ETV Bharat / city

২০২১ত কাৰ দখললৈ যাব পশ্চিম গুৱাহাটী সমষ্টি ?

author img

By

Published : Aug 28, 2020, 1:40 PM IST

Updated : Aug 28, 2020, 4:43 PM IST

জল্পনা-কল্পনা বাঢ়িছে প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ মাজত । ২০২১ৰ বিধানসভা নিৰ্বাচনত কাৰ দখললৈ যাব পশ্চিম গুৱাহাটী সমষ্টি ? বৰ্তমান অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দখলত আছে সমষ্টিটো । আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাত চৰ্চাত আছে দেৱান ধ্ৰুৱজ্যোতি মৰল, অশোক ভৰালী আৰু বাবু বৰুৱাৰ নাম ।

২০২১ত কাৰ দখললৈ যাব পশ্চিম গুৱাহাটী সমষ্টি?
২০২১ত কাৰ দখললৈ যাব পশ্চিম গুৱাহাটী সমষ্টি?

গুৱাহাটী, 28 আগষ্ট : ২০২১ত পশ্চিম গুৱাহাটী সমষ্টিত কাৰ আধিপত্য চলিব তাকে লৈ বৰ্তমান চৰ্চা আৰম্ভ হৈছে ৰাজনৈতিক মহলত । বৰ্তমান অসম গণ পৰিষদৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দখলত আছে পশ্চিম গুৱাহাটী সমষ্টি । ২০১৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰদল অগপক এৰি দিছিল ৫৪নং পশ্চিম গুৱাহাটী সমষ্টি । কিন্তু এতিয়া প্ৰশ্ন হৈছে যে, বিগত নিৰ্বাচনৰ দৰে এইবাৰো বিজেপিয়ে অগপক এৰি দিব নেকি গুৱাহাটীৰ গুৰুত্বপূৰ্ণ এই সমষ্টিটো ।

২০২১ত কাৰ দখললৈ যাব পশ্চিম গুৱাহাটী সমষ্টি?
অশোক ভৰালী

অন্য আসনৰে বুজাবুজি হ'লেও এইবাৰ বি জে পিয়ে পশ্চিম গুৱাহাটী সমষ্টি অসম গণ পৰিষদক এৰি দিয়াৰ আশা ক্ষীণ বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে । ইতিমধ্যে বিজেপিৰ কেইবাগৰাকীও নেতাই সমষ্টিটোত নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে । বিজেপিৰ ৰাজ্যিক মিডিয়া কোষৰ মুখ্য আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, বিজেপি নেতা অশোক ভৰালী আদিৰ নাম প্ৰাৰ্থীত্ব লাভৰ যুঁজত চৰ্চাত আছে ।

২০২১ত কাৰ দখললৈ যাব পশ্চিম গুৱাহাটী সমষ্টি?
দেৱান ধ্ৰুৱজ্যোতি মৰল

ইয়াৰে দেৱান ধ্ৰুৱজ্যোতি মৰল সমষ্টিটোৰ স্থানীয় বাসিন্দা । তাৰোপৰি দলটোৰ সংবাদ বিভাগটো নিষ্ঠাৰে চোৱা-চিতা কৰি অহাৰ লগতে পশ্চিম গুৱাহাটী সমষ্টিত বিশেষ জনপ্ৰিয়তাও আছে । যদিহে সমষ্টিটোত বিজেপিয়ে তেখেতক প্ৰাৰ্থী ঘোষোণা কৰে তেন্তে ধ্ৰুৱজ্যোতি মৰলে অগ্ৰাধিকাৰ পাব বুলি গুজব উঠিছে । আনহাতে, বিজেপি নেতা তথা অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক অকোশ কুমাৰ ভৰালীয়েও সমষ্টিটোত বিশেষ তৎপৰতা আৰম্ভ কৰিছে । তেখেত টিকটৰ বাবে প্ৰৱল দাবীদাৰ বুলি চৰ্চিত হৈছে ।

২০২১ত কাৰ দখললৈ যাব পশ্চিম গুৱাহাটী সমষ্টি?
ৰমেন্দ্ৰ নাৰায়ণ কলিতা

উল্লেখ্য যে, বিজেপিয়ে পশ্চিম গুৱাহাটী সমষ্টি অগপক এৰি নিদিলেও হাতীৰ চিহ্নতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি বৰ্তমানৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই স্পষ্ট কৰি দিছে । ৫ বাৰকৈ এই সমষ্টিটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে কলিতা । তেনেক্ষেত্ৰত এইটো সমষ্টিটোৰ বাবে যে দুই মিত্ৰদলৰ মাজত টনা-আঁজোৰা হ'ব সেয়া নিশ্চিত । ইফালে ন-কংগ্ৰেছী তথা গায়ক বাবু বৰুৱাই পশ্চিম গুৱাহাটীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ মন মেলিছে । ইতিমধ্যে সেয়া মুকলিকৈ তেখেতে ঘোষণা কৰিছে ।

২০২১ত কাৰ দখললৈ যাব পশ্চিম গুৱাহাটী সমষ্টি?
বাবু বৰুৱা

পিছে কংগ্ৰেছে কাক টিকট দিয়ে সেয়া কিছুদিন পিছতহে স্পষ্ট হ'ব । যি কি নহওঁক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ মাজত জল্পনা-কল্পনা তীব্ৰতৰ হৈছে ।

লগতে পঢ়ক : বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা নিদিয়াকৈ উত্তীৰ্ণ হ'ব নোৱাৰে শিক্ষাৰ্থী : উচ্চতম ন্যায়ালয়

Last Updated : Aug 28, 2020, 4:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.