ETV Bharat / city

নামৰূপ সাৰ কাৰখানাৰ কেলেংকাৰীত জড়িত এজনক আটক

author img

By

Published : Mar 26, 2022, 9:06 PM IST

নামৰূপ সাৰ কাৰখানাৰ কেলেংকাৰী সন্দৰ্ভত নামৰূপ আৰক্ষীয়ে অভিযান চলাই নামৰূপ থানাৰ গোচৰ নং 111/21 ত ভাৰতীয় দণ্ডবিধিৰ অধীনত বেগিঙৰ চেতিয়া ইনফ'ৰ ছুপাৰভাইজাৰ সন্তোষ চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰে (One arrested in fertilizer scam) ৷

one-people-of-namrup-fertilizer-industry-arrested-for-corruption
নামৰূপ সাৰ কাৰখানাৰ কেলেংকাৰীত জড়িত এজনক আটক

মৰাণ, 26 মাৰ্চ : উত্তৰ-পূৱৰ একমাত্ৰ সাৰ উদ্যোগ ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পৰেচন লিমিটেড (Brahmaputra Valley Fertilizer Corporation Limited in Namrup) ত বিগত বৰ্ষৰ 28 আগষ্টত উন্মোচিত হোৱা ৰাসায়নিক সাৰৰ চিণ্ডিকেট কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ (Urea black market scandal in Namrup fertilizer factory)। কিন্তু সাৰ চুৰি কাণ্ডৰ প্ৰায় এটা বছৰ অতিক্ৰম কৰাৰ পিছত এই কেলেংকাৰীৰ লগত জড়িত এজনক আটক কৰিলে নামৰূপ আৰক্ষীয়ে ৷

অভিযোগ মৰ্মে, বিগত বৰ্ষৰ 28 আগষ্টত তিনিচুকীয়ালৈ ফাৰটিলাইজ যোৱা এখন সাৰ পৰিবাহী ৰেলত শ্ৰমিক ইউনিয়নে অভিযান চলাই ছটা ডবাত অতিৰিক্ত 990 বেগ ইউৰীয়া উদ্ধাৰ কৰিছিল ৷ এই ঘটনাৰ পাছতে পোহৰলৈ অহা ইউৰিয়া কেলেংকাৰীৰ তদন্ত আৰু দোষীক শাস্তি দিয়াৰ বাবে নামৰূপ আছুকে ধৰি উদ্যোগটোৰ ইউনিয়নকেইখনেও দাবী তুলিছিল ।

নামৰূপ সাৰ কাৰখানাৰ কেলেংকাৰীত জড়িত এজনক আটক

ইতিমধ্যে ঘটনা সন্দৰ্ভত উদ্যোগটোৰ তৰফৰ পৰা দাখিল কৰা এজাহাৰৰ ভিত্তিত বিগত বৰ্ষৰ 2 ছেপ্টেম্বৰত দুজন বিষয়া আৰু বেগিঙৰ ঠিকাদাৰজনক নামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে যদিও আদালতে তিনিওকে এদিনৰ আৰক্ষী জিম্মাত দি 3 চেপ্টেম্বৰত জামিনত মুকলি কৰি দিয়ে ।

ইয়াৰ পাছৰ পৰ্যায়ত 8 আৰু 9 চেপ্টেম্বৰত ভাৰতীয় দণ্ডবিধিৰ অধীনত উদ্যোগটোৰ বিপণন, মানৱ সম্পদ আদি একাধিক বিভাগৰ মুৰব্বীৰ দায়িত্বত থকা যোগেশ কুমাৰ গোৱেলক নামৰূপ আৰক্ষীয়ে জেৰা চলাই তদন্ত অব্যাহত ৰখা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছিল ।

পুনৰ আঠ মাহৰ অন্তত নামৰূপ আৰক্ষীয়ে শুকুৰবাৰে নিশা নামৰূপ থানাৰ গোচৰ নং 111/21 ত ভাৰতীয় দণ্ডবিধিৰ অধীনত বেগিঙৰ চেতিয়া ইনফ'ৰ ছুপাৰভাইজাৰ সন্তোষ চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰি শনিবাৰে নাহৰকটীয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি 3 দিনৰ আৰক্ষীৰ জিম্মাত লয় । নামৰূপৰ উপ-আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া অনুসৰি এই কেলেংকাৰীৰ লগত জড়িত আৰু বহুকেইজন গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : শীঘ্ৰেই চিকিৎসা সেৱা আৰম্ভ হ'ব নগাঁও চিকিৎসা মহাবিদ্যালয়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.