ETV Bharat / city

ফাকুৱাৰ আনন্দত মতলীয়া ধুবুৰী

author img

By

Published : Mar 18, 2022, 10:34 PM IST

Updated : Mar 18, 2022, 10:48 PM IST

আজি ৰঙৰ উৎসৱ ফাকুৱা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা । এইবেলি ৰাজীৱ গান্ধী শিশু উদ্যানত অনুষ্ঠিত হোৱা এই শোভাযাত্ৰাত অংশ লয় বিজেপি বিধায়ক ৰাম কৃষ্ণ ঘোষে (MLA Ramkrishna Ghosh celebrate holi in Dhubri) ৷

mla-ramkrishna-ghosh-celebrate-holi-in-dhubri
ফাকুৱাৰ আনন্দত মতলীয়া ধুবুৰী

ধুবুৰী, 18 মাৰ্চ : আবিৰৰ ৰঙত ৰঙীণ হৈ পৰিল সমগ্ৰ ৰাজ্য (Holi in Assam) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰো ভিন্নস্থানত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা (Holi celebration in Dhubri) । এইবেলি ধুবুৰীৰ নৃত্যাংগণ নামৰ সাংস্কৃতিক সংস্থাৰ উদ্যোগত উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা ।

ফাকুৱাৰ আনন্দত মতলীয়া ধুবুৰী

ৰাজীৱ গান্ধী শিশু উদ্যানত অনুষ্ঠিত হোৱা এই শোভাযাত্ৰাত অংশ লয় বিজেপি বিধায়ক ৰাম কৃষ্ণ ঘোষে (MLA Ramkrishna Ghosh celebrate holi in Dhubri) । ফাকুৱাৰ এই পবিত্ৰ দিনটোতে আবিৰৰ ৰঙে সকলোৰে মন প্ৰাণ ৰঙীন কৰি তোলাৰ কামনা কৰে বিধায়ক গৰাকীয়ে । ইপিনে, 75তম স্বৰাজ উদযাপন সমিতিৰ উদ্যোগত ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত অনুষ্ঠিত হয় আন এখন সাংস্কৃতিক অনুষ্ঠান ।

বিভিন্ন সাংস্কৃতিক গোষ্ঠীৰ নৃত্যানুষ্ঠানৰ মাজতে পিছত অনুষ্ঠানত সংগীত পৰিৱেশন কৰে বিশিষ্ট সংগীত শিল্পী দীক্ষুয়ে ৷ এই অনুষ্ঠানৰ পাছতেই টেকেলি ভঙা খেল অনুষ্ঠিত কৰা হয় । শুকুৰবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিজেপিৰ কেইবাগৰাকী নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক : Rajya Sabha Election: ৰাজ্যসভাৰ এখন আসনত বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

Last Updated : Mar 18, 2022, 10:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.