ETV Bharat / city

অজাপৰ প্ৰাৰ্থী শুভাকৰণ কোহাঁঞিৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 26, 2021, 7:20 AM IST

টিংখাঙৰ দোকানে দোকানে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী শুভাকৰণ কোহাঁঞিৰ নিৰ্বাচনী প্ৰচাৰ । নিকা মন আৰু সৎ আদৰ্শ আগত লৈ বৃহৎ পুঁজি নহলেও নিৰ্বাচনত জয়ী হ'ব পাৰি বুলি মন্তব্য কৰিলে অজাপ প্ৰাৰ্থীগৰাকীৰ ৷

অজাপৰ প্ৰাৰ্থী শুভাকৰণ কোহাঁঞিৰ নিৰ্বাচনী প্ৰচাৰ
অজাপৰ প্ৰাৰ্থী শুভাকৰণ কোহাঁঞিৰ নিৰ্বাচনী প্ৰচাৰ

টিংখাং, 26 মাৰ্চঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান 25 মাৰ্চত অন্ত পৰিছে । টিংখাঙৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী শুভাকৰণ কোহাঁঞিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিছে । প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোৰ ব্যৱসায়, বাণিজ্যৰ কেন্দ্ৰস্থল ৰাজগড়ত দোকানে দোকানে নিৰ্বাচনী প্ৰচাৰ কৰে ।

অজাপৰ প্ৰাৰ্থী শুভাকৰণ কোহাঁঞিৰ নিৰ্বাচনী প্ৰচাৰ
অজাপৰ প্ৰাৰ্থী শুভাকৰণ কোহাঁঞিৰ নিৰ্বাচনী প্ৰচাৰ

বহু সংখ্যক সমৰ্থক লৈ দোকানে দোকানে গৈ অসম জাতীয় পৰিষদত ভোটদান কৰিবলৈও আহ্বান জনালে প্ৰাৰ্থীগৰাকীয়ে ৷ ধনবল-বাহুবলেই ৰাজনীতিৰ ক্ষেত্ৰত সৰ্বস্ব নহয় । নিকা মন আৰু সৎ আদৰ্শ আগত লৈ ৰাইজৰ মৰম আশীৰ্বাদ আদায় কৰিব পাৰিলে বৃহৎ পুঁজি নহলেও নিৰ্বাচনত জয়ী হ'ব পাৰি বুলি মন্তব্য কৰিলে অজাপ প্ৰাৰ্থীগৰাকীয়ে । তেনে এক সংকল্প আগত লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছো বুলি মন্তব্য কৰে শুভাকৰণ কোহাঁঞিয়ে । লগতে টিংখাঙত এইবাৰ অজাপৰ জয় নিশ্চিত বুলি কয় মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে ।

লগতে পঢ়কঃ শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰী অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.