ETV Bharat / city

প্ৰাক্তন আছু কৰ্মীক দালাল আখ্যা ডিব্ৰুগড় আছুৰ

author img

By

Published : May 31, 2022, 10:19 PM IST

সোমবাৰে ডিব্ৰুগড় জিলাৰ টেঙাখাটত প্ৰাক্তন আছু কৰ্মীসকলে এখন সন্মিলন অনুষ্ঠিত কৰিবলৈ লোৱাৰ খবৰ জানিব পাৰি ডিব্ৰুগড় জিলা আছুৱে বাধা প্ৰদান কৰাত ডিব্ৰুগড়ৰ এখন হোটেলত গোপনে এখন জিলা সমিতি গঠন কৰিছিল প্ৰাক্তন আছু কৰ্মীসকলে । এই কাৰ্যক ধিক্কাৰ ডিব্ৰুগড় আছুৰ ৷

প্ৰাক্তন আছু কৰ্মীক দালাল আখ্যা ডিব্ৰুগড় আছুৰ
প্ৰাক্তন আছু কৰ্মীক দালাল আখ্যা ডিব্ৰুগড় আছুৰ

মৰাণ, 31 মে’: মঙলবাৰে দুলীয়াজানৰ কমলাবাৰী পথত থকা সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান আঞ্চলিক সমিতিৰ মুখ্য কাৰ্যালয়ত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই এখন গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰে ৷ ডিব্ৰুগড় জিলাত প্ৰাক্তন আছু কৰ্মীসকলে সংগঠনটোৰ নাম লৈ নতুন কমিটি গঠন কৰাৰ তীব্ৰ বিৰোধিতা কৰে ডিব্ৰুগড় জিলা আছুৱে (Ex ASSU leaders formed new committee)।

প্ৰাক্তন আছু কৰ্মীক দালাল আখ্যা ডিব্ৰুগড় আছুৰ

উল্লেখযোগ্য যে, সোমবাৰে ডিব্ৰুগড় জিলাৰ টেঙাখাটত প্ৰাক্তন আছু কৰ্মীসকলে এখন সন্মিলন অনুষ্ঠিত কৰিবলৈ লোৱাৰ খবৰ জানিব পাৰি ডিব্ৰুগড় জিলা আছুৱে বাধা প্ৰদান কৰাত ডিব্ৰুগড়ৰ এখন হোটেলত গোপনে এখন জিলা সমিতি গঠন কৰিছিল প্ৰাক্তন আছু কৰ্মীসকলে । নতুনকৈ গঠন কৰা প্ৰাক্তন আছু কৰ্মীসকলৰ সমিতিখনক অবৈধ ঘোষণা কৰাৰ লগতে ছাত্ৰ সন্থাক ভালপোৱা সকলো অনুষ্ঠান-প্ৰতিষ্ঠানক এই সংগঠনটো সামাজিকভাৱে নিষিদ্ধ কৰিবলৈ সংবাদমেলৰ জৰিয়তে আহ্বান জনাই ডিব্ৰুগড় আছুৱে ।

মঙলবাৰে অনুষ্ঠিত কৰা সংবাদমেল খনত উপস্থিত থাকে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত, সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈ, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক অনিল গগৈ, জিলা কাৰ্যনিৰ্বাহক প্ৰদীপ গগৈৰ লগতে দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক উপস্থিত থাকে ৷

লগতে পঢ়ক: পুনৰ অসমৰ ৰাজনীতিত 'কবিতা'ৰ চৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.