চিৰাঙৰ 43 টা কেন্দ্ৰত ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত

author img

By

Published : Aug 21, 2022, 1:39 PM IST

Assam Recruitment examination for Grade III and IV posts

আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত চিৰাঙৰ 43 টা কেন্দ্ৰত সহস্ৰাধিক নিযুক্তি প্ৰত্যাশী বহিল পৰীক্ষাত (Recruitment examination in Chirang District) ৷ কঠোৰ নীতি-নিৰ্দেশনাৰ মাজেৰে অনুষ্ঠিত হৈছে পৰীক্ষাসমূহ (Rules in Assam recruitment Examination) ৷ আৰক্ষী অধীক্ষকে নিজেই পৰ্যৱেক্ষণ কৰিছে পৰীক্ষা কেন্দ্ৰসমূহ ৷

চিৰাং,21 আগষ্ট: অসমৰ ২৫ খন জিলাৰ লগতে চিৰাং জিলাতো অনুষ্ঠিত হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ লিখিত পৰীক্ষা (Assam Recruitment examination for Grade III and IV posts)। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত এজন উপ পৰিদৰ্শক সহ ১০-১১ জনকৈ আৰক্ষী জোৱান নিয়োগ কৰিছে জিলা আৰক্ষী প্ৰশাসনে (Rules in Assam recruitment Examination)।

কটকটীয়া নিৰাপত্তাৰ মাজেৰে চিৰাঙৰ 43 টা কেন্দ্ৰত ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষা
Assam Recruitment examination for Grade III and IV posts

চিৰাঙত আগবেলা ৩৪ টা কেন্দ্ৰত ২১ হেজাৰ নিযুক্তি প্ৰত্যাশী আৰু পিছবেলা ৯ টা কেন্দ্ৰত ৪ হেজাৰ নিযুক্তি প্ৰত্যাশীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে বৃহৎ নিযুক্তি পৰীক্ষাটোত অৱতীৰ্ণ হ’ব । জিলা আৰক্ষী অধীক্ষক প্ৰাঞ্জিত বৰাই পৰীক্ষা কেন্দ্ৰসমূহ পৰ্যৱেক্ষণ কৰাৰ লগতে পৰীক্ষা সুচাৰুৰূপে সম্পন্ন হোৱাৰ ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰখা পৰিলক্ষিত হৈছে (Assam recruitment Examination rules)।

পৰীক্ষা কেন্দ্ৰত যাতে কোনো ধৰণৰ বিধি-নিষেধাজ্ঞা জাৰি কৰা সামগ্ৰী পৰিক্ষাৰ্থীয়ে লৈ যাব নোৱাৰে তাৰ বাবে প্ৰৱেশ দ্বাৰবোৰত কটকটীয়া তালাচীৰ ব্যৱস্থা কৰিছে আৰক্ষী প্ৰশাসনে (Assam Recruitment Examination 2022) ।

কটকটীয়া নিৰাপত্তাৰ মাজেৰে চিৰাঙৰ 43 টা কেন্দ্ৰত ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষা

আনফালে, ৰাতিপুৱা ঠিক দহ বজাৰ লগে লগে জিলাখনত কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱা (Internet services suspended in Chirang) ৷


লগতে পঢ়ক: ৰাজ্যৰ নিযুক্তিৰ বাছনি পৰীক্ষাত হিন্দী ভাষা ব্যৱহাৰৰ বিৰোধিতাৰে ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান তৃণমূল কংগ্ৰেছৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.