annual-session-of-all-assam-tribel-association-in-chandrapur-to-be-held
চন্দ্ৰপুৰত সদৌ অসম ট্ৰাইবেল সংঘৰ নৱম ত্ৰি-বাৰ্ষিক অধিৱেশনৰ সামৰণি

গুৱাহাটী, 14 নৱেম্বৰ : মহানগৰীৰ চন্দ্ৰপুৰস্থিত গোৱৰ্ধন গাৰোগাঁও খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম ট্ৰাইবেল সংঘৰ (All Assam Tribel Association) নৱম ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনৰ শনিবাৰে সামৰণি পৰে। প্ৰাগজ্যোতিষপুৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত এই অধিৱেশনৰ শেষৰ দিনা অৰ্থাৎ শনিবাৰে পুৱাৰ ভাগত পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।

9th-annual-session-of-all-assam-tribel-association-in-chandrapur-to-be-held
চন্দ্ৰপুৰত সদৌ অসম ট্ৰাইবেল সংঘৰ নৱম ত্ৰি-বাৰ্ষিক অধিৱেশনৰ সামৰণি

পতাকা উত্তোলনৰ পাচতে স্মৃতি তৰ্পণ কৰে সংঘৰ সম্পাদক ধীৰেন চন্দ্ৰ বসুমতাৰীয়ে । ইফালে দিনৰ 11 বজাত খেলপথাৰ প্ৰাংগণৰ পৰা বিভিন্ন জাতি-জনজাতিৰ সমাহাৰেৰে এক বাৰেৰহনীয়া সংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । লগতে বিয়লি ভাগত এখন মুকলি সভা অনুস্থিত কৰা হয় ৷ উক্ত সভাত প্ৰাগজ্যোতিষপুৰ জিলা ট্ৰেইবেল সংঘৰ সভাপতি চাঞ্চিৰাম পায়েঙৰ পৌৰহিত্যত জনগোষ্ঠীয় লোকসকলৰ ভূমি পত্তাকে ধৰি তেওঁলোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ ওপৰত আলোচনা কৰা হয় ।

এই অনুষ্ঠানটোত সাহিত্যিক ৰত্নেশ্বৰ বসুমতাৰী, সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰধান সম্পাদক আদিত্য খাখলাৰী, ৰাজ্যিক কাৰ্যনিৰ্বাহক দ্বীপেন কাথাৰ, প্ৰাক্তন প্ৰশাসনিক বিষয়া লক্ষী ফাংছো, জ্যেষ্ঠ অধিবক্তা ৰাজু দেউৰীকে ধৰি বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।

লগতে পঢ়ক : BTR POLITICS : হঠাৎ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা হাগ্ৰামাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.