ETV Bharat / city

Har Ghar Dastak in Assam : জিলাই জিলাই আৰম্ভ হ’ব প্ৰতিষেধক প্ৰদানৰ অভিযান

author img

By

Published : Nov 29, 2021, 10:53 PM IST

Har ghar dastak in Assam
Har ghar dastak in Assam

ৰাজ্যত এশ শতাংশ ক’ভিড ভেকচিন প্ৰদানৰ বাবে চৰকাৰ তথা প্ৰশাসনে আৰম্ভ কৰিছে ‘‘হৰ ঘৰ দস্তক’’ অভিযান(Har ghar dastak mission in Assam) ৷ এই অভিযান সফল কৰি তোলাৰ বাবে প্ৰতিখন জিলাত ভাগে ভাগে বিষয়া-কৰ্মচাৰী নিয়োগ কৰাৰ লগতে জনসাধাৰণকো এই অভিযানত হাত উজান দিবলৈ অনুৰোধ জনাইছে চৰকাৰে ৷

গুৱাহাটী, ২৯ নৱেম্বৰ : ৰাজ্যত আৰম্ভ হ’ল সম্পূৰ্ণ ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে ‘‘হৰ ঘৰ দস্তক’’ অভিযান (Har ghar dastak mission in Assam) ৷ জিলাই জিলাই উপায়ুক্ত আৰু স্বাস্থ্য বিষয়া সকল তৎপৰ হৈ পৰিছে এই অভিযানক লৈ ৷ ভোটাৰ তালিকাৰ দ্বাৰা ব্যক্তি বাচনি কৰি চিনাক্ত কৰা হৈছে ভেকচিন গ্ৰহণকাৰী আৰু বাদ পৰা লোকৰ তালিকা ৷

কামৰূপ মহানগৰ জিলাত অহা ১০ ডিচেম্বৰ ভিতৰত ১০০ শতাংশ ক’ভিড ভেকিচিন প্ৰদানৰ লক্ষ্য জিলা প্ৰশাসনৰ । সোমবাৰৰ পৰা জিলাখনত প্ৰধানমন্ত্ৰীৰ হৰ ঘৰ দস্তক (Har ghar dastak mission in Kamrup metro)ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা সংবাদমেলৰ জৰিয়তে ঘোষণা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ ।

উল্লেখ্য সমগ্ৰ জিলাখনত বৰ্তমান ২২ লাখ ৮৩ হাজাৰ ৪৪৫ গৰাকীক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে । তাৰে ১২ লাখ ৭৩ হাজাৰ ৯৩ গৰাকীয়ে প্ৰথম পালি আৰু ১০ লাখ ১০ হাজাৰ ৩৫২ গৰাকীয়ে গ্ৰহণ কৰিছে দ্বিতীয় পালি প্ৰতিষেধক (Covid vaccination in Kamrup Metro) । জিলাখনৰ মুঠ ৫ টা জ’নত ভেকিচিন প্ৰদান কৰি থকা বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ।

উপায়ুক্ত পল্লৱ গোপাল ঝাই জনোৱা মতে, সমগ্ৰ জিলাখনত ১১৮ শতাংশ প্ৰথম পালি ভেকচিন সম্পূৰ্ণ হোৱাৰ বিপৰীতে ৯৩ শতাংশ দ্বিতীয়ৰ পালি সম্পূৰ্ণ হৈছে ।

তথ্য অনুসৰি দিছপুৰ সমষ্টি 412 টা ভোট গ্ৰহণ কেন্দ্ৰ আছে । ইয়াৰে 205 টাত 100 শতাংশ, 26 টাত 95 ৰ পৰা 200 শতাংশ প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ বাকী 181 টা ষ্টেচনত তথ্য সমগ্ৰ জৰীপ চলি আছে । একেদৰে পশ্চিম গুৱাহাটী সমষ্টিত 305 টা ভোট গ্ৰহণ কেন্দ্ৰ আছে । ইয়াৰে 222 টা 100 শতাংশ, 29 টাত 95 ৰ পৰা 200 শতাংশ প্ৰতিষেধক প্ৰদান সম্পন্ন হৈছে আৰু 54 টাৰ তথ্য সংগ্ৰহৰ জৰীপ চলি আছে ।

পূৱ গুৱাহাটী সমষ্টিৰ 244 টা ভোট গ্ৰহণ কেন্দ্ৰৰ 206 টাত 100 শতাংশ, 16 টাত 95 ৰ পৰা 200 শতাংশ, 1 টাত 82 ৰ পৰা 95 শতাংশ প্ৰতিষেধক প্ৰদান সম্পন্ন হৈছে আৰু 21 টাৰ তথ্য সংগ্ৰহৰ জৰীপ চলি আছে । সমান্তৰালকৈ জালুকবাৰী সমষ্টিৰ 71 টা ভোট গ্ৰহণ কেন্দ্ৰ কামৰূপ মহানগৰ ভিতৰত পৰে । ইয়াৰে 41 টা 100 শতাংশ, 1 টা কেন্দ্ৰত 95 ৰ পৰা 200 শতাংশ, 2 টাত 82 ৰ পৰা 95 শতাংশ ভেকচিন প্ৰদান সম্পূৰ্ণ হৈছে আৰু 27 টা কেন্দ্ৰত তথ্য জৰীপ চলি আছে ।

ইয়াকে লৈ সমগ্ৰ জিলাখনৰ মুঠ 1032 ভোট গ্ৰহণ কেন্দ্ৰৰ 674 টাত 100 শতাংশ, 92 টাত 95 ৰ পৰা 200 শতাংশ, 3 টাত 82 ৰ পৰা 95 শতাংশ প্ৰতিষেধক প্ৰদান সম্পূৰ্ণ হৈছে আৰু 283 টা কেন্দ্ৰৰ তথ্য সমগ্ৰৰ জৰীপ চলি আছে । 100 শতাংশ সম্পূৰ্ণ হোৱা অঞ্চলত কোনো লোক বাদ পৰি গ’লে তেওঁলোকক ভেকচিন লোৱাৰ বাবে উৎসাহিত কৰা হ’ব বুলি উপায়ুক্ত পল্লৱ গোপাল ঝাই জানিবলৈ দিয়ে ৷

একেদৰে ডিমা হাছাও জিলাত মুঠ 242 টা ভোট গ্ৰহণ কেন্দ্ৰ আছে বুলি জিলা উপায়ুক্ত নাজৰিন আহমেদে জনাইছে(Har ghar dastak in Dima Hassao) ৷ ইতিমধ্যে পাহাৰীয়া জিলাখনত 18 বছৰ উৰ্দ্ধৰ 1 লাখ 46 হাজাৰ 570 গৰাকী ব্যক্তিক ক’ভিডৰ টীকা প্ৰদান কৰাৰ লক্ষ্যমাত্ৰা ধার্য কৰা হৈছে (Covid vaccination in Dima Hassao) । এতিয়ালৈকে পাহাৰীয়া জিলাখনত প্ৰথম পালি ভেকচিন লোৱা লোকৰ সংখ্যা হৈছে 1 লাখ 25 হাজাৰ 382 ৷ প্ৰথম পালি ভেকচিন ল’বলৈ বাকী আছে 21 হাজাৰ 188 গৰাকী লোক ।

আনহাতে ডিমা হাছাওত দ্বিতীয় পালি ভেকচিন লোৱা লোকৰ সংখ্যা হৈছে 73 হাজাৰ 406 গৰাকী । বৰ্তমান দ্বিতীয় পালি ভেকচিন ল’বলৈ বাকী আছে 21 হাজাৰ 976 গৰাকী লোক । ইতিমধ্যে ডিমা হাছাও জিলাত 178 খন গাঁৱত 100 শতাংশ ভেকচিন প্ৰদান কৰা হৈছে । বাকী 7 খন গাঁৱত ভেকচিন প্ৰদানৰ সংখ্যা শূন্য বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত নাজৰিন আহমেদে ।

বৰপেটা জিলাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূচালে জনোৱা মতে জিলাখনত 98 শতাংশ লোকেই গ্ৰহণ কৰিছে ক'ভিডৰ প্ৰথম পালি ভেকচিন ৷ আনহাতে, জিলাখনৰ 59 শতাংশ লোকে গ্ৰহণ কৰিছে দ্বিতীয় পালি ভেকচিন ৷ 100 শতাংশ প্ৰতিষেধক প্ৰদানৰ বাবে বৰপেটা জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে বিশেষ অভিযান ৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে ক'ভিড ভেকচিনেচন টীম গঠন কৰা হৈছে জিলাখনত৷ নিৰীক্ষণকাৰী দলৰ সৈতে তিনিটা পৰ্যায়ত গঠন কৰা বিষয়াৰ দলে ঘৰে ঘৰে গৈ বুজ ল’ব ভেকচিনেচন সম্পৰ্কীয় সকলো তথ্যৰ (Covid updates of Barpeta) ৷

নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকনে জনোৱা তথ্য অনুসৰি 5,51,909 গৰাকী লোক৷ ইয়াৰে প্ৰথম পালি প্ৰতিষেধক 5,07,654 গৰাকী লোকে গ্ৰহণ কৰিছে৷ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে 2,91,143 গৰাকীয়ে । আনহাতে জিলাখনত বৰ্তমানেও 3,248 গৰাকী লোকে ক’ভিডৰ টীকা গ্ৰহণ কৰা নাই । ইফালে সোমবাৰৰ পৰা টীকাকৰণ কৰাৰ উদ্দেশ্যে জিলাখনত "হৰ ঘৰ দস্তক" অভিযান আৰম্ভ হৈছে (Nalbari covid news) ৷ 5 ডিচেম্বৰলৈ চলিব এই অভিযান ৷

শোণিতপুৰ জিলাত বৰ্তমানলৈকে 13 লাখ 59 হাজাৰ 564 গৰাকীয়ে ক’ভিড ভেকচিন গ্ৰহণ কৰিছে ৷ ইয়াৰে 7 লাখ 95 হাজাৰ 142 গৰাকীয়ে প্ৰথম পালি আৰু 5 লাখ 64 হাজাৰ 422 গৰাকীয়ে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে । বৰ্তমানেও মুঠ 11 হাজাৰ লোক ভেকচিন গ্ৰহণ কৰিবলৈ বাকী আছে ৷ ইয়াৰ ভিতৰত 200 গৰ্ভৱতী মহিলা হোৱাৰ বিপৰীতে 2500 গৰাকীয়ে স্বাস্থ্য জনিত কাৰণত ভেকচিন গ্ৰহণ কৰা নাই । জিলাখনৰ মুঠ 1081 টা ভোট গ্ৰহণ কেন্দ্ৰৰ প্ৰতি ঘৰতে প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ হৈছে ।

ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ দায়িত্ব লৈ ক'ভিড ভেকচিন প্ৰদানক লৈ তৎপৰ হৈ পৰিছে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু । ডিব্ৰুগড় জিলাৰ উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে, ডিব্ৰুগড় জিলাত 96 শতাংশ ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে । জিলাখনৰ সাতটা বিধানসভা সমষ্টিত মুঠ 9 লাখ লোকক প্ৰথম আৰু দ্বিতীয় পালি টীকা প্ৰদান কৰা হৈছে । অৱশিষ্ট 4 শতাংশ লোকক ঘৰে ঘৰে গৈ ‘‘হৰ ঘৰ দস্তক’’ অভিযানৰ অংশ হিচাপে ক'ভিড ভেকচিন প্ৰদান কৰা হ'ব ।

ধুবুৰীৰ উপায়ুক্ত আন্বামুথান এম পিয়ে জনোৱা মতে সমগ্ৰ জিলাখনৰ 373 টা ভোটকেন্দ্ৰক সাতটা জ'ন আৰু 136 টা খণ্ডত ভাগ কৰি তৎপৰতাৰে 'হৰ ঘৰ দস্তক' অভিযান আৰম্ভ হৈছে ৷ জিলাখনৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত এজনকৈ ভেকচিন ভেৰিফিকেশ্যন বিষয়া, সহকাৰী ভেকচিন ভেৰিফিকেশ্যন বিষয়া নিযুক্তি দিয়া হৈছে৷ তেওঁলোকক সহযোগ কৰিছে বি এল অ, আশা কৰ্মী আদিয়ে ৷

ইতিমধ্যে যোৱা 22 নৱেম্বৰলৈ চলা 'হৰ ঘৰ দস্তক'ৰ প্ৰথম পৰ্যায়ত ধুবুৰী জিলাৰ ভোটকেন্দ্ৰ পৰ্যায়ত সমীক্ষা কৰি 4745 গৰাকী ক’ভিড প্ৰতিষেধক ল’বলৈ অমান্তি হোৱা বা ইচ্ছা নকৰা ব্যক্তি চিনাক্ত কৰা হৈছে ৷ ইয়াৰে সৰ্বাধিক 3253 গৰাকী ধুবুৰী বিধানসভা সমষ্টিৰ৷ আনহাতে, খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ হিচাপত ধৰ্মশালা বি পি এইচ চিত সৰ্বাধিক 3270 গৰাকী, ৰাণীগঞ্জ বি পি এইচ চিত দ্বিতীয় সৰ্বাধিক 852 গৰাকী ক’ভিড প্ৰতিষেধক ল’বলৈ অমান্তি হোৱা বা ইচ্ছা নকৰা ব্যক্তি পোৱা গৈছে ৷

নগাঁও জিলাতো আৰম্ভ হৈছে 'হৰ ঘৰ দস্তক' অভিযান ৷ এশ শতাংশ ক’ভিড টীকাকৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে হাতত লোৱা 'হৰ ঘৰ দস্তক' অভিযান সফল কৰি তুলিবৰ বাবে নগাঁও জিলাৰ 1603 টা ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে জিলাখনত ন'ডেল বিষয়া, মাণ্ডলিক বিষয়া, খণ্ড বিষয়া আদি মনোনীত কৰা হৈছে । জিলাখনৰ 171 টা ক’ভিড টীকাকৰণ কেন্দ্ৰত ইতিমধ্যে 12,76,439 গৰাকী লোকক ক’ভিডৰ প্ৰথম পালি ভেকচিন প্ৰদান কৰা হৈছে ৷ নগাঁও জিলাত 18 বছৰৰ ওপৰৰ 15784 গৰাকী লোকে ক’ভিডৰ ভেকচিন গ্ৰহণ কৰা নাই । জিলাখনৰ আমচৈ, পশ্চিম কলিয়াবৰৰ কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী ভিতৰুৱা অঞ্চলত টীকাকৰণ সম্পূৰ্ণ কৰি তোলাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি জিলা উপায়ুক্ত এইছ এন গৌতমে জানিবলৈ দিয়ে ৷

ধেমাজি জিলাৰ উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে জনোৱা মতে, 29 নৱেম্বৰৰ পৰা অহা 5 ডিচেম্বৰলৈ সপ্তাহজোৰা “হৰ ঘৰ দস্ত’’ অভিযান আৰম্ভ হৈছে জিলাখনত ৷ প্ৰতিগৰাকী লোককে প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে জিলা প্ৰশাসনে ৷

উল্লেখ্য যে, ৰাজ্যত এশ শতাংশ ক’ভিড ভেকচিন প্ৰদানৰ বাবে চৰকাৰ তথা প্ৰশাসনে আৰম্ভ কৰিছে ‘‘হৰ ঘৰ দস্তক’’ অভিযান ৷ এই অভিযান সফল কৰি তোলাৰ বাবে ভাগে ভাগে বিষয়া-কৰ্মচাৰী নিয়োগ কৰাৰ লগতে জনসাধাৰণকো এই অভিযানত হাত উজান দিবলৈ অনুৰোধ জনাইছে চৰকাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.