ETV Bharat / city

মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ত আছুৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jan 23, 2021, 7:36 PM IST

Protest at CM's home town Dibrugarh by AASU
মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ত আছুৰ উত্তাল প্ৰতিবাদ

'কা' আৰু 'কৃষি আইন' বাতিলৰ দাবীত শনিবাৰে ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাই গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ এই প্ৰতিবাদী কাৰ্য্যসূচীত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে আছুৰ কৰ্মী সকলে ।

মৰাণ, 23 জানুবাৰী: ৰাজ্যত পুনৰ নাগৰিকত্ব সংশোধনী আইন 2019 বিৰোধী আন্দোলনে গা কৰি উঠিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত দিন কেইটাত 'কা' আৰু 'কৃষি আইন' বাতিলৰ দাবীত বিভিন্ন ধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷

সমান্তৰালকৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ বিৰুদ্ধে ডিব্ৰুগড়তো আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ সদস্য সকলে ৷ শিৱসাগৰৰ জেৰেঙা পথাৰত মোদীৰ আগমনৰ পাছতেই মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ত ক'লা কাপোৰ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ত আছুৰ উত্তাল প্ৰতিবাদ

ইফালে শুকুৰবাৰে সন্ধিয়া ডিব্ৰুগড়ত আছুৰ নেতৃত্বত হোৱা জোঁৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰাত কঠোৰ ভাষাৰে সমালোচনা কৰে আৰক্ষী তথা প্ৰশাসনক । সোণোৱাল চৰকাৰে যিমান বাধা দিলেও জাতি ৰক্ষাৰ বাবে সংগ্ৰাম কৰি যাব বুলি মন্তব্য কৰে ৷ লগতে পুনৰ মিছা প্ৰতিশ্ৰুতিৰে জেৰেঙা পথাৰক কলিমা সানিব আহিছে বুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ কটাক্ষ কৰে প্ৰতিবাদকাৰী সকলে । অসমৰ ৰাইজক পূৰ্বেই দিয়া প্ৰতিশ্ৰুতিবোৰ আগতে পূৰণ কৰক মোদী, সৰ্বানন্দ সোণোৱাল চৰকাৰে ৷ নহ'লে আগন্তুক বিধান সভা নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে আছুৰ নেতা সকলে ।

প্ৰতিবাদৰ ফলস্বৰূপে যোৰহাট, তেজপুৰ, লখিমপুৰ আদিকে ধৰি কেইবাখনো জিলাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰী আৰু প্ৰশাসনৰ মাজত সংঘাট সৃষ্টি হোৱাও দেখা পোৱা গৈছে ৷ প্ৰশাসনে প্ৰতিবাদ, সমদল আদিৰ ক্ষেত্ৰত ধাৰা 144 জাৰি কৰিছে যদিও কা' বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কৰি যাব বুলি মন্তব্য কৰে আছুৱে ৷

লগতে পঢ়ক-তেজপুৰত ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.