ETV Bharat / city

খোৱাঙত ১০ দিনত ১৪ জন ক’ভিডত আক্ৰান্ত

author img

By

Published : Oct 27, 2021, 8:51 PM IST

14-people-affected-in-covid-in10-days-at-khowang
খোৱাঙত ১০ দিনত ১৪ জন ক’ভিডত আক্ৰান্ত

সম্প্ৰতি ৰাজ্যত ক’ভিড ভয়াৱহতা হ্ৰাস পাইছে যদিও ঠায়ে ঠায়ে অব্যাহত আছে ক’ভিড সংক্ৰমণ ৷ ডিব্ৰুগড় জিলাৰ খোৱাঙতো অব্যাহত আছে ক’ৰণাৰ সংক্ৰমণ ৷ এনে সময়তে ৰাজ্যত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে সকলোকে ক'ভিড প্ৰট'কল মানি চলিবলৈ আহ্বান জনাইছে খোৱাং ব্ল’ক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে ৷

মৰাণ, 27 অক্টোবৰ : ডিব্ৰুগড় জিলাৰ খোৱাঙত ক'ভিড পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই । খোৱাং ব্ল’ক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ তথ্য অনুসৰি বিগত ১০ দিনত খোৱাং ব্ল’ক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ বিভিন্ন চিকিৎসালয় আৰু উপকেন্দ্ৰসমূহত ১৪ জন লোক ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ৫ জনক হোম আইছ'লেশ্যনত ৰখাৰ লগতে আনকেইজনক ক'ভিড হাস্পতালত চিকিৎসা কৰি থকা হৈছে ।

খোৱাঙত ১০ দিনত ১৪ জন ক’ভিডত আক্ৰান্ত

চিকিৎসালয়খনৰ দায়িত্বত থকা চিকিৎসক ডাঃ এম সোণোৱালে জানিবলৈ দিয়া অনুসৰি, খোৱাঙত ক'ভিড টেষ্ট কৰা লোকতকৈ ক'ভিড পজিটিভ পোৱা লোকৰ সংখ্যা তুলনামূলকভাৱে কম যদিও ক'ভিড আক্ৰান্তৰ লোকৰ সংখ্যা দৈনিক বৃদ্ধি পাই আছে । আনহাতে স্থানীয় লোকক ভেকচিন প্ৰদান কৰি থকা হৈছে যদিও দ্বিতীয় পালি ভেকচিন ল'বলৈ এতিয়াও বহু লোকৰ বাকী আছে বুলি চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে ।

ইফালে চিকিৎসক ডাঃ ৰমেন কাকতিয়ে ৰাইজৰ সজাগতাই আক্ৰান্তৰ সংখ্যা কমাব বুলি উল্লেখ কৰাৰ লগতে ক'ভিড প্ৰট'কল মানি চলিবলৈ ৰাইজক আহ্বান জনায় ।

লগতে পঢ়ক : কি আছে ৰাজ্য চৰকাৰৰ নতুন ক'ভিড SOP ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.