ETV Bharat / city

ট্ৰাকৰ ইঞ্জিনত উদ্ধাৰ প্ৰায় 4.5 কোটি টকাৰ হেৰ’ইন; দুজনক আটক

author img

By

Published : Aug 19, 2021, 4:56 PM IST

heroin seized
4.5 কোটি টকাৰ হেৰ’ইন

বশিষ্ঠ আৰক্ষীৰ তালাচী অভিযানত জব্দ হেৰ’ইন । মণিপুৰৰ পৰা অহা এখন ট্ৰাকৰ ইঞ্জিনত উদ্ধাৰ হৈছে ৬৬০ গ্ৰাম ওজনৰ হেৰ’ইন ৷ জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় চাৰে চাৰি কোটি টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷

গুৱাহাটী, 19 আগষ্ট : ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান ৷ যোৰাবাটত বৃহস্পতিবাৰে পুৱা বশিষ্ঠ আৰক্ষীয়ে তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ হেৰ’ইন ৷ মণিপুৰৰ পৰা অহা এম এন-০৪-৯৮৬৬ নম্বৰৰ এখন ট্ৰাকত উদ্ধাৰ কৰে নিষিদ্ধ হেৰ’ইন । 60 টা চাবোনৰ বাকচত উদ্ধাৰ হৈছে প্ৰায় 660 গ্ৰাম হেৰ’ইন ৷

গোপন সূত্ৰৰ পম খেদি পুৱা প্ৰায় চাৰে চাৰি বজাত আৰক্ষীয়ে তালাচী অভিযান চলাই যোৰাবাটত ৷ মণিপুৰৰ পৰা অহা ট্ৰাকখনত তালাচী চলোৱাত ইঞ্জিনৰ ঢাকনিৰ ভিতৰত উদ্ধাৰ হয় হেৰ’ইনখিনি ৷ লগে লগে আৰক্ষীয়ে আটক কৰে ট্ৰাকখনৰ দুয়োজন চালক এম ডি ৱাৰিছ ওৰফে অভয় আৰু জেনিচন টায়েনজামক ৷

heroin seized
বশিষ্ঠ আৰক্ষীৰ তালাচী অভিযানত জব্দ হেৰ’ইন

লগতে পঢ়ক : ১৮২৫ দিনত বলাৎকাৰৰ বলি ১৮,৬৯৩ গৰাকী শিশু কন্যা আৰু যুৱতী

দুয়োজনৰে পৰা হেৰ’ইনৰ লগতে আৰক্ষীয়ে জব্দ কৰে 45 হাজাৰ টকা আৰু দুটা ম’বাইল ফোন ৷ ড্ৰাগছসহ আটক হোৱা দুই ট্ৰাক চালকক পৰৱৰ্তী সময়ত লৈ অহা হয় বশিষ্ঠ থানালৈ ৷ জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় চাৰে চাৰি কোটি টকা হ'ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 1533/21 নম্বৰত বশিষ্ঠ থানাত এটা গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে ৷ এই ড্ৰাগছৰ বিৰোধী সফল অভিযানৰ বাবে টুইটাৰযোগে অসম আৰক্ষীক প্ৰশংসা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : জালিয়াতি কৰি ৰঙা ঘৰৰ আলহী হ’ল জিয়াবুৰ আৰু লিয়াকত

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হৈয়েই ৰাজ্যক ড্ৰাগছ মুক্ত কৰাৰ সংকল্প লৈছিল হিমন্ত বিশ্ব শৰ্মাই ৷ সেই অনুসৰিয়েই অসম আৰক্ষীৰ অধীক্ষক পৰ্যায়ত ব্যাপক ৰদ-বদল কৰি আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তাৰ পাচতে ৰাজ্যত ভয়ানকভাৱে শিপা মেলা ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে যুঁজত নামি পৰিছিল আৰক্ষী ৷

শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলা সমূহৰ লগতে কাৰ্বি আংলং, ডিমাহাছাও আৰু বৰাকৰ তিনিওখন জিলাত চলিল আৰক্ষীৰ অভিযান ৷ জব্দ হ’ল কোটি কোটি টকাৰ ড্ৰাগছ আৰু গ্ৰেপ্তাৰ হ’ল বহু সৰবৰাহকাৰী তথা ড্ৰাগছ মাফিয়া ৷ নগাঁও, বৰপেটা, কাৰ্বি আংলং আদিত ড্ৰাগছ মাফিয়ালৈ উদ্দেশ্যি গুলীও চলাবলৈ বাধ্য হ’ল অসম আৰক্ষী ৷

ড্ৰাগছৰ বিৰোধিতাৰে আৰক্ষী নামি পৰিছে যুঁজত ৷ কিন্তু তথাপিও সুৰুঙা উলিয়াই একাংশই চলাই গৈছে ড্ৰাগছৰ বেহা ৷ যাৰ বাবে ড্ৰাগছ সৰবৰাহৰ শিকলিডাল বৰ্তমানেও সম্পূৰ্ণ ৰূপে ছিঙিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী ৷

লগতে পঢ়ক : তৃতীয়বাৰলৈ বিয়াত বহিল তাৰামিঞা : কোন শতৰুৰ জ্বলিছে হিয়া ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.