ETV Bharat / city

Foundation Day of Pratishruti: প্ৰতিশ্ৰুতিৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস পালন

author img

By

Published : Dec 13, 2021, 5:54 PM IST

ডিব্ৰুগড়ৰ প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টে দেওবাৰে চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস(Foundation day of Pratishruti) আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰে ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোত ৰাজ্যৰ দুগৰাকী বিশিষ্ট চিকিৎসকলৈ ডাঃ হেৰম্ব কুমাৰ ভৰালী উৎকৃষ্ট চিকিৎসা সেৱা বঁটা আৰু ডাঃ প্ৰহ্লাদ কুমাৰ বৰুৱা সোঁৱৰণী উপশমী সেৱা বঁটা আগবঢ়োৱা হয় ৷

Foundation Day of Pratishruti
প্ৰতিশ্ৰুতিৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস পালন

মৰাণ, 13 ডিচেম্বৰ: কৰ্কট ৰোগৰ সজাগতা আৰু ৰোগীক উপশমী সেৱা আগবঢ়াই অহা ৰাজ্যৰ অন্যতম স্বেচ্চাসেৱী অনুষ্ঠান ডিব্ৰুগড়ৰ প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টে (Pratishruti Cancer and Palliative Trust, Dibrugarh) দেওবাৰে চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত উদ্‌যাপন কৰে ৷

এই উপলক্ষে আয়োজিত মুকলি সভাতে ত্যাগ আৰু একাগ্ৰতাৰে কৰ্কট ৰোগৰ চিকিৎসা, সামাজিক সহায়, উপশমী চিকিৎসাৰ ক্ষেত্ৰত অন্যত্বম অৱদান আগবঢ়োৱা শিলচৰস্থিত কাছাৰ কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চৰ সঞ্চালক পদ্মশ্ৰী ডাঃ ৰবি কান্নানক ডাঃ হেৰম্ব কুমাৰ ভৰালী উৎকৃষ্ট চিকিৎসা সেৱা বঁটা(Dr. Heramba Kumar Bharali award) প্ৰদান কৰা হয় ৷ সেইদৰে ত্ৰিপুৰা চৰকাৰৰ এনএইচএমৰ ৰাজ্যিক প্ৰগ্ৰেম অফিচাৰ ডাঃ অৰূপ ৰয় বৰ্মনলৈ আগবঢ়োৱা হয় ড: প্ৰহ্লাদ কুমাৰ বৰুৱা সোঁৱৰণী উপশমী সেৱা বঁটা (Dr. Prahlad Kumar Baruah award) ৷

প্ৰতিশ্ৰুতিৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস পালন

আনহাতে ডি কে গগৈ শাস্ত্ৰী সোঁৱৰণী ঘৰুৱা উপশমী চিকিৎসাৰ নেতৃত্ব বঁটা এইবাৰ প্ৰদান কৰা হয় ডিগবৈ পেইন এণ্ড পেলিয়েটিভ কেয়াৰ চ’ছাইটীলৈ ৷ সংস্থাটোৰ হৈ এই বঁটা গ্ৰহণ কৰে সভাপতি ভৱেন তালুকদাৰ আৰু সম্পাদক গোপাল দাসে ৷

কেউজন বঁটাপ্ৰাপককে একোখনকৈ আৰনাই, অংগবস্ত্ৰ, প্ৰতিশ্ৰুতিৰ স্মাৰক আৰু প্ৰশংসাপত্ৰৰে সন্মানিত কৰা হয় ৷ প্ৰতিশ্ৰুতিৰ যুটীয়া সম্পাদক ৰতন হাজৰিকাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ কন্দৰ্প কুমাৰ ডেকা, এএমচিএইচৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ জিতেন হাজৰিকাই মানৱ সেৱাত ব্ৰতী থকা প্ৰতিশ্ৰুতিৰ কাম-কাজৰ ভূয়সী প্ৰশংসা কৰে ।

লগতে পঢ়ক: Harnaaz Sandhu crowned Miss Universe 2021 : 21 বছৰৰ মূৰত ভাৰতীয় সুন্দৰীৰ শিৰত মিছ ইউনিভাৰ্ছৰ খিতাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.