ETV Bharat / city

চৰাইদেউ জিলা চিকিৎসালয়ত গৰ্ভৱতীক অভব্য আচৰণৰ অভিযোগ কৰ্মচাৰীৰ বিৰুদ্ধে

author img

By

Published : Jun 19, 2022, 10:52 PM IST

চৰকাৰী চিকিৎসালয়ৰ পৰিৱৰ্তে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰোৱাবলৈ প্ৰৰোচিত কৰাৰ অভিযোগ চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে ৷ গৰ্ভৱতী মহিলাগৰাক চিকিৎসালয়ৰ কৰ্মচাৰীয়ে এনে ব্যৱহাৰ কৰা বিষয়টোৱে চৰকাৰী চিকিৎসালয়ৰ প্ৰকৃত ছবিখন উদঙাই দেখুৱাইছে ৷

medical-employee-rough-behave-to-pregnant-lady
চৰাইদেউ জিলা চিকিৎসালয়ত গৰ্ভৱতী মহিলাক অসভ্য আচৰণ কৰ্মচাৰীৰ

মৰাণ, 19 জুন: ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগত আমোল পৰিবৰ্তন অনাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে একাংশ স্বাস্থ্যকৰ্মীৰ অভব্য আচৰণে অতিষ্ঠ কৰি তুলিছে সাধাৰণ জনতাক । তেনে এক ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে সোণাৰিত । সোণাৰিৰ ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা চিকিৎসালয়ত সংঘটিত এই ঘটনাই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সচেতন মহলত ।

অভিযোগ অনুসৰি সোণাৰিৰ সমীপৰ জবকা চাহ বাগিছাৰ এগৰাকী গৰ্ভৱতী মহিলাক চৰাইদেউ জিলা চিকিৎসালয়(Charaideo District Hospital)ত আল্ট্ৰাচাউণ্ড কৰোৱাবলৈ নিয়ে স্থানীয় আশাকৰ্মীয়ে । কিন্তু আল্ট্ৰাচাউণ্ডৰ দায়িত্বত থকা কৰ্মচাৰী এগৰাকীয়ে গৰ্ভৱতী মহিলাগৰাকীক কটু কথা শুনোৱাৰ লগতে চৰকাৰী চিকিৎসালয়ৰ পৰিৱৰ্তে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰোৱাবলৈ প্ৰৰোচিত কৰাৰ এক তথ্য পোহৰলৈ আহিছে ।

চৰাইদেউ জিলা চিকিৎসালয়ত গৰ্ভৱতীক অভব্য আচৰণৰ অভিযোগ কৰ্মচাৰীৰ বিৰুদ্ধে

ইফালে এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছত সোণাৰিত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । ৰাজ্যৰ স্বাস্থ্য বিভাগে চৰকাৰী চিকিৎসালয়ত ৰোগীক সকলো সুবিধা প্ৰদান কৰাৰ কথাকৈ থকা সময়তেই খোদ গৰ্ভৱতী মহিলাক চিকিৎসালয়ৰ কৰ্মচাৰীয়ে এনে ব্যৱহাৰ কৰা বিষয়টোৱে চৰকাৰী চিকিৎসালয়ৰ প্ৰকৃত ছবিখন উদঙাই দেখুৱালে ।

লগতে পঢ়ক : হায় উন্নয়ন: ঠেলাত উঠাই প্ৰসূতিক লৈ যোৱা হ'ল চিকিৎসালয়লৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.