প্ৰমাণ নষ্ট কৰিবলৈয়ে বহু দাগী অপৰাধীৰ নেতৃত্বত জ্বলিছিল আৰক্ষী থানা !

author img

By

Published : May 27, 2022, 6:48 PM IST

Updated : May 27, 2022, 9:13 PM IST

SIT press meet on batadrava

নগাঁৱত বটদ্ৰৱা কাণ্ডৰ বিশেষ তদন্তকাৰী বিষয়াৰ সংবাদ মেল ৷ বটদ্ৰৱা কাণ্ড সন্দৰ্ভত আটক ইমৰান হুছেইন নামৰ আন এটা অভিযুক্ত ৷ এই পৰ্যন্ত গ্ৰেপ্তাৰ ৮ জনকৈ অপৰাধী (Batadrava violence updates)৷ আৰক্ষী থানাত থকা নথি-পত্ৰ নষ্ট কৰিবলৈয়েই বহু দাগী অপৰাধীৰ নেতৃত্বত জ্বলিছিল বটদ্ৰৱা আৰক্ষী থানা (Public burnt Batadrava police station)৷ অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ পূৰ্বে গ্ৰেপ্তাৰ কৰা ৫ অপৰাধীক ন্যায়িক জিম্মালৈ প্ৰেৰণ ৷

নগাঁও, 27 মে’: বটদ্ৰৱাৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে নগাঁও আৰক্ষীয়ে গঠন কৰি দিয়া বিশেষ অনুসন্ধানকাৰী দলে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে (Batadrava violence updates)৷ যোৱা শনিবাৰে এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই জ্বলি ছাঁইত পৰিণত হৈছিল নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানা (Public burnt Batadrava police station)৷ তাৰ পিছতেই বুল্ড'জাৰৰ সহায়ত ভাঙি-চূৰমাৰ কৰি দিয়া হৈছিল আৰক্ষী থানা আক্ৰমণত জড়িত অভিযুক্তৰ কেইবাটাও বাসগৃহ (Bratadava eviction)৷

ঘটনাৰ তদন্ত কৰিবলৈ বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ বিশেষ তদন্তকাৰী দল চমুকৈ SIT গঠনৰ কথা উল্লেখ কৰিছিল অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (SIT formed for Batadrava case) ৷ আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশ অনুসৰিয়েই নগাঁও আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাৰ নেতৃত্বত গঠন কৰা বিশেষ তদন্তকাৰী দলে তীব্ৰ গতিত আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ৷

প্ৰমাণ নষ্ট কৰিবলৈয়ে বহু দাগী অপৰাধীৰ নেতৃত্বত জ্বলিছিল আৰক্ষী থানা !

প্ৰথমেই আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ছফিকুল ইছলামৰ পত্নী-কন্যাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল থানা জ্বলোৱা ৫ জনকৈ অভিযুক্তক (Batadava violence accused arrested)৷ আৰক্ষী থানা আক্ৰমণত জড়িত ৮ জনকৈ লোকক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে ৷

ইয়াৰে প্ৰথমে গ্ৰেপ্তাৰ কৰা পাঁচজনক পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মাত লোৱাৰ পিছত শুকুৰবাৰে প্ৰেৰণ কৰে ন্যায়িক জিম্মালৈ ৷ বটদ্ৰৱা কাণ্ডত এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা একাংশৰ বিৰুদ্ধে আছে পূৰ্বে বহু অপৰাধত জড়িত থকাৰ অভিযোগ ৷ নগাঁও আৰক্ষীয়ে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী দলে ঘটনাত জড়িত আটাইকেইজন অপৰাধীক চিনাক্ত কৰি অব্যাহত ৰাখিছে অভিযান ৷ ইয়াৰ মাজতে বিশেষ তদন্তকাৰী বিষয়াই শুকুৰবাৰে এক সংবাদ মেলত কৰিলে বিস্ফোৰক মন্তব্য ৷

বহু অপৰাধীয়ে আৰক্ষী থানাত থকা পূৰ্বৰ অপৰাধৰ প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যেই পৰিকল্পিতভাৱে জ্বলাই দিছিল আৰক্ষী থানা ৷ শেহতীয়াকৈ বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড হিচাপে চিহ্নিত আলালউদ্দিনকো গ্ৰেপ্তাৰ কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷ ধৃত আলাল উদ্দিনৰ বিৰুদ্ধেও আছে বহু অপৰাধৰ অভিযোগ ৷

ইপিনে শুকুৰবাৰেও বটদ্ৰৱা কাণ্ডত জড়িত থকাৰ অভিযোগত আটক কৰিছে ইমৰান হুছেইন নামৰ আন এজন অভিযুক্তক ৷ বটদ্ৰৱা কাণ্ডৰ আন অভিযুক্তৰ বিৰুদ্ধেও আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷ মুঠৰ ওপৰত আৰক্ষী থানা আক্ৰমণত জড়িত প্ৰতিটো অপৰাধীকে উপযুক্ত শাস্তি দিয়াৰ বাবে নামি পৰিছে আৰক্ষীৰ তদন্তকাৰী দল ৷

লগতে পঢ়ক : কুখ্যাত অপৰাধীৰ উচটনিতেই হৈছিল বটদ্ৰৱা থানা আক্ৰমণ : লীনা দলে

Last Updated :May 27, 2022, 9:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.