ETV Bharat / city

আৰক্ষী-অধিবক্তাৰ খণ্ডযুদ্ধ : কি কয় ধুবুৰী আৰক্ষীৰ অধীক্ষকে

author img

By

Published : May 27, 2022, 9:37 PM IST

বৃহস্পতিবাৰে ধুবুৰী আদালত চৌহদত আৰক্ষী আৰু অধিবক্তাৰ সৈতে হোৱা অনাকাংক্ষিত পৰিস্থিতি (Tussle between police and advocate in Dhubri) সন্দৰ্ভত প্ৰতিক্ৰিয়া জিলাখনৰ আৰক্ষী অধীক্ষকৰ । বৃহস্পতিবাৰে ধুবুৰীৰ আদালতত আৰক্ষী আৰু অধিবক্তাৰ মাজত সৃষ্টি হয় খণ্ড যুদ্ধ ৷ আৰক্ষীয়ে পিষ্টল দেখুৱাই অধিবক্তা সকলক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পিচতেই অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি (Police advocate clash)।

clash between police and advocate in Dhubri
clash between police and advocate in Dhubri

ধুবুৰী, 27 মে’: ধুবুৰী আদালতত বৃহস্পতিবাৰে সংঘটিত হোৱা আৰক্ষী আৰু অধিবক্তাৰ সংঘাত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জিলাখনৰ আৰক্ষী অধীক্ষক গুৰাৱৰ অভিজিৎ দিলীপে (Dhubri SP on Police advocate tussle)। অপৰাধ দমনৰ ক্ষেত্ৰত আৰক্ষী, ন্যায় পালিকা তথা জিলা প্ৰশাসন ওতঃপ্ৰোতভাৱে জড়িত আৰু সকলোৱে মিলি অপৰাধ দমনৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব বুলি উল্লেখ কৰে আৰক্ষী বিষয়া গৰাকীয়ে ।

প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে যে, বৃহস্পতিবাৰে আদালতত হৈ যোৱা ঘটনা অনাকাংক্ষিত । দুয়ো পক্ষৰে অভিযোগ ইতিমধ্যে গ্ৰহণ কৰিছে আৰক্ষীয়ে । ঘটনাৰ পূৰ্ণাংগ তদন্ত আৰম্ভ হৈছে আৰু তদন্ত শেষ হোৱাৰ পিছতেই সকলো ওলাই পৰিব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকজনে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে ধুবুৰীৰ আদালতত আৰক্ষী আৰু অধিবক্তাৰ মাজত সৃষ্টি হয় খণ্ডযুদ্ধ ৷ আৰক্ষীয়ে পিষ্টল দেখুৱাই অধিবক্তা সকলক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পিচতেই অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি ।

আৰক্ষী-অধিবক্তাৰ খণ্ডযুদ্ধ : কি কয় ধুবুৰী আৰক্ষীৰ অধীক্ষকে

গৰুৰ চোৰাং সৰবৰাহকাৰীৰ সৈতে পুৱা ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ছামিউল হক আনছাৰী নামৰ এগৰাকী কণিষ্ঠ অধিবক্তাক (Advocate arrest accused of cattle smuggling) ৷ আৰক্ষীৰ কৰ্তব্যত বাধা প্ৰদানৰ অভিযোগ আছিল অধিবক্তা জনৰ বিৰুদ্ধে ৷ বিনা কাৰণত অন্যায়ভাৱে অধিবক্তাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ ধুবুৰী উকীল সন্থাৰ ৷

আদালত চৌহদত অধিবক্তাক পিষ্টল দেখুৱাই ভাবুকি দিয়া আৰক্ষী বিষয়াগৰাকী মানসিক বিকাৰগ্ৰস্ত বুলি কয় ধুবুৰী উকীল সন্থাই ৷ সাধাৰণ পোচাকত আদালতত উপস্থিত হোৱা আৰক্ষী বিষয়াক ধমকো দিয়ে মুখ্য ন্যায়িক দণ্ডাধীশে ৷

আৰক্ষীয়ে গৰু জব্দ কৰিছে যদিও ছিজাৰ লিষ্ট দাখিল কৰা নাই আদালতত ৷ আনকি গোচৰৰ কেচ ডায়েৰী নোহোৱাকৈ আচামীক আদালতত হাজিৰ কৰাক লৈ ক্ষুব্ধ হৈ পৰে মুখ্য ন্যায়িক দণ্ডাধীশ ৷ এঘণ্টাৰ ভিতৰত আৰক্ষীৰ পোচাকত কেচ ডায়েৰীসহ আদালতত হাজিৰ হ’বলৈ মুখ্য ন্যায়িক দণ্ডাধীশে ঘূৰাই পঠিয়াই আৰক্ষী বিষয়া ভাস্কৰজ্যোতি নাথক ৷

চোৰাং কাৰবাৰৰ প্ৰসংগত আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, চোৰাং কাৰবাৰ ৰোধ কৰাৰ বাবে আৰক্ষী যথেষ্ট সষ্টম হৈছে (Cattle smuggling in Dhubri)। ইতিমধ্যে গৰুৰ চোৰাং কাৰবাৰ ৰোধ কৰিবলৈ প্ৰায় ৯০% সক্ষম হৈছে । ইতিমধ্যে প্ৰায় ২৫০ ৰো অধিক চোৰাং সৰবৰাহকাৰীক কৰায়ত্ত কৰা হৈছে ।

আৰক্ষী অধীক্ষকজনে দিয়া তথ্য অনুসৰি, গৰুৰ চোৰাং ছিণ্ডিকেট চক্ৰৰ এক বৃহৎ নেটৱৰ্ক আছে । গৰুৰ চোৰাং কাৰবাৰত জড়িত সকলৰ বিৰুদ্ধে ধুবুৰীত আৰম্ভ হ’ব আৰক্ষীৰ তীব্র অভিযান । গো-সুৰক্ষা আইনৰ অধীনত এতিয়াৰে পৰা গৰুৰ চোৰাং সৰবৰাহকাৰীসকলে উপাৰ্জন কৰা ধনেৰে ক্ৰয় কৰা সম্পত্তি জব্দ কৰা হ’ব । গৰুৰ চোৰাং কাৰবাৰত জড়িত নেটৱৰ্কত থকা লোকৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে আৰম্ভ কৰিব তীব্ৰ অভিযান ।

লগতে পঢ়ক : প্ৰমাণ নষ্ট কৰিবলৈয়ে বহু দাগী অপৰাধীৰ নেতৃত্বত জ্বলিছিল আৰক্ষী থানা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.