ETV Bharat / state

ৰাজ্যৰ নিযুক্তিৰ বাছনি পৰীক্ষাত হিন্দী ভাষা ব্যৱহাৰৰ বিৰোধিতাৰে ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান তৃণমূল কংগ্ৰেছৰ

author img

By

Published : Aug 20, 2022, 8:57 PM IST

Hindi language in Assam recruitment exam
বাছনি পৰীক্ষাত হিন্দী ভাষা ব্যৱহাৰৰ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান তৃণমূল কংগ্ৰেছৰ

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে হ'বলগীয়া লিখিত পৰীক্ষাত হিন্দী প্ৰশ্নকাকত প্ৰৱৰ্তনৰ বিৰোধিতা অসম তৃণমূল কংগ্ৰেছৰ । হিন্দী প্ৰশ্ন কাকত বাতিলৰ দাবীৰে শনিবাৰে ৰাজ্যপাল জগদীশ মুখীক স্মাৰক পত্ৰ প্ৰদান কৰে ৰিপুণ বৰাৰ নেতৃত্বত যোৱা অসম তৃণমূল কংগ্ৰেছৰ ৬ জনীয়া এটা প্ৰতিনিধি দলে (Hindi language in recruitment exam for 3rd and 4th grade post)।

গুৱাহাটী, ২০ আগষ্ট: অসম চৰকাৰৰ আগন্তুক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে হ'বলগীয়া লিখিত পৰীক্ষাত হিন্দী প্ৰশ্নকাকত প্ৰৱৰ্তনৰ(Hindi language in Assam recruitment exam) সিদ্ধান্তৰ বিৰোধিতা অসম তৃণমূল কংগ্ৰেছৰ । সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত যোৱা অসম তৃণমূল কংগ্ৰেছৰ ৬ জনীয়া এটা প্ৰতিনিধি দলে এই সন্দৰ্ভত ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে (Memorandum against Hindi language in recruitment exam)।

বাছনি পৰীক্ষাত হিন্দী ভাষা ব্যৱহাৰৰ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান তৃণমূল কংগ্ৰেছৰ

স্মাৰক পত্ৰৰ জৰিয়তে অসমৰ নিবনুৱা যুৱক-যুৱতীক অধিক সুযোগ প্ৰদানৰ স্বাৰ্থত আগষ্ট মাহৰ ২১, ২৮ আৰু ১১ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া উক্ত পৰীক্ষাৰ পৰা হিন্দী প্ৰশ্নকাকত বাতিল কৰিবলৈ দাবী জনায় । অসমৰ নিবনুৱা সমস্যাই ব্যাপক ৰূপ ধাৰণ কৰা সময়ত হিন্দী প্ৰশ্নকাকত প্ৰৱৰ্তন কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্ত যুৱ প্ৰজন্ম বিৰোধী হঠকাৰী সিদ্ধান্ত বুলি উল্লেখ কৰে ৷

অসমৰ যুৱক-যুৱতীক বঞ্চিত কৰি বহিঃৰাজ্যৰ চাকৰি প্ৰাৰ্থীকহে উপকৃত কৰিব বুলি উল্লেখ কৰা হয় সভাপতি ৰিপুণ বৰা(Assam TMC president Ripun Bora) স্বাক্ষৰিত স্মাৰক পত্ৰখনত । প্ৰতিনিধি দলটোত সভাপতি ৰিপুণ বৰাৰ লগত অসম তৃণমূল কংগ্ৰেছৰ নেতা ক্ৰমে দিলীপ কুমাৰ শৰ্মা, দিগন্ত ভূষণ বৰ্মন, মেহবুব হুছেইন, গজেন্দ্ৰ উপমান্য আৰু তড়িত চেটাৰ্জী উপস্থিত থাকে ।

লগতে পঢ়ক: আছু আৰু সাহিত্য সভাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.